1. [QS]ভুল তুলাচনী যিহোৱাৰ ঘিণলগীয়া; [QE][QS]কিন্তু সঠিক জোখ তেওঁৰ সন্তোষ জনক। [QE]
2. [QS]যেতিয়া অহংকাৰ হয়, তেতিয়া অপমানো হয়; [QE][QS]কিন্তু নম্ৰতাই প্রজ্ঞা আনে। [QE]
3. [QS]সাধুলোকৰ সততা তেওঁলোকৰ পথদৰ্শক; [QE][QS]কিন্তু বিশ্বাস-ঘাতকসকলৰ কুটিলতাই তেওঁলোকক বিনষ্ট কৰে। [QE]
4. [QS]ক্ৰোধৰ দিনত ধন-সম্পত্তি মূল্যহীন; [QE][QS]কিন্তু সত্যতাই মৃত্যুৰ পৰা তোমাক উদ্ধাৰ কৰে। [QE]
5. [QS]সিদ্ধলোকৰ ধাৰ্মিকতাই তেওঁৰ পথ সমান কৰে; [QE][QS]কিন্তু দুষ্টলোক নিজৰ দুষ্টতাৰ দ্বাৰাই পতিত হয়। [QE]
6. [QS]যিজনে সিদ্ধ কাৰ্যৰ দ্বাৰাই ঈশ্বৰক আনন্দিত কৰে, তেওঁ ৰক্ষা পায়; [QE][QS]কিন্তু নিজৰ আকাংক্ষাৰ বাবে বিশ্বাসঘাতক সকলে ফান্দত পৰে। [QE]
7. [QS]দুষ্টলোকৰ যেতিয়া মৃত্যু হয়, তেতিয়া তেওঁৰ আশাবোৰ বিলুপ্ত হৈ যায়; [QE][QS]আৰু আশা যি তেওঁৰ শক্তি আছিল, সেই শক্তি ব্যৰ্থ হৈ যায়। [QE]
8. [QS]সৎ কাৰ্য কৰা জনে সঙ্কটৰ পৰা ৰক্ষা পায়; [QE][QS]কিন্তু ইয়াৰ পৰিৱৰ্তে দুষ্টলোকলৈ সঙ্কট আহে। [QE]
9. [QS]তেওঁ নিজৰ অবিশ্বাসী মুখেৰে চুবুৰীয়াক ধ্বংস কৰে; [QE][QS]কিন্তু জ্ঞানেৰে যিজনে সৎ কাৰ্য কৰে, তেওঁ সুৰক্ষিত হয়। [QE]
10. [QS]যেতিয়া সৎ কাৰ্য কৰা লোকৰ উন্নতি হয়, তেতিয়া নগৰখনে উল্লাস কৰে; [QE][QS]কিন্তু যেতিয়া দুষ্টলোকৰ বিনাশ ঘটে, তেতিয়া আনন্দ-ধ্বনি হয়। [QE]
11. [QS]ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; [QE][QS]কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়। [QE]
12. [QS]বন্ধুক অবজ্ঞা কৰা লোক জ্ঞানশূন্য; [QE][QS]কিন্তু সুবিবেচনা কৰা লোক নিমাতে থাকে। [QE]
13. [QS]পৰচৰ্চ্চা কৰা লোকে গুপুত কথা প্ৰকাশ কৰে; [QE][QS]কিন্তু বিশ্বাসী লোকে বিষয়বোৰ গুপুতে ৰাখে। [QE]
14. [QS]যি খন দেশ জ্ঞানেৰে পৰিচালিত নহয়, সেই দেশৰ পতন হয়; [QE][QS]কিন্তু বহুত উপদেষ্টাৰ আলোচনাৰ দ্বাৰাই দেশৰ উন্নতি হয়। [QE]
15. [QS]যিজনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ নিশ্চয় অনিষ্ট হ’ব; [QE][QS]কিন্তু যিজনে জামিন হ’বলৈ ইচ্ছা নকৰে, তেওঁ নিৰাপদে থাকে। [QE]
