1. [QS]প্ৰচুৰ ধনতকৈয়ো সুনাম মনোনীত কৰা, [QE][QS]সোণ আৰু ৰূপতকৈ অনুগ্ৰহ উত্তম। [QE]
2. [QS]ধনী আৰু দৰিদ্ৰ লোক উভয়ৰে মাজত কোনো পাৰ্থক্য নাই, [QE][QS]তেওঁলোকৰ সকলোৰে সৃষ্টিকৰ্ত্তা যিহোৱা হয়। [QE]
3. [QS]দূৰদৰ্শী লোকে বিপদ দেখা পায়, আৰু নিজকে লুকুৱাই ৰাখে; [QE][QS]কিন্তু অশিক্ষিত লোক আগুৱাই যায়, আৰু তেওঁলোকে ইয়াৰ বাবে কষ্ট পায়। [QE]
4. [QS]যিহোৱালৈ ৰখা ভয় নম্ৰতা, সম্পত্তি, [QE][QS]আৰু জীৱনলৈ সন্মান আনে। [QE]
5. [QS]কুটিল লোকৰ পথত কাঁইট আৰু প্রৱঞ্চনাৰ ফান্দ থাকে; [QE][QS]যিজনে নিজৰ আত্মা ৰক্ষা কৰে, তেওঁ সেইবোৰৰ পৰা দূৰত থাকে। [QE]
6. [QS]সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, [QE][QS]তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব। [QE]
7. [QS]ধনী লোকে দৰিদ্ৰ লোকৰ ওপৰত শাসন কৰে, [QE][QS]আৰু যিজনে ধাৰ লয়, তেওঁ ধাৰ দিয়া জনৰ দাস হয়। [QE]
8. [QS]যি জনে দুষ্টতাৰ গুটি সিচেঁ, তেওঁ সমস্যাৰ শস্য দাব; [QE][QS]আৰু তেওঁৰ ক্ৰোধৰ লাঠি ব্যৱহাৰ কৰা নহ’ব। [QE]
9. [QS]উদাৰ দৃষ্টিৰ লোক আশীৰ্ব্বাদপ্রাপ্ত হ’ব, [QE][QS]কাৰণ তেওঁ দৰিদ্ৰৰ সৈতে নিজৰ আহাৰ ভাগ কৰে। [QE]
10. [QS]নিন্দকক উলিয়াই পঠোৱা, তেতিয়া তাত আৰু বিবাদ নহ’ব, [QE][QS]এনে কি বিৰোধ আৰু অপমানো নহ’ব। [QE]
11. [QS]যিজনে শুদ্ধ হৃদয় ভাল পায়, [QE][QS]আৰু যাৰ কথা অমায়িক, [QE][QS]তেওঁৰ বন্ধুৰ বাবে তেওঁৰ এজন ৰজা হ’ব। [QE]
12. [QS]যিহোৱাৰ চকুৱে জ্ঞানৰ ওপৰত দৃষ্টি ৰাখে; [QE][QS]কিন্তু তেওঁ বিশ্বাসঘাতকৰ কথা উৎখাত কৰে। [QE]
13. [QS]এলেহুৱাই কয়, “বাটত এটা সিংহ আছে! [QE][QS]মুকলি ঠাইত মোক বধ কৰিব।” [QE]
14. [QS]ব্যভিচাৰিণীৰ মুখ দ’ গাতৰ দৰে; [QE][QS]যি কোনোৱে সেই গাতত পৰিব তেওঁৰ বিৰুদ্ধে যিহোৱাৰ ক্রোধ প্রজ্বলিত হ’ব। [QE]
15. [QS]সন্তানৰ হৃদয়ত মুৰ্খতা আৱদ্ধ হৈ থাকে; [QE][QS]কিন্তু চেকনীৰ অনুশাসনে তাক তাৰ পৰা দূৰ কৰে। [QE]
16. [QS]নিজৰ ধন বৃদ্ধি কৰিবলৈ দৰিদ্ৰ লোকক উপদ্ৰৱ কৰা জন, [QE][QS]বা ধনী লোকক দান দিয়া জন, দৰিদ্ৰ হ’ব। [QE]
17. [QS]জ্ঞানী লোকৰ কথা শুনা; আৰু মনোযোগ দিয়া; [QE][QS]আৰু মোৰ জ্ঞানৰ কথাত তোমাৰ হৃদয় মনোনিবেশ কৰা। [QE]
18. [QS]কাৰণ তুমি যদি সেইবোৰক তোমাৰ অন্তৰত ৰাখা, আৰু যদি সেই সকলোবোৰ তোমাৰ ওঁঠত থাকে, [QE][QS]তেনেহ’লে সেয়ে তোমাৰ বাবে সুখজনক হ’ব। [QE]
19. [QS]সেয়ে তোমাৰ বিশ্বাস যাতে যিহোৱাত হ’ব পাৰে, [QE][QS]মই আজি সেইবোৰ তোমাক শিকালোঁ, এনে কি কেৱল তোমাকেই এই সকলো শিকালোঁ। [QE]
20. [QS]পৰামৰ্শ আৰু জ্ঞানৰ বিষয়ে [QE][QS]মই তোমাৰ বাবে ত্রিশটা নীতিবচন লিখা নাই নে? [QE]
21. [QS]তোমাক বিশ্বাসযোগ্য বাক্যৰ সত্যতাক শিকালোঁ, [QE][QS]যাতে তোমাক পঠোৱা সকলক তুমি বিশ্বাসযোগ্য উত্তৰ দিব পাৰা। [QE]
22. [QS]দৰিদ্ৰ লোকৰ বস্তু কাঢ়ি নলবা, কিয়নো তেওঁ দৰিদ্র; [QE][QS]বা দুৱাৰত থকা অভাবি লোকক দমন নকৰিবা। [QE]
23. [QS]কিয়নো যিহোৱাই তেওঁলোকৰ অভিযোগৰ প্ৰতিবাদ কৰিব, [QE][QS]আৰু যি সকলে তেওঁলোকৰ বস্তু কাঢ়ি লয়, তেওঁ তেওঁলোকৰ জীৱন কাঢ়ি ল’ব। [QE]
24. [QS]যিজনে ক্রোধেৰে শাসন কৰে, তেওঁৰ সৈতে বন্ধুত্ব নকৰিবা, [QE][QS]আৰু ক্ৰোধী লোকৰ সৈতে তুমি যোৱা উচিত নহয়; [QE]
25. [QS]নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, [QE][QS]আৰু তুমি নিজকে নিজে ফান্দত পেলাবা। [QE]
26. [QS]ধনৰ বিষয়ে প্ৰতিজ্ঞা কৰা জনৰ দৰে নহবা, [QE][QS]আৰু তুমি অন্য লোকৰ ধাৰৰ বাবে জামিনদাৰ হোৱা উচিত নহয়। [QE]
27. [QS]যদি ধাৰ শুজিবলৈ তোমাৰ উপায় নাথাকে, [QE][QS]তেনেহ’লে তোমাৰ শোৱাপাটি তোমাৰ পৰা তেওঁ লৈ যোৱাত কিহে বাধা দিব পাৰিব? [QE]
28. [QS]তোমাৰ পিতৃয়ে স্থাপন কৰা, [QE][QS]পূৰ্বৰ সীমাৰ শিল নুগুচাবা। [QE]
29. [QS]নিজৰ কামত নিপুন থকা লোকক তুমি দেখিছা নে? তেওঁ ৰজাৰ আগত থিয় হ’ব, [QE][QS]তেওঁ সৰ্ব্বসাধাৰণ লোকৰ আগত থিয় নহ’ব। [QE]