1. [PS]দক্ষিণ কনানৰ অন্তভাগত ইদোমৰ সীমালৈকে দক্ষিণফালে ছিন মৰুপ্ৰান্তলৈ নিজ নিজ বংশ অনুসাৰে যিহূদাৰ সন্তান সকলৰ ফৈদৰ সীমা নিৰূপণ কৰা হ’ল।
2. তেওঁলোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰ[* মৰুৎ সাগৰ ]ৰ শেষ অংশৰ পৰা অৰ্থাৎ দক্ষিণ ফাললৈ বাঢ়ি যোৱা উপসাগৰৰ পৰা আৰম্ভ হ’ল। [PE]
3. [PS]অক্ৰব্বীম নামৰ পৰ্ব্বতৰ দক্ষিণফালে উঠি হিষ্ৰোণেদি গৈ, অদ্দৰলৈ উঠি কৰ্কালৈকে ঘূৰি গ’ল৷
4. পাছত অচমোনলৈ গৈ, মিচৰ দেশৰ জুৰিয়েদি সাগৰত ইয়াৰ সীমা শেষ হ’ল। এয়ে তেওঁলোকৰ দক্ষিণ সীমা আছিল৷ [PE]
5. [PS]যৰ্দ্দনৰ মুখত থকা লবণ সমুদ্ৰটো পূব সীমা আছিল৷ উত্তৰ ফালৰ সীমা সমুদ্ৰৰ উপসাগৰৰ ভাগৰ পৰা যর্দ্দনৰ মুখলৈ আছিল৷
6. এই সীমা বৈৎ-হগ্লালৈ উঠি গৈ বৈৎ-অৰাবাৰ উত্তৰ ফালে গ’ল৷ পাছত সেই সীমা ৰূবেণৰ সন্তান বোহনৰ শিলটোলৈকে উঠি গ’ল৷ [PE]
7. [PS]পাছত সেই সীমা আখোৰ উপত্যকাৰ পৰা দবীৰলৈ উঠি গৈ উত্তৰ ফালে ঘূৰি গিলগলৰ দিশে; ইয়াৰ অৱস্থিতি নদীৰ দক্ষিণ পাৰত থকা অদুম্মীম পর্বতৰ বিপৰীতে আছিল৷ পাছত সেই সীমা অয়িন-চেমচৰ জুৰিৰ কাষে কাষে অয়িন-ৰোগেলত গ’ল।
8. তাৰ পাছত সেই সীমা বিন হিন্নোমৰ উপত্যকাইদি উঠি যিবুচী নগৰৰ দক্ষিণ কাষলৈ অৰ্থাৎ যিৰূচালেমলৈ গ’ল৷ পাছত সেই সীমা পশ্চিম দিশৰ বিন-হিন্নোমৰ উপত্যকাৰ সন্মুখত থকা আৰু উত্তৰ ফালে ৰফায়ীম উপত্যকাৰ অন্তভাগত থকা পৰ্ব্বতৰ টিঙলৈকে গ’ল৷ [PE]
9. [PS]পাছত এই সীমা সেই পৰ্ব্বতৰ ওপৰৰ পৰা নেপ্তোহ জলৰ ভুমুকলৈকে বাঢ়ি গৈ ইফ্ৰোণ পৰ্ব্বতৰ নগৰবোৰত ওলাল৷ পাছত সেই সীমা বালা অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীমলৈকে ঘূৰি তাতে থিৰ হ’ল৷
10. পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷ [PE]
11. [PS]আৰু সেই সীমা ইক্ৰোণৰ উত্তৰ কাষত ওলাল, পাছত চিক্কৰোণলৈকে থিৰ হৈ বালা পৰ্ব্বতলৈ গৈ যচনিয়েলত ওলাল৷ সেই সীমাৰ অন্ত সমুদ্ৰত আছিল।
12. পশ্চিম সীমাটো মহাসাগৰ আৰু ইয়াৰ অঞ্চল আছিল। এয়ে যিহূদা ফৈদৰ সন্তান সকলৰ বংশানুক্ৰমে থকা চাৰিও ফালৰ সীমা। [PE]
13. [PS]পাছত যিহোচূৱালৈ কৰা যিহোৱাৰ আজ্ঞা অনুসাৰে, তেওঁ যিহূদাৰ সন্তান সকলৰ মাজত যিফুন্নিৰ পুত্ৰ কালেবক, নিজ অংশৰ অৰ্থে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে৷ সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল৷
14. কালেবে তাৰ পৰা অনাকৰ বংশৰ চেচয়, অহিমন আৰু তল্ময় নামেৰে অনাকৰ এই তিনিটা বংশধৰ দূৰ কৰিলে।
15. পাছত তাৰ পৰা তেওঁ দবীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠিল পূৰ্বতে দবীৰৰ নাম কিৰিয়ৎ-চেফৰ আছিল৷ [PE]
16. [PS]সেই সময়ত কালেবে ক’লে, “যি জনে কিৰিয়ৎ-চেফৰ আক্ৰমণ কৰি বন্দী কৰি ল’ব, তেওঁক মই মোৰ জী অকচাক কন্যা হিচাপে দান কৰিম৷”
17. তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে। [PE]
18.