16. [QS]দয়ালু মহিলাই সন্মান পায়; [QE][QS]কিন্তু নিৰ্দয় লোকে সম্পত্তিক ধৰি ৰাখে। [QE]
17. [QS]দয়ালু লোকে নিজৰ উপকাৰ কৰে; [QE][QS]কিন্তু নিৰ্দয় লোকে নিজৰ অনিষ্ট কৰে। [QE]
18. [QS]দুষ্টলোকে উপাৰ্জনৰ বাবে মিছা কথা কয়; [QE][QS]কিন্তু যি জনে সত্যৰ গুটি সিঁচে তেওঁ প্ৰকৃত পুৰস্কাৰ পায়। [QE]
19. [QS]যি সাধুলোকে সৎ কাৰ্য কৰে, তেওঁ জীৱন লাভ কৰে; [QE][QS]কিন্তু যিলোকে দুষ্টতা অনুসৰণ কৰে, তেওঁৰ মৃত্যুৰ হ’ব। [QE]
20. [QS]কুটিল মনৰ লোক যিহোৱাৰ ঘিণ লগা; [QE][QS]কিন্তু যিসকলৰ আচৰণ সিদ্ধ, তেওঁলোকত তেওঁ আনন্দ পায়। [QE]
21. [QS]নিশ্চিত হোৱা যে, দুষ্ট লোকে শাস্তি নোপোৱাকৈ নাথাকিব; [QE][QS]কিন্তু সত্যতাত চলা লোকসকলৰ বংশই উদ্ধাৰ পাব। [QE]
22. [QS]গাহৰিৰ নাকত সোণৰ নথ যেনে, [QE][QS]সুবিবেচনা নথকা সুন্দৰী মহিলাও তেনে। [QE]
23. [QS]সত্যতাত চলা লোকৰ আকাংক্ষাৰ ফল উত্তম; [QE][QS]কিন্তু দুষ্টলোকে কেৱল ক্ৰোধৰ আশা কৰে। [QE]
24. [QS]যি লোকে গুটি সিঁচে, তেওঁ অধিক সংগ্রহ কৰে; [QE][QS]আৰু যি লোকে গুটি নিসিঁচে, তেনে লোকলৈ দৰিদ্ৰতাহে আহে। [QE]
25. [QS]দয়ালু লোকৰ উন্নতি হয়, [QE][QS]আৰু যি লোকে আনলোকক পানী দিয়ে, তেওঁ নিজৰ বাবেও পানী পায়। [QE]
26. [QS]যি লোকে শস্য বিক্রী কৰিবলৈ অমান্তি হয়, তেওঁক লোকসকলে শাও দিয়ে; [QE][QS]কিন্তু যি লোকে বিক্রী কৰে, তেওঁ মুৰত মুকুট স্বৰূপ আশীৰ্ব্বাদ লাভ কৰে। [QE]
27. [QS]যিলোকে আগ্রহেৰে ভাল কৰিবলৈ বিচাৰে, তেওঁ অনুগ্ৰহো বিচাৰে; [QE][QS]কিন্তু যি জনে দুষ্টতা বিচাৰে, তেওঁ তাকে পায়। [QE]
28. [QS]যিজনে নিজৰ ধন-সম্পত্তিত নির্ভৰ কৰে, তেওঁ পতিত হয়; [QE][QS]কিন্তু সত্যতাত চলা জন পাতৰ দৰে লহপহকৈ বাঢ়ি উঠে। [QE]
29. [QS]যিজনে নিজৰ পৰিয়ালক দুখ দিয়ে, তেওঁৰ বায়ুৰূপ আধিপত্য হ’ব; [QE][QS]আৰু অজ্ঞানী লোক বুদ্ধিমানৰ দাস হ’ব। [QE]
30. [QS]সত্যতাত চলা জন জীৱনদায়ক গছৰ দৰে, [QE][QS]কিন্তু হিংস্রতাই জীৱন কাঢ়ি নিয়ে। [QE]
31. [QS]সত্যতাত চলা জনে যদি তেওঁ পাবলগীয়া প্ৰতিফল পায়, [QE][QS]তেনেহ’লে কিমান অধিক পৰিমাণে দুষ্টলোক আৰু পাপীয়ে পাব। [QE]