1. {এটি সঙ্গীত। কোৰহৰ বংশৰ ৰচিত গীত। } [QS]আমাৰ ঈশ্বৰৰ নগৰত, তেওঁৰ পবিত্ৰ পৰ্ব্বতত, [QE][QS]যিহোৱা মহান আৰু অতীব প্রশংসাৰ যোগ্য, [QE]
2. [QS]উত্তৰপ্রান্তত স্থিত সেই চিয়োন পৰ্ব্বত; [QE][QS]ওখ টিলাৰ ওপৰত মহান ৰজাৰ সেই নগৰ দেখিবলৈ সুন্দৰ; [QE][QS]গোটেই পৃথিবীকে আনন্দ দিয়ে। [QE]
3. [QS]ঈশ্বৰে সেই চহৰৰ অট্টালিকাবোৰৰ মাজত [QE][QS]নিজক দুৰ্গ স্বৰূপে প্রকাশ কৰিছে। [QE]
4. [QS]ৰজাসকলে একগোট হ’ল আৰু একেলগে আগুৱাই গ’ল। [QE]
5. [QS]তেওঁলোকে সেই নগৰ দেখি আতংকিত হ’ল; [QE][QS]তেওঁলোক বিহ্বল হৈ পলাই গ’ল। [QE]
6. [QS]সেই ঠাইত ভয়তে তেওঁলোকৰ কঁপনি উঠিছিল, [QE][QS]প্রসৱকাৰিনী মহিলাৰ দৰে যন্ত্রণা হৈছিল। [QE]
7. [QS]যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, [QE][QS]তেনেকৈ তেওঁলোকক ভাঙিলে। [QE]
8. [QS]বাহিনীসকলৰ যিহোৱাৰ নগৰত, আমাৰ ঈশ্বৰৰ নগৰত; [QE][QS]আমি যি শুনিছিলোঁ, তাকে দেখিলোঁ; [QE][QS]দেখিলোঁ, ঈশ্বৰে নগৰখন চিৰকালৰ কাৰণে স্থাপন কৰিব। (চেলা) [QE]
9. [QS]হে ঈশ্বৰ, তোমাৰ মন্দিৰৰ ভিতৰত, আমি তোমাৰ গভীৰ প্রেমৰ কথা ধ্যান কৰোঁ। [QE]
10. [QS]হে ঈশ্বৰ, তোমাৰ প্ৰশংসাৰ দৰেই তোমাৰ নাম পৃথিৱীৰ শেষ সীমা পর্যন্ত আছে। [QE][QS]তোমাৰ সোঁ হাত ধার্মিকতাৰে পৰিপূর্ণ। [QE]
11. [QS]তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন পৰ্ব্বতে আনন্দ কৰক, [QE][QS]যিহূদাৰ নগৰবোৰ [* জীয়ৰীসকল উল্লাসিত হোৱা ] উল্লাস কৰা। [QE]
12. [QS]তোমালোকে চিয়োনৰ চাৰিওফালে ঘূৰা, [QE][QS]আহাঁ, তাৰ কোঁঠবোৰ গণনা কৰা। [QE]
13. [QS]তাৰ প্রাচীৰবোৰ লক্ষ্য কৰা; [QE][QS]তাৰ ৰাজ-অট্টালিকাবোৰ ঘূৰি চোৱা [QE][QS]যাতে তোমালোকে সেই কথা তোমালোকৰ ভাৱী সন্তান সকলক ক’ব পাৰা। [QE]
14. [QS]এই ঈশ্বৰ, আমাৰ অনন্তকালৰ ঈশ্বৰ; তেওঁ চিৰকাললৈকে আমাৰ পথদৰ্শক হ’ব। [QE]