1. {#1জ্ঞানৰ উৎকৃষ্টতা } [QS]হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, [QE][QS]আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা, [QE]
2. [QS]প্রজ্ঞাৰ কথা শুনা, [QE][QS]আৰু বুজিব পৰা শক্তিলৈ তোমাৰ হৃদয় আকৃষ্ট হব। [QE]
3. [QS]তুমি যদি বুজিবৰ বাবে কান্দা; [QE][QS]আৰু ইয়াৰ বাবে উচ্চ স্বৰে ৰিঙিওৱা, [QE]
4. [QS]ৰূপ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, [QE][QS]আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা; [QE]
5. [QS]তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, [QE][QS]আৰু তুমি ঈশ্বৰৰ জ্ঞান বিচাৰি পাবা। [QE]
6. [QS]কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, [QE][QS]তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা শক্তি ওলায়। [QE]
7. [QS]যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, [QE][QS]যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ। [QE]
8. [QS]তেওঁ ন্যায়ৰ পথক প্রতিৰক্ষা কৰে, [QE][QS]আৰু যিসকল তেওঁৰ প্রতি বিশ্বাসী, তেওঁলোকৰ বাবে সেই পথ সংৰক্ষিত কৰি ৰাখে। [QE]
9. [QS]তেতিয়া তুমি ধাৰ্মিকতা, ন্যায় বিচাৰ, আৰু স্বাভাৱিক ন্যায় [QE][QS]আৰু সকলো ভাল পথ বুজিব পাৰিবা। [QE]
10. [QS]কাৰণ প্রজ্ঞা তোমাৰ হৃদয়ত প্ৰবেশ কৰিব, [QE][QS]আৰু জ্ঞান তোমাৰ প্ৰাণৰ বাবে সন্তুষ্ট জনক হ’ব। [QE]
11. [QS]সতর্কতাই তোমাৰ ওপৰত দৃষ্টি ৰাখিব, [QE][QS]বিচাৰ বুদ্ধিয়ে তোমাক পহৰা দিব, [QE]
12. [QS]এইবোৰে পাপকাৰ্যৰ পৰা [QE][QS]আৰু যিসকলে বিপথগামী কথা কয়, তাৰ পৰা তোমালোকক উদ্ধাৰ কৰিব [QE]
13. [QS]তেওঁলোকে সত্যৰ পথ পৰিহাৰ কৰে। [QE][QS]আৰু আন্ধাৰ পথত চলে। [QE]
14. [QS]যেতিয়া তেওঁলোকে পাপ কৰ্ম কৰে [QE][QS]তেতিয়া তেওঁলোকে আনন্দ কৰে, [QE][QS]আৰু দুর্নীতি পৰায়ণ পাপত তেওঁলোকে উল্লাস কৰে, [QE]
15. [QS]তেওঁলোকে কুটিল পথ অনুসৰণ কৰে, [QE][QS]তেওঁলোকে প্রৱঞ্চনাৰ দ্বাৰাই তেওঁলোকৰ গতি পথ গোপন কৰে। [QE]
16. [QS]দুঃসাহসিক কাৰ্যলৈ দৃষ্টি কৰা, খুচামোদ কথা কোৱা [QE][QS]আৰু ব্যভিচাৰী মহিলাৰ পৰা প্রজ্ঞা আৰু সতর্কতাই ৰক্ষা কৰে। [QE]
17. [QS]তেওঁ যৌৱন কালৰ লগৰীক ত্যাগ কৰে [QE][QS]আৰু তেওঁ তেওঁৰ ঈশ্বৰৰ গুৰুত্বপূর্ণ প্ৰতিশ্ৰুতি পাহৰে। [QE]
18. [QS]তেওঁৰ ঘৰ মৃত্যুলৈ আগুৱাই, [QE][QS]আৰু তেওঁৰ পথে মৈদামত থকাসকলৰ ওচৰলৈ তোমাক লৈ যাব। [QE]
19. [QS]যিসকল লোক তেওঁৰ ওচৰলৈ গৈছে, তেওঁলোক পুনৰ ঘূৰি নাহিব, [QE][QS]আৰু তেওঁলোকে জীৱনৰ পথ বিচাৰি নাপাব। [QE]
20. [QS]সেয়ে তুমি সৎলোকৰ পথত চলিবা, [QE][QS]আৰু ন্যায়কাৰ্য কৰা লোকসকলৰ পথ অনুসৰণ কৰা। [QE]
21. [QS]যিসকল লোকে সৎ কাৰ্য কৰে, তেওঁলোকে দেশত ঘৰ সাজে, [QE][QS]আৰু যিসকল লোক সিদ্ধ, তেওঁলোক অৱশিষ্ট থাকিব। [QE]
22. [QS]কিন্তু দুষ্টসকলক দেশৰ পৰা উচ্ছন্ন কৰা হ’ব, [QE][QS]আৰু অবিশ্বাসী লোকক দেশৰ পৰা উচ্ছন্ন কৰা হৈ যাব। [QE]