1. [QS]যি জনে নিজকে পৃথকে ৰাখে, তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে, [QE][QS]আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে। [QE]
2. [QS]অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায়, [QE][QS]কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে। [QE]
3. [QS]যেতিয়া দুষ্ট লোক আহে, তেওঁৰ লগত অপমানো আহে; [QE][QS]আৰু অপমানৰ লগত নিন্দাও আহে। [QE]
4. [QS]মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে; [QE][QS]প্রজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা। [QE]
5. [QS]দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয়, [QE][QS]আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্রাহ্য কৰা ভাল নহয়। [QE]
6. [QS]অজ্ঞানী লোকৰ ওঁঠে তেওঁৰ লগত বিবাদ আনে, [QE][QS]আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খোৱাই। [QE]
7. [QS]অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে, [QE][QS]আৰু তেওঁৰ ওঁঠে তেওঁক ফান্দত পেলাই। [QE]
8. [QS]পৰচৰ্চ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে; [QE][QS]সেয়ে শৰীৰৰ ভিতৰৰ অংশলৈকে সোমায় যায়। [QE]
9. [QS]আৰু যি জনে নিজৰ কাৰ্যত অৱহেলা কৰে, [QE][QS]তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে। [QE]
10. [QS]যিহোৱাৰ নাম দৃঢ় দুৰ্গ স্বৰূপ; [QE][QS]সৎ কাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়। [QE]
11. [QS]ধনৱানৰ ধন-সম্পত্তিয়েই তেওঁৰ দৃঢ় নগৰ; [QE][QS]আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে। [QE]
12. [QS]পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয়, [QE][QS]কিন্তু নম্ৰতা সন্মানৰ আগে আহে। [QE]
13. [QS]যি জনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে, [QE][QS]সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান। [QE]
14. [QS]মানুহৰ আত্মাই অসুস্থতাতো জীয়াই ৰাখিব; [QE][QS]কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে? [QE]
15. [QS]বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, [QE][QS]আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়। [QE]
16. [QS]মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে, [QE][QS]আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়। [QE]
17. [QS]যেতিয়ালৈকে বিপক্ষ জন আহি তেওঁক প্রশ্ন নকৰে; [QE][QS]তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱা জন নিৰ্দোষী যেন বোধ হয়; [QE]
18. [QS]চিঠি-খেলে বিবাদ সমাপ্ত কৰে, [QE][QS]আৰু পৰাক্রমী বিপক্ষ সকলক পৃথকে ৰাখে। [QE]
19. [QS]দৃঢ় নগৰ জয় কৰাতকৈ ক্ষুদ্ধ ভায়েকক জয় কৰা টান; [QE][QS]আৰু বিবাদ দূৰ্গত লগোৱা মাৰিৰ দৰে। [QE]
20. [QS]নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয়; [QE][QS]আৰু তেওঁৰ ওঁঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়। [QE]
21. [QS]জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে; [QE][QS]আৰু যিসকলে তাক ভাল পায়, তেওঁলোকে তাৰ ফল ভোগ কৰিব। [QE]
22. [QS]যি জনে ভাৰ্যা পায়, তেওঁ পৰম বস্তু পায়, [QE][QS]আৰু যিহোৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। [QE]
23. [QS]দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে; [QE][QS]কিন্তু ধনৱান লোকে কঠুৱা উত্তৰ দিয়ে। [QE]
24. [QS]যি জনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে, তেওঁ নিজৰ সৰ্ব্বনাশলৈহে তাকে কৰে; [QE][QS]কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়। [QE]