1. {বিবেচনা নকৰাকৈ জামিন হোৱা, আৰু এলাহ আদি নিষেধ। } [QS]হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, [QE][QS]তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা, [QE]
2. [QS]তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, [QE][QS]আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা। [QE]
3. [QS]হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; [QE][QS]কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। [QE][QS]যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা। [QE]
4. [QS]তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, [QE][QS]আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা। [QE]
5. [QS]হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, [QE][QS]আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা। [QE]
6. [QS]হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, [QE][QS]সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা। [QE]
7. [QS]সিহঁতৰ কোনো অধিপতি, [QE][QS]কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই, [QE]
8. [QS]তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, [QE][QS]আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়। [QE]
9. [QS]হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? [QE][QS]আৰু কেতিয়া টোপনিৰ পৰা উঠিবা? [QE]
10. [QS]“আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, [QE][QS]আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”- [QE]
11. [QS]তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, [QE][QS]আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব। [QE]
12. [QS]এজন অপদাৰ্থ[* অপদাৰ্থ নিষ্কৰ্মা ] ব্যক্তি, এজন পাপী লোক- [QE][QS]কটু কথাৰ দ্বাৰাই জীয়াই থাকে। [QE]
13. [QS]তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, [QE][QS]আৰু আঙুলিৰে ইঙ্গিত কৰে। [QE]
14. [QS]তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, [QE][QS]তেওঁ সদায় বিবাদক আলোড়িত কৰে, [QE]
15. [QS]সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; [QE][QS]তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে। [QE]
16. [QS]যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, [QE][QS]সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক। [QE]
17. [QS]গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, [QE][QS]নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত, [QE]
18. [QS]বেয়া পৰিকল্পনা কৰা হৃদয়, [QE][QS]বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি, [QE]
19. [QS]মিছা কথা ব্যক্ত কৰা সাক্ষী, [QE][QS]আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক। [QE]
20. [QS]হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, [QE][QS]আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা। [QE]
21. [QS]সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, [QE][QS]আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা। [QE]
22. [QS]তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, [QE][QS]তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, [QE][QS]আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব। [QE]
23. [QS]কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, [QE][QS]নেতিবাচক অনুশাসন জীৱনৰ পথ হয়। [QE]
24. [QS]অসৎ মহিলাৰ পৰা, [QE][QS]আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে, [QE]
25. [QS]তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, [QE][QS]আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা। [QE]
26. [QS]বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, [QE][QS]কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে। [QE]
27. [QS]কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, [QE][QS]জুই ৰাখিব পাৰে নে? [QE]
28. [QS]কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, [QE][QS]জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে? [QE]
29. [QS]সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, [QE][QS]সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে। [QE]
30. [QS]চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, [QE][QS]লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে; [QE]
31. [QS]কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, [QE][QS]আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব। [QE]
32. [QS]যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস[† সহবাস ব্যভিচাৰ ] কৰে তেওঁ জ্ঞানশূন্য; [QE][QS]যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে। [QE]
33. [QS]তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; [QE][QS]আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব। [QE]
34. [QS]কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; [QE][QS]তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়। [QE]
35. [QS]তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; [QE][QS]আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা। [QE]