1. {#1আভাস }
2. [PS]দায়ূদৰ পুত্র চলোমন, ইস্রায়েলৰ ৰজা আছিল। চলোমনৰ নীতিবচন। [PE][QS]প্রজ্ঞা আৰু শিক্ষা লাভ কৰিবলৈ, [QE][QS]সূক্ষ্মদৃষ্টিৰে বাক্য শিকোৱা, [QE]
3. [QS]সংশোধন গ্রহণ কৰা, তেতিয়া তুমি [QE][QS]সত্য, ন্যায়পৰায়ণ, আৰু যথাৰ্থতাত জীয়াই থাকিব পাৰিবা। [QE]
4. [QS]যিসকলক শিক্ষা দিয়া হোৱা নাই, তেওঁলোকক প্রজ্ঞা দান কৰা; [QE][QS]আৰু যুৱক সকলক জ্ঞান আৰু বিবেচনা দিয়া। [QE]
5. [QS]জ্ঞানীলোকক শুনিবলৈ দিয়া আৰু তেওঁলোকক শিক্ষাত বৃদ্ধি হ’বলৈ দিয়া। [QE][QS]আৰু তীক্ষ্নবুদ্ধি সম্পন্ন লোকক পথপ্রদৰ্শন কৰা; [QE]
6. [QS]যাতে নীতিবচন আৰু বাণী, [QE][QS]জ্ঞানীলোকৰ বাক্য আৰু তেওঁলোকৰ নিগূঢ়তত্ব বুজিব পাৰে। [QE]
7. [QS]যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, [QE][QS]অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন হেয়জ্ঞান কৰে। [QE]
8. [QS]হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আদেশ শুনা, [QE][QS]আৰু তোমাৰ মাতৃৰ শাসন অৱজ্ঞা নকৰিবা; [QE]
9. [QS]তেওঁলোক তোমাৰ মুৰৰ বাবে কৰুণাময় মালাৰ দৰে হ’ব, [QE][QS]আৰু তোমাৰ ডিঙিত ওলমি থকা মালাৰ লকেটৰ দৰে হ’ব। [QE]
10. [QS]হে মোৰ পুত্র, পাপীলোকে যদি তোমাক তেওঁলোকৰ পাপ কাৰ্যত প্রলোভিত কৰে, [QE][QS]তেওঁলোকক অনুসৰণ নকৰিবা। [QE]
11. [QS]তেওঁলোকে যদি কয়, “আমাৰ লগত আহাঁ, [QE][QS]আমি ৰক্তপাত কৰিবলৈ খাপ দি থাকোঁ; [QE][QS]বিনা কাৰণে নিৰ্দ্দোষী লোকক আক্রমণ কৰিবলৈ লুকাই থাকোঁহক। [QE]
12. [QS]আহাঁ আমি চিয়োলৰ দৰে স্বাস্থ্যৱান লোকসকলক জীয়াই জীয়াই গিলি পেলাওঁ, [QE][QS]আৰু তেওঁলোকক গাতত পৰি থকা লোকৰ দৰে কৰোঁহক। [QE]
13. [QS]আমি সকলো বিধৰ বহুমুল্য বস্তু বিচাৰিম, [QE][QS]আৰু অন্য লোকৰ পৰা লুট কৰা বস্তুৰে আমাৰ ঘৰবোৰ পৰিপূৰ্ণ কৰিম। [QE]
14. [QS]তোমাৰ লুট কৰা বস্তু আমাৰ সৈতে একেলগ কৰা, [QE][QS]আমাৰ সকলোৰে এখনেই মোনা হ’ব।” [QE]
15. [QS]হে মোৰ পুত্র, তেওঁলোকৰ পথত তুমি নাযাবা; [QE][QS]তেওঁলোকৰ পথত তোমাৰ খোজ নিদিবা। [QE]
16. [QS]তেওঁলোকৰ খোজ কুকৰ্মৰ ফাললৈ লৰ মাৰে; [QE][QS]আৰু তেওঁলোকে ৰক্তপাত কৰিবলৈ খৰধৰ কৰে। [QE]
17. [QS]যি সময়ত চৰাইয়ে চাই থাকে; [QE][QS]সেই সময়ত চৰাই ধৰিবলৈ জাল পতা বৃথা। [QE]
18. [QS]সেই লোকসকলে নিজকে নিজেই ৰক্তপাত কৰিবলৈ খাপ দি থাকে; [QE][QS]তেওঁলোকে নিজেই নিজৰ বাবে ফাঁন্দ পাতে। [QE]
