1. [QS]যিৰূচালেমৰ লোকসকল, [QE][QS]এতিয়া একলগ হৈ যুদ্ধলৈ শাৰী পাতি আহাঁ, [QE][QS]তোমালোকৰ নগৰৰ চাৰিওফালে এখন দেৱাল আছে, [QE][QS]কিন্তু তেওঁলোকে ইস্রায়েলৰ মূখ্যলোকসকলক [QE][QS]লাঠিৰে গালত প্রহাৰ কৰিব। [QE]
2. [QS]কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, [QE][QS]যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, [QE][QS]তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ [QE][QS]তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, [QE][QS]সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে; [QE]
3. [QS]এই হেতুকে [QE][QS]ঈশ্বৰে তেওঁলোকক ত্যাগ কৰিব; [QE][QS]যেতিয়ালৈকে তেওঁ প্ৰসৱ বেদনাৰে সন্তান জন্ম নিদিব, [QE][QS]আৰু তেওঁৰ ভাইৰ অৱশিষ্ট লোকসকল ইস্ৰায়েলৰ লোকসকললৈ উলটি আহিব। [QE]
4. [QS]যিহোৱাৰ শক্তিৰে তেওঁ থিয় হ’ব, [QE][QS]আৰু তেওঁৰ পশুৰ জাক চৰাব, [QE][QS]তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ নামৰ মহিমাত, [QE][QS]তেওঁলোকে বাস কৰিব; [QE][QS]কাৰণ তেওঁ পৃথিবীৰ শেষলৈকে মহান হ’ব। [QE]
5. [QS]তেঁৱেই আমাৰ শান্তি হ’ব; [QE][QS]যেতিয়া অচূৰে আমাৰ দেশলৈ সোমাই আহিব, [QE][QS]আৰু আমাৰ দুৰ্গবোৰৰ অহিতে তেওঁলোকে দৃঢ়ভাৱে অগ্রগতি কৰিব, [QE][QS]তেতিয়া আমি তেওঁলোকৰ বিৰুদ্ধে সাত জন মেৰ-ছাগ ৰখীয়া, [QE][QS]আৰু লোকসকলৰ ওপৰত আঠ জন মূখ্য লোকক তুলি ধৰিম। [QE]
6. [QS]এই লোকসকলে তৰোৱালেৰে অচূৰৰ দেশ, [QE][QS]আৰু নিজৰ হাতৰ তৰোৱালেৰে নিম্রোদৰ দেশ শাসন কৰিব। [QE][QS]যেতিয়া অচূৰে আমাৰ দেশত সোমাব, [QE][QS]আৰু আমাৰ সীমাৰ ভিতৰত খোজ দিব, [QE][QS]তেতিয়া তেওঁ আমাক অচূৰৰ পৰা ৰক্ষা কৰিব। [QE]
7. [QS]বহুতো মানুহৰ মাজত যাকোবৰ অৱশিষ্ট লোক, [QE][QS]যিহোৱাৰ পৰা অহা নিয়ৰ, [QE][QS]আৰু ঘাঁহত পৰা বৰষুণৰ দৰে থাকিব। [QE][QS]সেইবোৰে মানুহৰ, [QE][QS]আৰু মনুষ্য সন্তান সকলৰ বাবে অপেক্ষা নকৰে। [QE]
8. [QS]দেশৰ আৰু বহুতো মানুহৰ মাজত [QE][QS]যাকোবৰ অৱশিষ্ট লোক, [QE][QS]জংঘলত জন্তুৰ মাজত থকা সিংহ দৰে, [QE][QS]আৰু মেৰ-ছাগৰ জাকৰ মাজত থকা যুবা সিংহৰ দৰে থাকিব। [QE][QS]যেতিয়া তেওঁ তেওঁলোকৰ মাজেৰে যায়, [QE][QS]তেওঁ তেওঁলোকক গচকে আৰু ফালি টুকুৰা টুকুৰ কৰে, [QE][QS]আৰু সেই ঠাইত তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাথাকে। [QE]
9. [QS]তোমাৰ শত্ৰুবোৰৰ বিৰুদ্ধে তোমাৰ হাত তুলি ধৰা হওক, [QE][QS]আৰু সেয়ে তেওঁলোকক ধ্বংস কৰিব। [QE]
10. [QS]“সেই দিনা এইদৰে ঘটিব,” যিহোৱাই কৈছে, [QE][QS]“মই তোমালোকৰ মাজৰ পৰা তোমালোকৰ ঘোঁৰাবোৰ ধ্বংস কৰিম, [QE][QS]আৰু তোমালোকৰ ৰথবোৰ বিনষ্ট কৰিম। [QE]
11. [QS]মই তোমালোকৰ দেশৰ নগৰবোৰ উচ্ছন্ন কৰিম, [QE][QS]আৰু তোমালোকৰ দুৰ্গবোৰ ভাঙি পেলাম। [QE]
12. [QS]মই তোমালোকৰ হাতৰ মায়াকর্ম নষ্ট কৰিম, [QE][QS]আৰু তোমালোকৰ কোনো গণক দীৰ্ঘ সময় নাথাকিব। [QE]
13. [QS]মই তোমালোকৰ মাজৰ পৰা কটা-প্ৰতিমাবোৰ, [QE][QS]আৰু তোমালোকৰ শিলৰ স্তম্ভবোৰ ধ্বংস কৰিম। [QE][QS]তোমালোকৰ নিজৰ হাতৰ কার্যক প্ৰণিপাত কৰি নাথাকিবা; [QE]
14. [QS]মই তোমালোকৰ মাজৰ পৰা আচেৰা খুঁটা বিনাশ কৰিম, [QE][QS]আৰু মই তোমালোকৰ নগৰবোৰ ধ্বংস কৰিম। [QE]
15. [QS]যি দেশে মোৰ কথা নুশুনে, সেই দেশৰ ওপৰত [QE][QS]মই খং আৰু ক্ৰোধেৰে প্ৰতিকাৰ সাধিম। [QE]