1. {ৰজা লমুৱেলৰ নীতি বাক্য। }
2. [PS]ৰজা লমুৱেলৰ বাক্য; তেওঁৰ মাতৃয়ে তেওঁক ঈশ্বৰীয় বচন শিক্ষা দিয়া। [PE][QS]মোৰ পুত্র কি? আৰু মোৰ গৰ্ভৰ পৰা জন্মা পুত্ৰ কি? [QE][QS]আৰু মোৰ সঙ্কল্পৰ পুত্র কি? [QE]
3. [QS]তোমাৰ শক্তি মহিলাক নিদিবা, [QE][QS]আৰু ৰজাক ধ্বংস কৰা সকলৰ পথত নচলিবা। [QE]
4. [QS]হে লমুৱেল, এইটো ৰজাসকলৰ বাবে নহয়, ৰজাসকলৰ বাবে সুৰা পান কৰা উপযুক্ত নহয়; [QE][QS]অথবা “সুৰা ক’ত আছে?” বুলি শাসনকৰ্ত্তাই সোধা অনুচিত; [QE]
5. [QS]তেওঁলোকে পান কৰিব আৰু বিধানত কি আছে তাক পাহৰিব, [QE][QS]আৰু সকলো দুৰ্দশাগ্রস্ত লোকৰ অধিকাৰক বিপথগামী কৰিব। [QE]
6. [QS]বিনাশলৈ যোৱা জনক সুৰা দিয়া, [QE][QS]আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা। [QE]
7. [QS]তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, [QE][QS]আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব। [QE]
8. [QS]কথা ক’ব নোৱাৰা সকলৰ বাবে কথা কোৱা, [QE][QS]বিনাশ হোৱা সকলৰ কাৰণ সমূহৰ বাবে কথা কোৱা। [QE]
9. [QS]আৰু ন্যায়ৰ জোখেৰে বিচাৰ কৰা, [QE][QS]আৰু দৰিদ্ৰ আৰু অভাৱী লোকৰ বাবে আত্মসমৰ্থন কৰা। [QE]
10. {গুণৱতী স্ত্ৰীৰ বৰ্ণনা। } [QS]প্রতিভাসম্পন্ন ভাৰ্যা কোনে বিচাৰি পায়? [QE][QS]মূল্যবান ৰত্নতকৈ তেওঁৰ মূল্য অতি অধিক। [QE]
11. [QS]তেওঁৰ স্বামীৰ হৃদয়ে তেওঁত বিশ্বাস কৰে, [QE][QS]আৰু তেওঁৰ স্বামীৰ কেতিয়াও অভাৱ নহয়। [QE]
12. [QS]তেওঁ স্বামীৰ বাবে ভাল কাৰ্য কৰে, বেয়া কাৰ্য নকৰে। [QE]
13. [QS]তেওঁ ঊণ আৰু শণ সূতা বাচি লয়, [QE][QS]আৰু সেই সূতাৰে নিজ হাতেৰে আনন্দেৰে কাম কৰে। [QE]
14. [QS]তেওঁ বণিকৰ জাহাজৰ দৰে, [QE][QS]তেওঁ বহুত দূৰৰ পৰা নিজৰ খোৱা বস্তু আনে, [QE]
15. [QS]তেওঁ ৰাতিপুৱা নহওঁতেই সাৰ পায়, [QE][QS]আৰু ঘৰৰ সকলোকে খাবলৈ আহাৰ দিয়ে, [QE][QS]আৰু তেওঁ নিজৰ দাসীসকলক কাম ভগাই দিয়ে। [QE]
