1. [QS]মনৰ কল্পনা মানুহৰ; [QE][QS]কিন্তু জিভাৰ উত্তৰ যিহোৱাৰ পৰা আহে। [QE]
2. [QS]মানুহৰ সকলো পথ নিজৰ দৃষ্টিত শুদ্ধ; [QE][QS]কিন্তু যিহোৱাই আত্মাবোৰ পৰীক্ষা কৰে। [QE]
3. [QS]তোমাৰ কাৰ্যৰ ভাৰ যিহোৱাত সমৰ্পণ কৰা; [QE][QS]তাতে তোমাৰ অভিপ্ৰায় সিদ্ধ হ’ব। [QE]
4. [QS]যিহোৱাই সেই উদ্দেশ্যে সকলোকে সৃষ্টি কৰিলে; [QE][QS]এনে কি, তেওঁ দুষ্টলোককো দুৰ্দ্দশা-দিনৰ বাবে সৃষ্টি কৰিলে। [QE]
5. [QS]অহংকাৰী হৃদয়ৰ প্ৰত্যেক লোকক যিহোৱাই ঘিণ কৰে; [QE][QS]যদিও তেওঁলোকে হাতত ধৰাধৰিকৈ থাকে, তথাপিও তেওঁলোকে দণ্ড নোপোৱাকৈ নাথাকিব। [QE]
6. [QS]বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য চুক্তিৰ দ্বাৰাই অপৰাধৰ প্ৰায়শ্চিত্ত হয়, [QE][QS]আৰু যিহোৱালৈ ৰখা ভয়ৰ দ্বাৰাই মানুহ বেয়াৰ পৰা আঁতৰি আহে। [QE]
7. [QS]যেতিয়া কোনো লোকৰ আচৰণে যিহোৱাক সন্তুষ্ট কৰে, [QE][QS]তেতিয়া তেওঁ সেই জনৰ শত্রুসকলকো তেওঁৰ লগত শান্তিত থাকিব দিয়ে। [QE]
8. [QS]অন্যায়েৰে সৈতে অধিক আয়তকৈ [QE][QS]ন্যায়েৰে সৈতে অলপেই ভাল। [QE]
9. [QS]মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; [QE][QS]কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে। [QE]
10. [QS]ৰজাৰ ওঁঠত ঈশ্বৰীয় বাক্য থাকে; [QE][QS]বিচাৰত তেওঁৰ মুখে অন্যায়ৰ কথা নকয়। [QE]
11. [QS]সঠিক তুলাচনী যিহোৱাৰ পৰা আহে; [QE][QS]আৰু মোনাত থকা সকলোবোৰ দগা তেওঁৰেই সৃষ্টি। [QE]
12. [QS]যেতিয়া ৰজাই বেয়া কৰ্ম কৰে, তেতিয়া কিছুমান অবজ্ঞা কৰিবলগীয়া বিষয় হয়, [QE][QS]কাৰণ তেওঁৰ সিংহাসন সৎ কাৰ্য কৰাৰ দ্বাৰাই স্থাপন কৰা হৈছে। [QE]
13. [QS]ন্যায় কথা কোৱা ওঁঠে ৰজাক আনন্দিত কৰে; [QE][QS]আৰু তেওঁ পোনপটীয়াকৈ কথা কোৱা লোকক ভাল পায়। [QE]
14. [QS]ৰজাৰ ক্ৰোধ মৃত্যুৰ বাৰ্ত্তাবাহক স্বৰূপ; [QE][QS]কিন্তু জ্ঞানী লোকে তেওঁৰ ক্রোধ শান্ত কৰিবলৈ চেষ্টা কৰে। [QE]
15. [QS]ৰজাৰ মুখমণ্ডলৰ উজ্জলতা জীৱন স্বৰূপ, [QE][QS]আৰু তেওঁৰ অনুগ্ৰহ বসন্ত কালৰ বৰষুণৰ মেঘৰ দৰে। [QE]
16. [QS]সোণতকৈ প্রজ্ঞা লাভ কৰা কেনে উত্তম! [QE][QS]আৰু সুবিবেচনা নিৰ্বাচন কৰা ৰূপতকৈ কেনে উত্তম। [QE]
