1.
2. [PS]যিহূদাৰ ৰজা হিষ্কিয়াৰ লোক সকলে সংগ্ৰহ কৰা চলোমনৰ নীতিবাক্য এইবোৰ। [PE][QS]বিষয়সমূহ গোপন ৰখাই ঈশ্বৰৰ গৌৰৱ; [QE][QS]কিন্তু কথা অনুসন্ধান কৰি মুকলি কৰা ৰজাসকলৰ গৌৰৱ। [QE]
3. [QS]উচ্চতাৰ কাৰণে আকাশ, আৰু গভীৰতাৰ কাৰণে পৃথিৱী যিদৰে, [QE][QS]সেইদৰে ৰজাসকলৰ হৃদয় অনুসন্ধান কৰা নাযায়। [QE]
4. [QS]ৰূপৰ পৰা ধাতুমল দূৰ কৰা; [QE][QS]ধাতুৰ কাম কৰা জনে তেওঁৰ শিল্পকাৰ্যত ৰূপ ব্যৱহাৰ কৰিব পাৰে; [QE]
5. [QS]তাৰ উপৰিও ৰজাৰ সন্মুখৰ পৰা দুষ্টক দূৰ কৰা; [QE][QS]ন্যায় কাৰ্য কৰাৰ দ্বাৰাই তেওঁৰ সিংহাসন স্থাপিত হ’ব। [QE]
6. [QS]ৰজাৰ সন্মুখত নিজকে নিজে প্রশংসা নকৰিবা; [QE][QS]আৰু মহান লোকৰ বাবে ৰখা ঠাইত তুমি থিয় নহ’বা। [QE]
7. [QS]উচ্চপদস্থ ব্যক্তিৰ উপস্থিতিত অপদস্থ হোৱাতকৈ, [QE][QS]“ইয়ালৈ আহাঁ”, এই বুলি তেওঁ তোমাক কোৱা ভাল। [QE][QS]তোমাৰ সাক্ষ্য কি আছিল, [QE]
8. [QS]বিচাৰত বেগাই গৈ উপস্থিত নহ’বা; [QE][QS]কাৰণ যেতিয়া তোমাৰ চুবুৰীয়াই তোমাক লাজ দিব, [QE][QS]তেতিয়া শেষত তুমি কি কৰিবা? [QE]
9. [QS]তোমাৰ আৰু চুবুৰীয়াৰ মাজত হোৱা বিবাদ নিজেই বিচাৰ কৰা, [QE][QS]কিন্তু আন জনৰ গুপুত কথা প্ৰকাশ নকৰিবা; [QE]
10. [QS]তোমাৰ কথা যিজনে শুনে, তেওঁ তোমাক লাজত পেলাব, [QE][QS]আৰু দুষ্ট লোকে তোমাৰ বিষয়ে গোচৰ দিলে গুপুতে নাথাকিব। [QE]
11. [QS]ভাল কথা কোৱাটো [QE][QS]ৰূপত খটোৱা সোণৰ আপেলৰ দৰে, [QE]
12. [QS]শুদ্ধ সোণেৰে গঢ়া সোণৰ আঙঠি বা অলঙ্কাৰ যেনে, [QE][QS]জ্ঞানী লোকৰ অনুযোগ শুনা কাণো তেনে। [QE]
13. [QS]শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, [QE][QS]বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; [QE][QS]তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে; [QE]
14. [QS]বৰষুণ নোহোৱা মেঘ আৰু বতাহ যেনে, [QE][QS]মিছাকৈ দান দিছোঁ বুলি অহংকাৰ কৰা জনো তেনে। [QE]
15. [QS]ধৈৰ্যেৰে শাসনকৰ্ত্তাই প্ৰত্যয় জন্মাব পাৰে, [QE][QS]আৰু নম্র জিভাই হাড় ভাঙিব পাৰে। [QE]
16. [QS]তুমি যদি মৌ বিচাৰি পোৱা, যিমান প্ৰয়োজন সিমানহে খাবা; [QE][QS]নহ’লে মৌ অতিৰিক্ত খালে তুমি বমি কৰিবা। [QE]
17. [QS]তোমাৰ চুবুৰীয়াৰ ঘৰলৈ সঘনে নাযাবা, [QE][QS]তেওঁ তোমালৈ আমনি পাই তোমাক ঘিণ কৰিব। [QE]
18. [QS]যিজনে চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য দিয়ে, [QE][QS]তেওঁ যুদ্ধত ব্যৱহাৰ কৰা গদা, বা তৰোৱাল, বা তীক্ষ্ন কাঁড়ৰ দৰে। [QE]
19. [QS]বেয়া দাঁত অথবা পিছল খোৱা ভৰিৰ যেনে, [QE][QS]সঙ্কটৰ সময়ত অবিশ্বাসী লোকক বিশ্বাস কৰাও তেনে। [QE]
20. [QS]কোনো এজনে মনৰ বেজাৰত গীত গোৱা যেনে, [QE][QS]জাৰ কালিত কপোৰ সোলোকাই থোৱা মানুহ, [QE][QS]বা খাৰৰ ওপৰত দিয়া ভিনেগাৰো তেনে। [QE]
21. [QS]তোমাৰ শত্ৰু যদি ক্ষুধাতুৰ হয়, তেনেহ’লে তেওঁক আহাৰ খাবলৈ দিয়া; [QE][QS]আৰু তেওঁ যদি তৃষ্ণাতুৰ হয়, তেনেহ’লে তেওঁক পানী খাবলৈ দিয়া। [QE]
22. [QS]কিয়নো সেইদৰে কৰিলে, তুমি তেওঁৰ মুৰত জ্বলি থকা আঙঠা বেলচাৰে আঁতৰাই দিয়া হ’ব, [QE][QS]আৰু যিহোৱাই তোমাক পুৰস্কাৰ দিব। [QE]
23. [QS]উত্তৰৰ বতাহে যেনেকৈ বৃষ্টি আনে, [QE][QS]তেনেকৈ যিজনে গুপুত কথা কয় তেওঁৰ মুখমণ্ডল ঘৃণনীয়। [QE]
24. [QS]দ্বন্দুৰী মহিলাৰ সৈতে ঘৰত বাস কৰাতকৈ, [QE][QS]ঘৰৰ ছালৰ এচুকত থকাই ভাল। [QE]
25. [QS]তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, [QE][QS]দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে। [QE]
26. [QS]ঘোলা পানীৰ নিজৰা, বা নষ্ট হৈ যোৱা ভুমুক যেনে, [QE][QS]দুষ্ট লোকৰ সন্মুখত ভাল মানুহো থৰক-বৰক হোৱাও তেনে। [QE]
27. [QS]অধিককৈ মৌ খোৱা ভাল নহয়, [QE][QS]সেয়া সন্মানৰ ওপৰি সন্মান বিচৰা দৰে হয়। [QE]
28. [QS]যি জনে নিজৰ মনক দমন নকৰে, [QE][QS]তেওঁ গড় ভগা বা গড় নথকা নগৰৰ দৰে। [QE]