1. {#1প্ৰকৃত দানশীলা মহিলাক প্ৰশংসা কৰা } [PS]পাছত[* মাৰ্ক 12:41-44 ] তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
2. কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
3. তাতে তেওঁ ক’লে, [SCJ]“মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।[SCJ.][† 2 কৰি 8:12 ]
4. [SCJ]কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”[SCJ.] [PE]
5. {#1খ্ৰীষ্টৰ পুনৰাগমনৰ বিষয়ে জনোৱা } [PS]পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
6. [SCJ]“এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”[SCJ.] [PE]
7. [PS]তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
8. তাতে যীচুৱে ক’লে, [SCJ]“তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।[SCJ.][‡ ইফি 5:6; 2 থি 2:3 ][SCJ]কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।[SCJ.]
9. [SCJ]যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা;[SCJ.][§ গীত 46:1-3 ][SCJ]কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”[SCJ.] [PE]
10. [PS]তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, [SCJ]“জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;[SCJ.]
11. [SCJ]আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।[SCJ.] [PE]
12. [PS][SCJ]কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব;[SCJ.][* পাঁ 4:3; 5:18; 12:4; 16:24 ][SCJ]আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।[SCJ.]
13. [SCJ]সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।[SCJ.] [PE]
14. [PS][SCJ]এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;[SCJ.]
15. [SCJ]কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।[SCJ.][† পাঁ 6:10 ] [PE]
16. [PS][SCJ]আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।[SCJ.]
17. [SCJ]তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।[SCJ.][‡ মথি 10:22; যো 17:14 ]
18. [SCJ]কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।[SCJ.]
19. [SCJ]তোমালোকে নিজ ধৈৰ্যৰে,[SCJ.][§ ইব্ৰী 10:36; যাক 1:4 ][SCJ]নিজ নিজ প্ৰাণ লাভ কৰিবা।[SCJ.] [PE]
20. [PS][SCJ]যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।[SCJ.]
21. [SCJ]তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।[SCJ.]
22. [SCJ]এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।[SCJ.] [PE]
23. [PS][SCJ]সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।[SCJ.]
24. [SCJ]তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।[SCJ.] [PE]
25. [PS][SCJ]তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷[SCJ.]
26. [SCJ]পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।[SCJ.] [PE]
27. [PS][SCJ]তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।[SCJ.][* প্ৰ 1:7; 14:14 ]
28. [SCJ]কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”[SCJ.] [PE]
29. [PS]পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, [SCJ]“ডিমৰু আদি সকলো গছ চোৱা;[SCJ.]
30. [SCJ]সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।[SCJ.]
31. [SCJ]সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।[SCJ.] [PE]
32. [PS][SCJ]মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।[SCJ.]
33. [SCJ]স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।[SCJ.][† যিচ 40:8 ] [PE]
34. [PS][SCJ]কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনা[SCJ.][‡ 1 থি 5:2; 2 পি 3:10; প্ৰ 16:15 ][SCJ]সেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।[SCJ.] [§ ৰো 13:12, 13; 1 থি 5:6-8; 1 পি 4:7 ]
35. [SCJ]কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।[SCJ.] [PE]
36.
37. [PS][SCJ]কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”[SCJ.] [PE][PS]সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
38. সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল। [PE]