17. [QS]ন্যায়পৰায়ণ লোকৰ ৰাজপথ পাপৰ পৰা আঁতৰি থাকে; [QE][QS]যি জনে নিজৰ জীৱন সুৰক্ষিত কৰে, তেওঁ নিজৰ পথৰ তত্বাৱধান কৰে। [QE]
18. [QS]বিনাশৰ আগত অহংকাৰ আহে, [QE][QS]আৰু পতনৰ পূৰ্বতে মনৰ গৰ্ব্ব হয়। [QE]
19. [QS]অহংকাৰী সকলৰ সৈতে লুটদ্ৰব্য ভাগ কৰি লোৱাতকৈ, [QE][QS]দৰিদ্ৰ সকলৰ সৈতে নম্ৰ হোৱাই ভাল। [QE]
20. [QS]যিসকলে শিক্ষা লাভ কৰি অনুশীলন কৰে, তেওঁলোকে মঙ্গল বিচাৰি পায়; [QE][QS]আৰু যি সকলে যিহোৱাত নির্ভৰ কৰে, তেওঁলোক সুখী হয়। [QE]
21. [QS]যিজন হৃদয়েৰে জ্ঞানী, তেওঁক সুবিবেচক বুলি কোৱা হয়, [QE][QS]আৰু মৃদু কথাই শিক্ষা দিয়া সক্ষমতা বৃদ্ধি কৰে। [QE]
22. [QS]বিবেচক লোকৰ বাবে সুবিবেচনা জীৱনৰ ভুমুকস্বৰূপ; [QE][QS]কিন্তু অজ্ঞানী সকলৰ শাস্তি তেওঁলোকৰ অজ্ঞানতা। [QE]
23. [QS]জ্ঞানী লোকৰ হৃদয়ে তেওঁৰ মুখেৰে জ্ঞান প্রকাশ কৰে; [QE][QS]আৰু তেওঁৰ ওঁঠত বিশ্বাসৰ কথা থাকে। [QE]
24. [QS]সন্তোষজনক বাক্য মৌচাকৰ দৰে; [QE][QS]সেয়ে আত্মালৈ মিঠা, আৰু হাড়বোৰলৈ আৰোগ্য স্বৰূপ। [QE]
25. [QS]এনে পথ আছে, যি মানুহৰ দৃষ্টিত শুদ্ধ; [QE][QS]কিন্তু শেষতে সেয়ে মৃত্যুৰ পথ হয়। [QE]
26. [QS]পৰিশ্ৰমী লোকৰ ক্ষুধাই তেওঁক পৰিশ্ৰম কৰায়; [QE][QS]তেওঁৰ ক্ষুধাই তেওঁক উদগায়। [QE]
27. [QS]নিষ্কৰ্মা লোকে দুষ্কর্ম খান্দি উলিয়াই, [QE][QS]আৰু তেওঁৰ কথা জলন্ত আঙঠাৰ দৰে। [QE]
28. [QS]উচ্ছৃঙ্খল লোকে বিবাদ সৃষ্টি কৰে; [QE][QS]পৰচৰ্চ্চাকাৰীয়ে প্ৰণয়ৰ বন্ধুৰ বিচ্ছেদ জন্মায়। [QE]
29. [QS]অত্যাচাৰী লোকে নিজৰ চুবুৰীয়াক মিছা কথা কয়; [QE][QS]আৰু যি পথ বেয়া, সেই পথলৈ তেওঁক লৈ যায়। [QE]
30. [QS]যিজনে চকু টিপিয়াই, তেওঁ অসৎ বিষয়ৰ পৰিকল্পনা কৰে। [QE][QS]যিসকলে ওঁঠ কামোৰে তেওঁলোকে পাপ কাৰ্য হ’বলৈ দিয়ে। [QE]
31. [QS]পকা চুলি গৌৰৱৰ মুকুট। [QE][QS]সৎ পথত চলাৰ দ্বাৰাই ইয়াক পোৱা যায়। [QE]
32. [QS]ক্ৰোধত ধীৰ লোক বীৰতকৈ উত্তম; [QE][QS]আৰু নিজৰ মনক দমন কৰা লোক নগৰ জয়কাৰীতকৈয়ো শ্ৰেষ্ঠ। [QE]
33. [QS]চিঠি-খেলৰ গুটি কোঁচত পৰে, [QE][QS]কিন্তু সিদ্ধান্ত যিহোৱাৰ পৰা হয়। [QE]