1. {#1সাধুতা মঙ্গলজনক } [QS]হে মোৰ পুত্র, মোৰ আদেশবোৰ নাপাহৰিবা, [QE][QS]আৰু তোমাৰ হৃদয়ত মোৰ শিক্ষাবোৰ পালন কৰিবা। [QE]
2. [QS]কাৰণ এইবোৰৰ দ্বাৰাই তোমাৰ জীৱনৰ আয়ুস আৰু বছৰবোৰ বৃ্দ্ধি পাব, [QE][QS]আৰু জীৱনত শান্তি লাভ কৰিবা। [QE]
3. [QS]বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ত্যাগ নকৰক; [QE][QS]দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, [QE][QS]আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা। [QE]
4. [QS]তেতিয়া তুমি ঈশ্বৰ আৰু মানুহৰ দৃষ্টিত [QE][QS]অনুগ্ৰহ আৰু সুযশস্যা পাবা। [QE]
5. [QS]তুমি সমস্ত মনেৰে সৈতে যিহোৱাক বিশ্বাস কৰা; [QE][QS]আৰু তোমাৰ নিজৰ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। [QE]
6. [QS]তোমাৰ সকলো পথত তেওঁক স্বীকাৰ কৰিবা, [QE][QS]আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব। [QE]
7. [QS]তুমি নিজৰ দৃষ্টিত নিজে জ্ঞানী নহ’বা; [QE][QS]যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ। [QE]
8. [QS]ই তোমাৰ শৰীৰ সুস্থ কৰিব, [QE][QS]আৰু তোমাৰ দেহলৈ সতেজতা আনিব। [QE]
9. [QS]আৰু তোমাৰ সম্পত্তিৰে, [QE][QS]আৰু তোমাৰ সকলো উৎপাদনৰ প্রথম ফলৰ সৈতে যিহোৱাক সমাদৰ কৰা। [QE]
10. [QS]সেয়ে তোমাৰ ভঁৰালবোৰ পৰিপূৰ্ণ হ’ব, [QE][QS]আৰু তোমাৰ দ্ৰাক্ষাৰসৰ পাত্র নতুন দ্ৰাক্ষাৰসেৰে উপচি পৰিব। [QE]
11. [QS]হে মোৰ পুত্র, যিহোৱাৰ নিয়ম প্রণালী হেয়জ্ঞান নকৰিবা; [QE][QS]আৰু তেওঁৰ অনুযোগ হেয়জ্ঞান নকৰিবা। [QE]
12. [QS]পিতৃক সন্তুষ্ট কৰা পুত্রক যেনেকৈ পিতৃয়ে প্রেম কৰে; [QE][QS]ঈশ্বৰেও যি জনক প্ৰেম কৰে, সেই জনক তেনেকৈ অনুযোগ কৰে। [QE]
13. [QS]যি মানুহে প্রজ্ঞা লাভ কৰে তেওঁ সুখী হয়, [QE][QS]আৰু তেওঁ সুবিবেচনাও লাভ কৰে। [QE]
14. [QS]ৰূপৰ পৰিৱৰ্তে পোৱা লাভতকৈ প্ৰজ্ঞাৰ পৰা পোৱা লাভ উত্তম। [QE][QS]আৰু ইয়াৰ লাভ সোণতকৈও উত্তম। [QE]
15. [QS]প্রজ্ঞা অলঙ্কাৰতকৈয়ো বহুমূলীয়া; [QE][QS]আৰু তোমাৰ অভিলাষৰ কোনো বস্তুকেই প্রজ্ঞাৰ লগত তুলনা কৰিব নোৱাৰি। [QE]
16. [QS]তেওঁৰ সোঁ হাতত দীৰ্ঘদিনবোৰ আছে, [QE][QS]আৰু বাওঁহাত সমৃদ্ধিশালী আৰু সন্মানীয়। [QE]
17. [QS]তেওঁৰ পথবোৰ দয়াৰে পৰিপূৰ্ণ; [QE][QS]আৰু তেওঁৰ সকলো পথ শান্তিময়। [QE]
