1. [QS]নিজৰ সিদ্ধতাত চলা দৰিদ্ৰ লোক, [QE][QS]কোনো এজন কথাত বিপথগামী আৰু অজ্ঞানী লোকতকৈ ভাল। [QE]
2. [QS]জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; [QE][QS]আৰু যি জনে বেগেৰে যায়, তেওঁ পথ হেৰুৱাই। [QE]
3. [QS]মানুহৰ অজ্ঞানতাই তেওঁৰ জীৱন ধ্বংস কৰে; [QE][QS]আৰু তেওঁৰ হৃদয় যিহোৱাৰ বিৰুদ্ধে ক্রোধাম্বিত হয়। [QE]
4. [QS]ধন-সম্পত্তিয়ে অনেক বন্ধু একত্রিত কৰে; [QE][QS]কিন্তু দৰিদ্ৰ লোক নিজৰ বন্ধুসকলৰ পৰা বিছিন্ন হয়। [QE]
5. [QS]মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; [QE][QS]আৰু যি জনে মিছা কথা কয় তেৱোঁ অব্যাহতি নাপায়। [QE]
6. [QS]অনেক লোকে অনুগ্ৰহ পাবলৈ দয়ালু লোকৰ আগত নিবেদন কৰে, [QE][QS]আৰু যি জনে উপহাৰ দিয়ে, তেওঁৰ সকলো বন্ধু হয়। [QE]
7. [QS]যদি দৰিদ্ৰ লোকৰ ভায়েক সকলে তেওঁক ঘিণ কৰে; [QE][QS]তেনেহলে তাতকৈ কিমান অধিক পৰিমাণে তেওঁৰ বন্ধুসকল তেওঁৰ পৰা আঁতৰি যাব! [QE][QS]তেওঁ তেওঁলোকক আহ্বান কৰে, কিন্তু তেওঁলোক আতৰি যায়। [QE]
8. [QS]যিজনে জ্ঞান লাভ কৰে, তেওঁ নিজৰ প্ৰাণক প্ৰেম কৰে, [QE][QS]যিজনে বিবেচনা শক্তি ৰাখে, তেওঁ যি ভাল তাক বিচাৰি পায়। [QE]
9. [QS]মিছা সাক্ষী দিয়া জনে দণ্ড নোপোৱাকৈ নাথাকিব; [QE][QS]কিন্তু মিছা কথা কোৱা জন বিনষ্ট হ’ব। [QE]
10. [QS]অজ্ঞানী লোকে বিলাসীতা জীৱন যাপন কৰা অনুপযুক্ত; [QE][QS]তেনেহলে ৰাজকুমাৰৰ ওপৰত দাসে শাসন কৰা তাতকৈ কিমান অধিক পৰিমাণে অনুপযুক্ত! [QE]
11. [QS]মানুহৰ বিবেচনাই তেওঁক ক্ৰোধত ধীৰ কৰে, [QE][QS]আৰু অপৰাধ অৱমাননা কৰা তেওঁৰ গৌৰৱ। [QE]
12. [QS]ৰজাৰ ক্ৰোধ ডেকা সিংহৰ গৰ্জ্জনৰ দৰে; [QE][QS]কিন্তু তেওঁৰ অনুগ্ৰহ ঘাঁহৰ ওপৰত পৰা নিয়ৰৰ দৰে। [QE]
13. [QS]মূৰ্খ পুত্ৰই পিতৃলৈ ধ্বংস আনে, [QE][QS]আৰু কন্দল কৰা মহিলা টোপ-টোপকৈ পৰি থকা পানীৰ দৰে। [QE]
14. [QS]ঘৰ আৰু ধন-সম্পত্তি পিতৃসকলৰ পৰা পোৱা উত্তৰাধিকাৰ; [QE][QS]কিন্তু জ্ঞানৱতী ভাৰ্যা যিহোৱাৰ পৰা পোৱা যায়। [QE]
