1. [QS]যেতিয়া তুমি কোনো শাসনকৰ্ত্তাৰ সৈতে ভোজনত বহা, [QE][QS]তেতিয়া তোমাৰ সন্মুখত কোন আছে সাৱধানে লক্ষ্য কৰিবা। [QE]
2. [QS]কাৰণ তুমি যদি অধিক আহাৰ খাবলৈ ভাল পোৱা, [QE][QS]তেনেহ’লে নিজৰ ডিঙিত নিজে ছুৰী দিবা। [QE]
3. [QS]তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা, [QE][QS]কিয়নো সেয়ে প্ৰবঞ্চক আহাৰ। [QE]
4. [QS]ধনী হ’বলৈ অধিক কষ্ট নকৰিবা, [QE][QS]কেতিয়া বন্ধ কৰিব লাগে সেই কথা জানিবলৈ যথেষ্ট জ্ঞানী হোৱা। [QE]
5. [QS]যেতিয়া তোমাৰ দৃষ্টি ধনত পৰে, সেয়ে গুচি যায়, [QE][QS]আৰু হঠাতে ডেউকা লগাই, [QE][QS]আৰু ঈগলৰ দৰে আকাশলৈ উৰি যায়। [QE]
6. [QS]তোমাৰ আহাৰলৈ কোনো লোকে বহু সময় চাই থাকিলে, পাপী মানুহৰ আহাৰ ভোজন নকৰিবা, [QE][QS]আৰু তেওঁৰ উত্তম খোৱা বস্তুলৈ হেঁপাহ নকৰিবা; [QE]
7. [QS]কাৰণ তেওঁ এনে এজন মানুহ যি তোমাৰ আহাৰৰ হিচাপ লয়। [QE][QS]তেওঁ তোমাক কয়, “ভোজন-পান কৰা!” [QE][QS]কিন্তু তেওঁৰ হৃদয় তোমাৰ সৈতে নাথাকে। [QE]
8. [QS]তুমি যি অলপ খাইছা, সেয়াও বমি কৰিবা, [QE][QS]আৰু তোমাৰ অভিনন্দন বৃথা হ’ব। [QE]
9. [QS]অজ্ঞানী লোকে শুনি থকাকৈ কথা নকবা; [QE][QS]কিয়নো তেওঁ তোমাৰ প্রজ্ঞাৰ কথা তুচ্ছ কৰিব। [QE]
10. [QS]পুৰণি সীমাৰ দেৱাল আতৰাই নিদিবা, [QE][QS]বা অনাথ সকলৰ পথাৰৰ সীমালঙ্ঘন নকৰিবা; [QE]
11. [QS]কিয়নো তেওঁলোকৰ মুক্তিকৰ্ত্তা বলৱান; [QE][QS]আৰু তেওঁ তোমাৰ বিৰুদ্ধে তেওঁলোকৰ হৈ প্ৰতিবাদ কৰিব। [QE]
12. [QS]তোমাৰ হৃদয়ে অনুশাসনলৈ মনোযোগ দিয়ক, [QE][QS]আৰু জ্ঞানৰ কথালৈ তোমাৰ কাণ পাতা। [QE]
13. [QS]সন্তানক শাস্তি দিবলৈ ত্রুটি নকৰিবা; [QE][QS]কিয়নো তুমি তাক চেকনীৰে কোবালে সি নমৰিব। [QE]
14. [QS]তুমি যদি তাক চেকনীৰে কোবোৱা, [QE][QS]তেনেহ’লে তুমি তাৰ আত্মা চিয়োলৰ পৰা ৰক্ষা কৰিবা। [QE]
15. [QS]হে মোৰ পুত্র, যদি তোমাৰ হৃদয় জ্ঞানী হয়, [QE][QS]তেনেহ’লে মোৰ হৃদয়ো আনন্দিত হ’ব; [QE]
16. [QS]যেতিয়া তোমাৰ ওঁঠে যথাৰ্থ কথা কয়, [QE][QS]তেতিয়া মোৰ অন্তঃকৰণ উল্লাসিত হয়। [QE]
17. [QS]তোমাৰ হৃদয়ে পাপীক ঈৰ্ষা নকৰক; [QE][QS]কিন্তু তুমি ওৰে দিনটো যিহোৱাৰ ভয়ত থাকা; [QE]
18. [QS]অৱশ্যে ইয়াত তোমাৰ ভবিষ্যত জড়িত হৈ আছে, [QE][QS]আৰু তোমাৰ আশা খণ্ডন কৰা নহব। [QE]
