1. {যিৰূচালেমৰ দুখভোগ। } [QS]যি যিৰূচালেম নগৰ এসময়ত প্ৰজাৰে পৰিপূৰ্ণ আছিল, সেই নগৰ এতিয়া কেনে অকলশৰীয়া হৈ ৰৈ আছে! [QE][QS]যদিও তাই জাতি সমূহৰ মাজত ক্ষমতাশালী আছিল, তথাপি তাই বিধৱাৰ দৰে হ’ল! [QE][QS]প্ৰদেশবোৰৰ মাজত তাই ৰাণী আছিল, কিন্তু এতিয়া দাসত্বৰ অধীন হ’ল! [QE]
2. [QS]তাই ৰাতি উচুপি বিলাপ কৰে আৰু তাইৰ চকুৰ পানী গালেৰে বৈ যায়। [QE][QS]তাইৰ প্ৰেমিক সকলৰ মাজত তাইক শান্ত্বনা দিবলৈ কোনো নাই। [QE][QS]তাইৰ সকলো বন্ধুৱে তাইক বিশ্বাস-ঘাতকতা কৰিলে। তেওঁলোক তাইৰ শত্ৰু হ’ল। [QE]
3. [QS]দৰিদ্রতা আৰু ক্লেশ-ভোগ কৰাৰ পাছত যিহূদা বন্দীত্বত গ’ল। [QE][QS]তাই কোনো বিশ্ৰাম নোপোৱাকৈ সকলো জাতিৰ মাজত বাস কৰি আছে। [QE][QS]তাই হতাশ হোৱাত তাইৰ শত্রু সকলে তাইক আক্রান্ত কৰিলে। [QE]
4. [QS]নিৰ্ধাৰিত পৰ্ব্বলৈ কোনো নোযোৱাত, চিয়োনৰ পথবোৰে শোক কৰিছে। [QE][QS]তাইৰ আটাই দুৱাৰ অৱহেলিত হ’ল। তাইৰ পুৰোহিতসকলে দুখত কেঁকাই আছে। [QE][QS]তাইৰ কুমাৰীসকল শোকত আছে আৰু নিজেও অতি বেজাৰত আছে। [QE]
5. [QS]তাইৰ শত্ৰুবোৰ, তাইৰ প্রভু হ’ল; আৰু তেওঁলোকৰ উন্নতি হ’ল। [QE][QS]কিয়নো তাইৰ অপৰাধ অধিক হোৱা কাৰণে যিহোৱাই তাইক ক্লেশ দিলে। [QE][QS]তাইৰ শিশুসকল শত্ৰুৰ হাতত বন্দী-অৱস্থালৈ গ’ল। [QE]
6. [QS]আৰু চিয়োন-জীয়াৰীৰ সৌন্দৰ্য্যই তাইক ত্যাগ কৰিলে। [QE][QS]তাইৰ ৰাজকুমাৰসকল চৰণীয়া ঠাই নোপোৱা হৰিণৰ দৰে হ’ল, [QE][QS]আৰু শক্তিহীন হৈ খেদি নিয়া শত্রুৰ আগে আগে গ’ল। [QE]
7. [QS]যিৰূচালেমে নিজৰ দুখ আৰু কষ্টৰ দিনত, [QE][PS]পূৰ্বকালৰ নিজৰ সকলো মনোহৰ বস্তুবোৰৰ বিষয়ে সোঁৱৰণ কৰিছে। [QE][QS]যেতিয়া তাইৰ প্ৰজাসকল শত্ৰুৰ হাতত পৰিল, তেতিয়া কোনেও তাইক সহায় নকৰিলে। [QE][QS]শত্ৰুবোৰে তাইৰ ধ্বংস হোৱা অৱস্থা দেখি উপহাস কৰিলে। [QE]
8. [QS]যিৰূচালেমে অতিশয় পাপ কৰিলে; এই কাৰণে তাই অশুচি বস্তু যেন হ’ল। [QE][QS]তাইৰ সন্মানকাৰীসকলে তাইৰ উলঙ্গতা দেখি তাইক তুচ্ছ জ্ঞান কৰিলে। [QE][QS]তাই দুখেৰে কেঁকাই পাছফালে মুখ ঘূৰায়। [QE]
9. [QS]তাইৰ চুৱা, তাইৰ কাপোৰৰ আঁচলত লাগি আছে। তাই নিজৰ শেষ গতিলৈ মন নকৰিলে। [QE][QS]এই কাৰণে আচৰিতৰূপে তাইৰ অধোগতি হ’ল। তাইক শান্ত্বনা দিওঁতা কোনো নাই। [QE][QS]হে যিহোৱা, মোৰ ক্লেশলৈ দৃষ্টি কৰক, কাৰণ শত্ৰু অতি মহান হ’ল! [QE]
10. [QS]শত্ৰুৱে তাইৰ আটাই মনোহৰ বস্তুবোৰৰ ওপৰত হাত দিলে। [QE][QS]যি জাতিবোৰক আপোনাৰ সমাজত সোমাবলৈ আপুনি নিষেধ কৰিছিল, [QE][QS]তাই সেই জাতিবোৰক তাইৰ পবিত্ৰ স্থানত প্ৰৱেশ কৰা দেখিলে। [QE]
11. [QS]তাইৰ সকলো প্ৰজাই অন্ন বিচাৰি দুখত কেঁকাই আছে। [QE][QS]তেওঁলোকে আহাৰ খাই পুনৰ জীৱন প্রতিষ্ঠা কৰিবলৈ নিজ নিজ মনোহৰ বস্তুবোৰ দিলে। [QE][QS]হে যিহোৱা, চাওঁক আৰু মোৰ বিষয়ে বিবেচনা কৰক, কিয়নো মই অযোগ্য হ’লো। [QE]
