1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: কোৰহৰ বংশৰ মচকীল নামৰ গীত। } [QS]হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; [QE][QS]পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, [QE][QS]সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে। [QE]
2. [QS]তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; [QE][QS]সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। [QE][QS]তুমি সেই সকলো লোকক নাশ কৰিলা, [QE][QS]কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা। [QE]
3. [QS]তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, [QE][QS]নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; [QE][QS]কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; [QE][QS]কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল। [QE]
4. [QS]তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা। [QE]
5. [QS]আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; [QE][QS]আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম। [QE]
6. [QS]মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, [QE][QS]মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে। [QE]
7. [QS]কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা। [QE]
8. [QS]ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; [QE][QS]চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা) [QE]
9. [QS]কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; [QE][QS]আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা। [QE]
10. [QS]শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; [QE][QS]আমাক শত্রুবোৰে আমাক লুট কৰিছে। [QE]
11. [QS]তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; [QE][QS]জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা। [QE]
12. [QS]তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, [QE][QS]তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা। [QE]
13. [QS]ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; [QE][QS]চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা। [QE]
14. [QS]অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; [QE][QS]লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা। [QE]
15. [QS]ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে; [QE]
16. [QS]মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, [QE][QS]শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে, [QE]
17. [QS]আমালৈ এই সকলো ঘটিল; [QE][QS]তথাপি আমি তোমাক পাহৰা নাই, [QE][QS]অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই। [QE]
18. [QS]তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; [QE][QS]তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই। [QE]
19. [QS]তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, [QE][QS]মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা। [QE]
20. [QS]আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, [QE][QS]নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো, [QE]
21. [QS]তেন্তে ঈশ্বৰে জানো তাক নাজানিব? [QE][QS]কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে। [QE]
22. [QS]কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; [QE][QS]আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ। [QE]
23. [QS]হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? [QE][QS]জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা! [QE]
24. [QS]তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? [QE][QS]আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা? [QE]
25. [QS]আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, [QE][QS]আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26. উঠি আহা, আমাক সহায় কৰা; [QE][QS]তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা। [QE]