19. [QS]হে মোৰ পুত্র, শুনা আৰু জ্ঞানী হোৱা, [QE][QS]আৰু তোমাৰ হৃদয় সৰল পথত চলোৱা। [QE]
20. [QS]সুৰা প্রিয় লোকৰ সৈতে সহযোগী নহ’বা, [QE][QS]বা অধিক মাংস ভোজন কৰা সকলৰ সঙ্গী নহবা। [QE]
21. [QS]কাৰণ মতলীয়া আৰু খকুৱা লোক দৰিদ্ৰ হয়, [QE][QS]আৰু মানুহৰ টোপনিয়ে তেওঁলোকক ফটা বস্ত্র পিন্ধায়। [QE]
22. [QS]তোমাক জন্ম দিয়া পিতৃৰ কথা শুনা, [QE][QS]আৰু তোমাৰ মাতৃৰ বৃদ্ধা অৱস্থাত তেওঁক হেয়জ্ঞান নকৰিবা। [QE]
23. [QS]সত্যক কিনা, কিন্তু ইয়াক বিক্রী নকৰিবা; [QE][QS]প্রজ্ঞা, অনুশাসন, আৰু সুবিবেচনা কিনা। [QE]
24. [QS]ন্যায় কাৰ্য কৰা জনৰ পিতৃ অতিশয় উল্লাসিত হয়, [QE][QS]আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তেওঁৰ বাবে আনন্দ কৰিব। [QE]
25. [QS]তোমাৰ পিতৃ আৰু মাতৃক আনন্দিত হ’বলৈ দিয়া, [QE][QS]আৰু তোমাৰ জন্মদাতাক উল্লাসিত হ’ব দিয়া। [QE]
26. [QS]হে মোৰ পুত্র, তোমাৰ হৃদয় মোক দিয়া, [QE][QS]তোমাৰ চকুক মোৰ পথলৈ নিৰীক্ষণ কৰিবলৈ দিয়া। [QE]
27. [QS]কাৰণ বেশ্যা দ গাতৰ দৰে, [QE][QS]আৰু অন্য লোকৰ ভাৰ্যা ঠেক নাদৰ দৰে। [QE]
28. [QS]তেওঁ ডকাইতৰ দৰে খাপ দি থাকে, [QE][QS]আৰু মনুষ্যসকলৰ মাজত বিশ্বাসঘাতকতৰ দল বৃদ্ধি কৰে। [QE]
29. [QS]কাৰ দুৰ্দশা আছে? কাৰ দুখ আছে? কোনে কাজিয়া কৰে? [QE][QS]কোনে অভিযোগ কৰে? কোনে অকাৰণে মাৰ খায়? কাৰ চকু ৰঙা হয়? [QE]
30. [QS]যিসকলে বহুদিন দ্ৰাক্ষাৰসত লিপ্ত থাকে, [QE][QS]আৰু যিসকলে দ্ৰাক্ষাৰসৰ মিহলাবলৈ চেষ্টা কৰে। [QE]
31. [QS]যেতিয়া দ্ৰাক্ষাৰস ৰঙা হৈ থাকে, [QE][QS]পাত্ৰত দগমগায়, [QE][QS]আৰু সহজে পেটলৈ যায়, তেতিয়া তালৈ দৃষ্টি নকৰিবা। [QE]
32. [QS]শেষতে সেয়ে সাপৰ নিচিনাকৈ কামুৰিব, [QE][QS]আৰু বিষাক্ত সাপৰ দৰে ইয়াৰ দংশন। [QE]
33. [QS]তোমাৰ চকুৱে আচৰিত বস্তু দেখিব, [QE][QS]আৰু তোমাৰ হৃদয়ে মন্দ কথা কব; [QE]
34. [QS]প্রচণ্ড সমুদ্ৰৰ ওপৰত শোৱা জনৰ দৰে, [QE][QS]বা জাহাজৰ মাজস্থলৰ ওপৰত শোৱা লোকৰ দৰে হবা; [QE]
35. [QS]তুমি কবা, “তেওঁলোকে মোক মাৰিলে!” কিন্তু মই আঘাত পোৱা নাই, [QE][QS]তেওঁলোকে মোক প্ৰহাৰ কৰিলে, কিন্তু মই অনুভব কৰা নাই। [QE][QS]মই যেতিয়া সাৰ পাম? তেতিয়া মই পুনৰ দ্রাক্ষাৰস পান কৰিম।” [QE]