18. [QS]যিসকলে তেওঁক ধৰি ৰাখে, তেওঁলোকৰ বাবে তেওঁ জীৱনদায়ক বৃক্ষস্বৰূপ; [QE][QS]আৰু যি সকলে তেওঁক ধৰি ৰাখে তেওঁলোক সুখী। [QE]
19. [QS]যিহোৱাই প্রজ্ঞাৰ দ্বাৰাই পৃথিৱী স্থাপন কৰিলে, [QE][QS]আৰু সুবুদ্ধিৰ দ্বাৰাই আকাশ-মণ্ডল প্রতিষ্ঠা কৰিলে। [QE]
20. [QS]তেওঁৰ জ্ঞানৰ দ্বাৰাই গভীৰ অংশ মুক্ত হ’ল; [QE][QS]আৰু ডাৱৰে নিয়ৰ বৰষালে। [QE]
21. [QS]হে মোৰ পুত্র, তুমি সেই সকলোকে তোমাৰ দৃষ্টিৰ পৰা আতৰ হ’বলৈ নিদিবা; [QE][QS]তুমি ন্যায় বিচাৰ আৰু বিচক্ষনতা ধৰি ৰাখিবা। [QE]
22. [QS]তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; [QE][QS]আৰু অনুগ্রহৰ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব। [QE]
23. [QS]তেতিয়া তুমি তোমাৰ পথত সুৰক্ষিত হৈ চলিব পাৰিবা; [QE][QS]আৰু তোমাৰ ভৰিয়ে উজুতি নাখাব। [QE]
24. [QS]তুমি শয়ন কৰাৰ সময়ত তোমাৰ ভয় নালাগিব; [QE][QS]তুমি যেতিয়া শুবা; [QE][QS]তেতিয়া তোমাৰ টোপনি সুমধুৰ হ’ব। [QE]
25. [QS]তুমি আকস্মিক বিপদলৈ [QE][QS]বা দুষ্টবোৰৰ দ্বাৰাই অহা বিনাশ আহিব, তেতিয়া তুমি ভয় নকৰিবা। [QE]
26. [QS]কাৰণ যিহোৱা তোমাৰ পক্ষত থাকিব; [QE][QS]আৰু তেওঁ তোমাৰ ভৰি ফান্দত নপৰাকৈ ৰাখিব। [QE]
27. [QS]তোমাৰ উপকাৰ কৰিবৰ সমৰ্থ থাকিলে, [QE][QS]যিসকলক উপকাৰৰ প্রয়োজন, তেওঁলোকক উপকাৰ নকৰাকৈ নাথাকিবা। [QE]
28. [QS]যেতিয়া তোমাৰ হাতত ধন থাকে, তেতিয়া ওচৰ চুবুৰীয়াক [QE][QS]“যোৱা, পুনৰ আহিবা, মই কাইলৈ তোমাক দিম,” এইদৰে নক’বা [QE]
29. [QS]যি জনে তোমাক বিশ্বাস কৰে আৰু তোমাৰ ওচৰত থাকে, [QE][QS]সেই ওচৰ চুবুৰীয়াক অনিষ্ট কৰিবলৈ পৰিকল্পনা নকৰিবা। [QE]
30. [QS]তেওঁ যেতিয়া তোমাৰ কোনো অনিষ্ট নকৰে, [QE][QS]তেতিয়া তেওঁৰ লগত বিনা কাৰণত তৰ্ক নকৰিবা। [QE]
31. [QS]উগ্র ব্যক্তিক ভয় নকৰিবা; [QE][QS]বা তেওঁৰ কোনো পথ অনুসৰণ নকৰিবা। [QE]
32. [QS]কাৰণ কুটিললোক যিহোৱাৰ ঘৃণনীয়; [QE][QS]কিন্তু তেওঁ ন্যায়নিষ্ঠ সকলৰ লগত তেওঁৰ আস্থা থাকে। [QE]
33. [QS]দুষ্ট লোকৰ ঘৰত যিহোৱাৰ শাও থাকে; [QE][QS]কিন্তু তেওঁ ধাৰ্মিকৰ নিবাসক আশীৰ্ব্বাদযুক্ত কৰে। [QE]
34. [QS]তেওঁ নিন্দকসকলক নিন্দা কৰে; [QE][QS]কিন্তু নম্ৰসকলক অনুগ্ৰহ দান কৰে। [QE]
35. [QS]জ্ঞানীসকল সন্মানৰ অধিকাৰী হয়; [QE][QS]কিন্তু অজ্ঞানী সকল তেওঁলোকৰ লাজতেই উর্ধ্বমুখী হ’ব। [QE]