15. [QS]এলাহে মানুহক দুৰ্ঘোৰ নিদ্রাত পেলায়, [QE][QS]কিন্তু যিজনে কাম কৰিবলৈ ইচ্ছা নকৰে, তেওঁ ভোকত থাকিব। [QE]
16. [QS]যি জনে আজ্ঞা পালন কৰে, তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে; [QE][QS]কিন্তু যি জনে নিজৰ পথৰ বিষয়ে চিন্তা নকৰে, তেওঁৰ মৃত্যু হ’ব। [QE]
17. [QS]যি জনে দৰিদ্ৰক দয়া কৰে, তেওঁ যিহোৱাক ঋণ দিয়ে; [QE][QS]আৰু তেওঁ কৰা কাৰ্যৰ বিনিময়, তেওঁ তেওঁক পৰিশোধ কৰিব। [QE]
18. [QS]আশা থাকোতে নিজৰ সন্তানক নিয়মানুবৰ্তিতা শিকোৱা; [QE][QS]আৰু সন্তানক মাৰি পেলোৱাৰ কথা হৃদয়ত নাভাবিবা। [QE]
19. [QS]অতি ক্ৰোধী মানুহে দণ্ড পোৱা উচিত; [QE][QS]যদি তুমি তেওঁক মুক্ত কৰা, তেনেহলে তুমি দ্বিতীয় বাৰৰ বাবেও কৰিব লাগিব। [QE]
20. [QS]তুমি জীৱনৰ শেষ বয়সত জ্ঞানী হ’বলৈ [QE][QS]পৰামৰ্শ শুনা, আৰু নিৰ্দেশ গ্ৰহণ কৰা। [QE]
21. [QS]মানুহৰ হৃদয়ত বহুতো আঁচনি থাকে; [QE][QS]কিন্তু যিহোৱাৰ অভিপ্রায় থিৰে থাকিব। [QE]
22. [QS]আনুগত্য মানুহৰ ইচ্ছাৰে হয়, [QE][QS]আৰু মিছলীয়াতকৈ দৰিদ্ৰ লোক ভাল। [QE]
23. [QS]যিহোৱাক তেওঁৰ পাবলগীয়া সন্মান দিয়া, [QE][QS]আৰু সেয়ে তোমাৰ জীৱনদায়ক হ’ব, [QE][QS]আৰু যি জনৰ সেয়া আছে, তেওঁ তৃপ্ত হৈ থাকিব; [QE][QS]আৰু তেওঁ অনিষ্টৰ দ্বাৰাই পীড়িত নহ’ব। [QE]
24. [QS]এলেহুৱাই পাত্ৰৰ আহাৰত হাত সুমুৱাই, [QE][QS]এনেকি পুনৰায় মুখলৈ ঘূৰাই নিব নোৱাৰিব। [QE]
25. [QS]নিন্দকক প্ৰহাৰ কৰা, তাতে অশিক্ষিত দূৰদর্শী হ’ব; [QE][QS]আৰু সুবিবেচকক অনুযোগ কৰা, তাতে তেওঁ জ্ঞান লাভ কৰিব। [QE]
26. [QS]যি পুত্ৰই পিতৃক লুট কৰে, আৰু মাতৃক খেদি দিয়ে, [QE][QS]তেওঁ এনে পুত্র যি জনে লাজ আৰু অপমান আনে। [QE]
27. [QS]হে মোৰ পুত্র, যদি তুমি উপদেশ শুনিবলৈ এৰি দিয়া, [QE][QS]তুমি জ্ঞানৰ বাক্যৰ পৰা ভ্রান্ত হবা। [QE]
28. [QS]দুৰ্নীতিগ্রস্ত সাক্ষীয়ে ন্যায় বিচাৰৰ নিন্দা কৰে, [QE][QS]আৰু দুষ্টসকলৰ মুখে অপৰাধ গ্ৰাস কৰে। [QE]
29. [QS]নিন্দকসকলৰ বাবে দণ্ড যুগুত আছে, [QE][QS]আৰু অজ্ঞানী সকলৰ পিঠিৰ বাবে সাঁচ বহা কোব যুগুত আছে। [QE]