1. {বেশ্যাৰ ওচৰলৈ যোৱা নিষেধ। } [QS]হে মোৰ পুত্র, মোৰ প্রজ্ঞালৈ মনোযোগ দিয়া; [QE][QS]সাৱধানতাৰে মোৰ তাৎপর্যপূৰ্ণ কথা শুনা। [QE]
2. [QS]সেয়ে তুমি সুবিবেচনা শিকিব পাৰিবা; [QE][QS]আৰু তোমাৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব পাৰিব। [QE]
3. [QS]কিয়নো ব্যভিচাৰিণীৰ ওঁঠৰ পৰা টোপে টোপে মৌ বৰষে, [QE][QS]আৰু তেওঁৰ মুখৰ কথা তেলতকৈয়ো মসৃণ। [QE]
4. [QS]কিন্তু শেষত তেওঁ চোকা তৰোৱালে কটাৰ দৰে কাটে। [QE][QS]তিতা উদ্ভিদৰ দৰে হয়, [QE]
5. [QS]তেওঁৰ ভৰি মৃত্যুলৈ নামি যায়, [QE][QS]তেওঁ খোজ দিয়া সকলো পথ চিয়োললৈ যায়। [QE]
6. [QS]তেওঁ জীৱন পথত কোনো চিন্তা নকৰে; [QE][QS]তেওঁৰ খোজ আচৰ্যজনক, [QE][QS]তেওঁ ক’লৈ গৈ আছে তেওঁ নাজানে। [QE]
7. [QS]আৰু এতিয়া, হে মোৰ পুত্রসকল, মোৰ কথা শুনা, [QE][QS]মোৰ মুখৰ বাক্য শুনাৰ পৰা বিমুখ নহবা। [QE]
8. [QS]তেওঁৰ পৰা তোমাৰ পথ দূৰত ৰাখা; [QE][QS]তেওঁৰ ঘৰৰ দুৱাৰৰ ওচৰলৈ নাযাবা। [QE]
9. [QS]নহ’লে তোমাৰ সন্মান অন্যলোকক এৰি দিব লাগিব, [QE][QS]আৰু তোমাৰ জীৱনৰ বছৰবোৰ নিৰ্দয় ব্যক্তিক দিব লাগিব। [QE]
10. [QS]তোমাৰ সম্পত্তি অচিনাকী লোকে ভোগ কৰিব; [QE][QS]আৰু তোমাৰ পৰিশ্ৰমৰ ফল অচিনাকী লোকৰ ঘৰলৈ যাব। [QE]
11. [QS]আৰু তোমাৰ জীৱনৰ শেষত তুমি আৰ্তনাদ কৰিবা; [QE][QS]তোমাৰ যেতিয়া শৰীৰ আৰু মাংস ক্ষয় হ’ব, [QE]
12. [QS]তুমি ক’বা, “মই কেনেকৈ শাসন প্রণালীক ঘিণ কৰিছিলোঁ। [QE][QS]আৰু মোৰ অন্তৰে অনুযোগ হেয়জ্ঞান কৰিলে। [QE]
13. [QS]মই মোৰ শিক্ষকসকলক মানিচলা নাছিলো, [QE][QS]বা মোক দিয়া উপদেশ নুশুনিলোঁ। [QE]
14. [QS]সমাজ আৰু সমবেত লোকসকলৰ মাজত [QE][QS]মই প্ৰায় সম্পূৰ্ণ ধ্বংস হলোঁ। [QE]
15. [QS]তুমি তোমাৰ নিজৰ পুখুৰীৰ পানী খোৱা, [QE][QS]আৰু তোমাৰ নিজৰ নাদৰ পৰা ওলাই থকা পানী পান কৰা। [QE]
16. [QS]তোমাৰ ভুমুকবোৰ চাৰিওফালে প্লাৱিত হ’ব লাগে নে? [QE][QS]আৰু তোমাৰ জুৰিৰ পানী জনসাধৰণৰ মাজলৈ বৈ যাব লাগে নে? [QE]
17. [QS]সেইবোৰ কেৱল তোমাৰ নিজৰ বাবেই হওক, [QE][QS]আৰু তোমাৰ সৈতে থকা অচিনাকী লোকৰ বাবে নহওক। [QE]
18. [QS]তোমাৰ ভুমুক আশীৰ্ব্বাদযুক্ত হওক; [QE][QS]তুমি তোমাৰ যৌৱন কালৰ ভাৰ্যাত আনন্দ কৰা। [QE]
19. [QS]কাৰণ তেওঁ মৰমীয়াল হৰিণী আৰু লাবন্যময়ী মৃগ, [QE][QS]তেওঁৰ স্তনৰ দ্বাৰাই সকলো সময়ত তুমি তৃপ্ত হোৱা, [QE][QS]আৰু তেওঁৰ প্ৰেমতেই সদায় মত্ত থাকা। [QE]
20. [QS]কিয়নো হে মোৰ পুত্র, তুমি ব্যভিচাৰিণীত কিয় মত্ত হবা? [QE][QS]আৰু তুমি অচিনাকী মহিলাৰ বুকু কিয় সাৱটি ধৰিবা? [QE]
21. [QS]কিয়নো মানুহে কৰা সকলো কাম যিহোৱাই চাই, [QE][QS]আৰু তেওঁ তাৰ সকলো পথ পৰ্যবেক্ষণ কৰে। [QE]
22. [QS]এজন দুষ্ট লোক নিজৰ অপৰাধতে ধৰা পৰে; [QE][QS]তেওঁক নিজৰ পাপৰূপ জৰীয়ে বান্ধি ৰাখে। [QE]
23. [QS]নিয়মানুবৰ্ত্তিতাৰ অভাৱত তেওঁৰ মৃত্যু হয়; [QE][QS]তেওঁৰ অজ্ঞানতাৰ কাৰণে তেওঁ বিপথে যায়। [QE]