19. [QS]সেয়ে অন্যায়ভাৱে ধনী হোৱা প্রতিজন লোকৰ এনে গতি হয়; [QE][QS]অন্যায়কাৰীয়ে ন্যায়ত থকা লোকসকলৰ জীৱন লয়। [QE]
20. [QS]প্রজ্ঞাই পথত চিঞৰি ক্রন্দন কৰে, [QE][QS]তেওঁ মুকলি ঠাইত উচ্চস্বৰে কথা কয়। [QE]
21. [QS]তেওঁ কোলাহলপূৰ্ণ ঘাই পথত ক্রন্দন কৰে, [QE][QS]নগৰৰ প্রবেশ দুৱাৰত তেওঁ কয়, [QE]
22. [QS]“হে প্রজ্ঞা নথকা লোকসকল, কিমান দিন তোমালোকে নুবুজা কথাবোৰ ভাল পাই থাকিবা? [QE][QS]হে নিন্দকসকল কিমান দিন তোমালোকে নিন্দা কৰি সন্তুষ্ট হবা? [QE][QS]আৰু হে অজ্ঞানীসকল কিমান দিন জ্ঞানক ঘিণ কৰিবা? [QE]
23. [QS]মোৰ অনুযোগলৈ মনোযোগ দিয়া; [QE][QS]মই তোমালোকৰ ওপৰত মোৰ চিন্তাধাৰা বাকি দিম, [QE][QS]মই মোৰ কথা তোমালোকক জানিবলৈ দিম। [QE]
24. [QS]মই মাতিলোঁ, আৰু তোমালোকে শুনিবলৈ অমান্তি হলা; [QE][QS]মই মোৰ হাত মেলিলোঁ, কিন্তু কোনেও মনযোগ নিদিলা। [QE]
25. [QS]কিন্তু তোমালোকে মোৰ সকলো পৰামৰ্শ উপেক্ষা কৰিলা; [QE][QS]আৰু মোৰ দোষাৰোপলৈ মনোযোগ নিদিলা। [QE]
26. [QS]তোমালোকৰ দুৰ্যোগৰ সময়ত মই হাঁহিম, [QE][QS]আৰু যেতিয়া তোমালোকলৈ সন্ত্রাস আহিব, তেতিয়া মই ঠাট্টা কৰিম। [QE]
27. [QS]যেতিয়া সন্ত্রাস ভয়ঙ্কৰ ধুমুহাৰ দৰে তোমালোকলৈ আহিব, [QE][QS]আৰু বা’মাৰলিৰ দৰে তোমালোকৰ ওপৰত দুৰ্যোগ ঘটিব, [QE][QS]যেতিয়া বেদনা আৰু ক্লেশ তোমালোকৰ ওপৰলৈ আহিব, [QE]
28. [QS]তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, [QE][QS]তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব; [QE]
29. [QS]কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, [QE][QS]আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ইচ্ছা নকৰে। [QE]
30. [QS]তেওঁলোকে মোৰ আদেশ অনুসৰণ নকৰে, [QE][QS]আৰু তেওঁলোকে মোৰ সকলো শাসন প্রণালী হেয়জ্ঞান কৰে। [QE]
31. [QS]তেওঁলোকে তেওঁলোকৰ পথৰ ফল ভোগ কৰিব, [QE][QS]তেওঁলোকে নিজৰ পৰিকল্পনাৰ ফলেৰে পৰিপূৰ্ণ হ’ব। [QE]
32. [QS]অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। [QE][QS]মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব। [QE]
33. [QS]কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ নিৰাপদে থাকিব, [QE][QS]আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।” [QE]