1. [QS]বিবাদযুক্ত ভোজেৰে সৈতে পৰিপূৰ্ণ হোৱা ঘৰতকৈ, [QE][QS]শান্তিৰে সৈতে শুদাই এগৰাহ খোৱাই ভাল। [QE]
2. [QS]এজন জ্ঞানী দাসে লাজ দিওঁতা পুত্ৰৰ ওপৰত শাসন কৰিব, [QE][QS]আৰু ভায়েকসকলৰ এজন যেন হৈ উত্তৰাধিকাৰ ভগাই লব। [QE]
3. [QS]ৰূপৰ কাৰণে ধাতু গলোৱা পাত্ৰ, আৰু সোণৰ কাৰণে ভাতী, [QE][QS]কিন্তু যিহোৱাই হৃদয় শোধন কৰে। [QE]
4. [QS]যি লোকে কুকৰ্ম কৰে, তেওঁ নীতিহীন কথা কোৱাসকলৰ কথা শুনে, [QE][QS]আৰু মিছলীয়াই বেয়া বিষয়ৰ কথা কওতা জনলৈ মনোযোগ দিয়ে। [QE]
5. [QS]দৰিদ্ৰক পৰিহাস কৰা জনে তেওঁৰ স্ৰজনকৰ্ত্তাকে অপমান কৰে; [QE][QS]আৰু যি জনে দুৰ্ভাগ্যত আনন্দ কৰে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকিব। [QE]
6. [QS]বৃদ্ধসকলৰ নাতি নাতিনী তেওঁলোকৰ কিৰীটি স্বৰূপ; [QE][QS]আৰু পিতৃসকল তেওঁলোকৰ নিজৰ সন্তানৰ গৌৰৱ স্বৰূপ। [QE]
7. [QS]বাকপটু ওঁঠ মুৰ্খৰ কাৰণে উপযোগী নহয়; [QE][QS]তেন্তে তাতকৈ কিমান কম পৰিমাণে মিছলীয়া ওঁঠ ৰাজভক্ত ব্যক্তিৰ উপযোগী হয়। [QE]
8. [QS]দিয়া জনৰ বাবে ভেঁটি যাদুৰ পাথৰৰ দৰে; [QE][QS]যি ফালেই তেওঁ যায়, সেই ফালেই তেওঁ সফল হয়। [QE]
9. [QS]যি জনে অপৰাধ ঢাকে, তেওঁ প্ৰেমৰ চেষ্টা কৰে; [QE][QS]কিন্তু যি কোনোৱে একে বিষয় বাৰে বাৰে কৈ থাকে, তেওঁ প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়। [QE]
10. [QS]যি দৰে মূৰ্খৰ ওপৰত এশ কোবে কাম কৰে, [QE][QS]সেই দৰে সুবিবেচকৰ মনলৈ অনুযোগ গভীৰ ভাবে সোমায়। [QE]
11. [QS]দুষ্ট লোকে কেৱল বিদ্ৰোহৰ চেষ্টা কৰে; [QE][QS]সেয়ে নিষ্ঠুৰ বাৰ্ত্তাবাহকক তেওঁৰ বিপক্ষে পঠোৱা হ’ব। [QE]
12. [QS]নিজৰ অজ্ঞানতাত মগ্ন হোৱা অজ্ঞানী লোকৰ লগত সাক্ষাৎ হোৱাতকৈ, [QE][QS]পোৱালি আজুৰি নিয়া ভালুকৰ লগত সাক্ষাৎ হোৱাই ভাল। [QE]
13. [QS]যেতিয়া কোনো এজনে উপকাৰৰ সলনি অপকাৰ কৰে, [QE][QS]তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে। [QE]
14. [QS]বিবাদৰ আৰম্ভণি কোনো এজনে পানী চাৰিওফালে এৰি দিয়াৰ দৰে; [QE][QS]এই হেতুকে দন্দ্ব-কাজিয়া নোহোৱাৰ আগতেই বিবাদৰ পৰা আঁতৰি থাকা। [QE]
15. [QS]যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, [QE][QS]তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া। [QE]
16. [QS]যিহেতু অজ্ঞানী লোকৰ শিক্ষা গ্রহণ কৰাৰ দক্ষতা নাই [QE][QS]সেয়ে তেওঁ প্ৰজ্ঞা আহৰণ কৰিবলৈ কিয় ধন খৰচ কৰিব? [QE]
17. [QS]বন্ধু সকলো সময়তে প্রিয় হয়; [QE][QS]আৰু ভায়েকৰ দুৰ্দ্দশাৰ দিনৰ বাবে জন্ম হয়। [QE]
18. [QS]জ্ঞানশূন্য লোকে প্রতিজ্ঞাত আৱদ্ধ হয়; [QE][QS]আৰু চুবুৰীয়াৰ ধাৰৰ দ্বায়ীত্ব লয়। [QE]
19. [QS]যিজনে বিবাদ ভাল পায়, তেওঁ পাপ ভাল পায়; [QE][QS]যি কোনোৱে নিজৰ প্রবেশ দুৱাৰ ওখ কৰে, তেওঁ বিনাশৰ চেষ্টা কৰে। [QE]
20. [QS]কুটিল মনৰ লোকে কোনো বিষয়তে মঙ্গল বিচাৰি নাপায়; [QE][QS]যিজনে মিছা কথা কয়, তেওঁ বিপদত পৰে। [QE]
21. [QS]যিজনে অজ্ঞানীক জন্ম দিয়ে, তেওঁ নিজলৈ খেদ আনে; [QE][QS]আৰু অজ্ঞানীৰ পিতৃয়ে আনন্দ কৰিব নোৱাৰে। [QE]
22. [QS]আনন্দিত হৃদয় ভাল ঔষধ হয়; [QE][QS]কিন্তু ভগ্ন হৃদয়ে হাড়বোৰ শুকুৱায়। [QE]
23. [QS]ন্যায়ৰ পথ বিপথগামী কৰিবলৈ [QE][QS]দুষ্টলোকে গুপুতে দিয়া ভেঁটি গ্ৰহণ কৰে। [QE]
24. [QS]যিজনৰ সুবিবেচনা থাকে, তেওঁ প্রজ্ঞাৰ সন্মুখত থাকে; [QE][QS]কিন্তু অজ্ঞানী লোকৰ চকু পৃথিবীৰ অন্তত থাকে। [QE]
25. [QS]অজ্ঞানী পুত্ৰই তেওঁৰ পিতৃক বেজাৰ দিয়ে, [QE][QS]আৰু তেওঁক জন্ম দিয়া মহিলাৰ কাৰণে তেওঁ দুখ দায়ক। [QE]
26. [QS]ন্যায় কৰা জনক শাস্তি দিয়া অনুচিত; [QE][QS]আৰু সাধুলোকক তেওঁৰ সৰলতাৰ বাবে প্ৰহাৰ কৰা ভাল নহয়। [QE]
27. [QS]জ্ঞানী লোকে ক’ম কথা কয়; [QE][QS]আৰু ধীৰ মনৰ লোক বিবেচক। [QE]
28. [QS]এনেকি অজ্ঞানী লোকে নিমাতে থাকিলে জ্ঞানী বুলি ভবা যায়; [QE][QS]তেওঁ যেতিয়া মুখ বন্ধ কৰি ৰাখে, তেতিয়া তেওঁ বুধিয়ক বুলি গণিত হয়। [QE]