16. [QS]তেওঁ খেতি পথাৰৰ বিষয়ে বিবেচনা কৰে, আৰু মাটি কিনি লয়; [QE][QS]তেওঁ নিজৰ হাতৰ শ্ৰমৰ ফলেৰে দ্ৰাক্ষাবাৰী পাতে। [QE]
17. [QS]তেওঁ নিজৰ শক্তিৰে পোচাক পৰিধান কৰে, [QE][QS]আৰু নিজৰ বাহু বলৱান কৰে। [QE]
18. [QS]তেওঁৰ বাবে লাভ জনক, তেওঁ তেনে বিষয় চিন্তা কৰে, [QE][QS]আৰু গোটেই ৰাতি তেওঁৰ চাকি নুনুমায়।
19. তেওঁ টাকুৰি ঘুৰাবলৈ নিজৰ হাত মেলে, [QE][QS]আৰু তেওঁ সূতা ঘূৰাই হাত দাঙি ৰাখে। [QE]
20. [QS]তেওঁ দৰিদ্ৰ লোকলৈ নিজৰ হাত মুকলি কৰে, [QE][QS]অভাবি লোকলৈ তেওঁ নিজৰ হাত মেলে। [QE]
21. [QS]তেওঁ নিজৰ ঘৰৰ লোকৰ বাবে হিম পৰালৈ ভয় নকৰে; [QE][QS]তেওঁৰ ঘৰৰ সকলো লোকে ৰঙা বৰণীয়া কাপোৰ পিন্ধে। [QE]
22. [QS]তেওঁ নিজৰ বিছনাৰ বাবে বিছনা চাদৰ প্রস্তুত কৰে; [QE][QS]তেওঁ মিহি শণ সুতাৰ বেঙুনীয়া ৰঙৰ পোচাক পিন্ধে। [QE]
23. [QS]যেতিয়া তেওঁ দেশত বৃদ্ধসকলৰ লগত বহে, [QE][QS]তেতিয়া তেওঁৰ স্বামী সকলোৰে পৰিচিত হয়; [QE]
24. [QS]তেওঁ শণ সুতাৰ বস্ত্ৰ প্ৰস্তুত কৰে, আৰু বিক্রী কৰে, [QE][QS]আৰু তেওঁ ব্যৱসায়ী সকলক পাগুৰিৰ কাপোৰ যোগান ধৰে। [QE]
25. [QS]তেওঁ বল আৰু সন্মানেৰে পোচাক পিন্ধে; [QE][QS]তেওঁ আহিব লগা দিনৰ বাবে নিশ্চিন্ত হৈ হাঁহে। [QE]
26. [QS]তেওঁ প্ৰজ্ঞাৰ কথা ক’বলৈ নিজৰ মুখ মেলে; [QE][QS]আৰু তেওঁৰ জিভাত দয়াৰ শিক্ষা থাকে। [QE]
27. [QS]তেওঁ নিজৰ ঘৰৰ লোকসকলৰ চালচলনলৈ দৃষ্টি ৰাখে, [QE][QS]আৰু তেওঁ এলেহুৱাৰ আহাৰ নাখায়। [QE]
28. [QS]তেওঁৰ সন্তান সকলে সাৰ পায়, আৰু যি বস্তুৱে সিহঁতক সুখী কৰিব পাৰে, তেনে তেওঁ সিহঁতক দিয়ে। [QE][QS]তেওঁৰ স্বামীয়ে তেওঁক প্ৰশংসা কৰি কয়, [QE]
29. [QS]“অনেক জীয়েকে ভাল কাৰ্য কৰে, [QE][QS]কিন্তু তুমি তেওঁলোক সকলোকে অতিক্রম কৰিলা।” [QE]
30. [QS]সৌন্দৰ্য বিভ্রান্তিকৰ, লাৱণ্য মূল্যহীন, [QE][QS]কিন্তু যিহোৱালৈ ভয় ৰখা মহিলা প্ৰশংসনীয়। [QE]
31. [QS]তেওঁৰ হাতৰ শ্রম অনুসাৰে তেওঁক ফল দিয়া, [QE][QS]আৰু দুৱাৰত তেওঁৰ কামবোৰক প্রশংসা কৰা। [QE]