12. [QS]হে বাটৰুৱাসকল, এয়ে তোমালোকৰ দৃষ্টিত একোকে নহয় নে? [QE][QS]বিচাৰ কৰা আৰু চোৱা, মোলৈ কৰা মোৰ এই দুখৰ নিচিনা আৰু দুখ হ’ব পাৰেনে? [QE][QS]কিয়নো যিহোৱাই নিজৰ প্ৰচণ্ড ক্ৰোধৰ দিনা মোক যন্ত্ৰণা দিলে। [QE]
13. [QS]তেওঁ ওপৰৰ পৰা মোৰ হাড়বোৰৰ মাজলৈ অগ্নি পঠিয়ালে আৰু সেয়ে হাড়বোৰক জ্ৱলাই পেলালে। [QE][QS]তেওঁ মোৰ ভৰিত জাল পাতিলে আৰু মোক ঘূৰাই আনিলে। [QE][QS]তেওঁ মোক সঘনাই পৰিত্যক্ত আৰু শক্তিহীন কৰিলে। [QE]
14. [QS]মোৰ অপৰাধৰূপ যুৱলি, তেওঁৰ হাতেৰে বন্ধা হ’ল। [QE][QS]সেইবোৰক একেলগে গোঁঠি মোৰ ডিঙিত পিন্ধাই দিয়া হ’ল। তেওঁ মোক শক্তিহীন কৰিলে। [QE][QS]যি সকলৰ বিৰুদ্ধে মই থিয় হ’ব নোৱাৰোঁ, তেওঁলোকৰ হাতত যিহোৱাই মোক সমৰ্পণ কৰিলে। [QE]
15. [QS]মোক ৰক্ষা কৰা মোৰ আটাই বীৰকে প্ৰভুৱে তুচ্ছ কৰিলে। [QE][QS]তেওঁ মোৰ বলৱান লোকসকলক গুৰি কৰিবলৈ মোৰ অহিতে এখন সভা আহ্বান কৰিলে। [QE][QS]প্ৰভুৱে মোৰ যিহূদা-জীয়াৰীক দ্ৰাক্ষাকুণ্ডত গচকা দি গচকিলে। [QE]
16. [QS]এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; [QE][QS]কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। [QE][QS]শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল। [QE]
17. [QS]চিয়োনে সহায়ৰ বাবে বহলকৈ হাত মেলিছে; তাইক শান্তনা দিবলৈ কোনো নাই। [QE][QS]যাকোবৰ চাৰিওফালে থকা লোকসকলক, তাইৰ শত্ৰু হ’বলৈ যিহোৱাই আজ্ঞা দিছে। [QE][QS]তেওঁলোকৰ মাজত যিৰূচালেম অশুচি বস্তু যেন হ’ল। [QE]
18. [QS]যিহোৱা ধাৰ্মিক, কিয়নো মই তেওঁৰ আজ্ঞাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলোঁ। [QE][QS]হে জাতি সমূহ শুনা, মই তোমালোকক বিনয় কৰোঁ আৰু মোৰ দুখলৈ মন কৰা। [QE][QS]মোৰ যুৱতী আৰু বীৰসকল বন্দী অৱস্থালৈ গ’ল। [QE]
19. [QS]মই মোৰ প্ৰেমকাৰীসকলক মাতিলোঁ, কিন্তু তেওঁলোক মোৰ প্রতি বিশ্বাসঘাতক হ’ল। [QE][QS]যেতিয়া নিজ প্ৰাণ ৰক্ষা কৰিবৰ বাবে তেওঁলোকে আহাৰ বিচাৰিছিল; [QE][QS]তেতিয়া মোৰ পুৰোহিত আৰু পৰিচাৰক সমূহে নগৰত প্ৰাণ ত্যাগ কৰিলে। [QE]
20. [QS]হে যিহোৱা, চাওঁক, মই সঙ্কটত পৰিলোঁ; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। [QE][QS]মোৰ অন্তৰত মোৰ হৃদয় বিকৃত হ’ল, কাৰণ মই অত্যন্ত বিদ্ৰোহ কৰিলোঁ। [QE][QS]বাহিৰত আমাক তৰোৱালেৰে নিঃসন্তান কৰিছে; আৰু ঘৰত যেন মৃত্যুহে উপস্থিত হৈছে। [QE]
21. [QS]মোৰ কেঁকনি শুনক। মোক শান্ত্বনা দিবলৈ কোনো নাই। [QE][QS]মোৰ আটাই শত্রুৱে মোৰ দুৰৱস্থাৰ বিষয়ে শুনিলে, আৰু আপুনি যে এনে অৱস্থা কৰিলে, সেই কাৰণে তেওঁলোক আনন্দিত হৈছে। [QE][QS]আপুনি যি দিনৰ বিষয়ে ঘোষণা কৰিলে, সেই দিন উপস্থিত কৰক, তেতিয়া তেওঁলোকো মোৰ দৰে হ’ব। [QE]
22. [QS]তেওঁলোকৰ সকলো দুষ্টতা আপোনাৰ আগত উপস্থিত হওঁক, [QE][QS]মোৰ সকলো অপৰাধৰ কাৰণে আপুনি মোলৈ কৰা নিচিনাকৈ তেওঁলোকলৈকো কৰক; [QE][QS]কিয়নো মোৰ দুখৰ কেঁকনি অনেক আৰু মোৰ অন্তৰ দু্ৰ্বল। [QE]