19. [PS]সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?” [PE]
20. [PS]তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে। [PE]
21. [PS]এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল। [PE][PS]ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22. কীনা, দীমোনা, অদাদা,
23. কেদচ, হাচোৰ, যিৎনন,
24. জীফলম, টেলন, বালোৎ৷ [PE]
25. [PS]হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
26. অমাম, চমা, মোলাদা,
27. হচৰ-গদ্দা, হিচ্মোন বৈৎ-পেলট,
28. হচৰ-চূৱাল, বেৰ-চেবা, বিজিয়োথিয়া৷ [PE]
29. [PS]বালা, ইয়ীম, এচম,
30. ইল্টুলদ, কচীল, হৰ্মা,
31. চিক্লগ, মদ্মন্না, চন্চন্না,
32. লবায়োৎ, চিল্হীম, ঐন আৰু ৰিম্মোন৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি, এইবোৰ সৰ্ব্বমুঠ উনত্ৰিশখন নগৰ৷ [PE]
33. [PS]পশ্চিম ফালৰ নিম্ন ভুমিত থকা নগৰ বোৰ আছিল ইষ্টায়োল, চৰা, অচ্না,
34. জানোহ, অয়িন-গন্নীম, তপ্পুহ, ঐনম,
35. যৰ্মূত, অদুল্লম, চোকো, অজেকা,
36. চাৰয়িম, অদীথয়িম আৰু গদেৰা[† গদেৰা গদেৰোথয়িম ]৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এইবোৰ সকলো নগৰৰ সংখ্যা আছিল চৌধ্যখন৷ [PE]
37. [PS]চনান, হদাচা, মিগ্দল-গাদ,
38. দিলিয়ন, মিস্পি, যক্তেল,
39. লাখীচ, বস্কৎ, ইগ্লোন৷ [PE]
40. [PS]কব্বোন, লহমম, কিৎলীচ,
41. গদেৰোৎ, বৈৎ-দাগোন, নয়মা আৰু মক্কেদা৷ তেওঁলোকৰ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা আছিল ষোল্লখন৷ [PE]
42. [PS]লিব্না, এথৰ, আচন,
43. যিপ্তহ, অস্না, নচীব,
44. কয়ীলা, অকজীব আৰু মাৰেচা৷ গাওঁবোৰ গণনা নকৰি মুঠে ন খন নগৰ আছিল। [PE]
45. [PS]ইক্ৰোণ, তাৰ উপনগৰ আৰু গাওঁ;
46. ইক্ৰোণৰ পৰা সমুদ্ৰলৈকে অচ্দোদৰ ওচৰত থকা সকলো উপনগৰ আৰু সেইবোৰৰ গাওঁ। [PE]
47.
48. [PS]অচ্দোদ, তাৰ উপনগৰ আৰু গাওঁ; গাজা,তাৰ উপনগৰ আৰু গাওঁ। মিচৰ জুৰি আৰু মহা-সমুদ্ৰ আৰু তাৰ সীমালৈকে৷ [PE][PS]পৰ্ব্বতীয়া অঞ্চলৰ নগৰ চামীৰ, যত্তীৰ, চোকো,
49. দন্না, কিৰিয়ৎ-চন্না,
50. অনাব, ইষ্টিমোৱা, আনীম,
51. গোচন, হোলোন আৰু গিলো৷ গাওঁবোৰ গণনা নকৰি এই বোৰ সকলো মুঠে এঘাৰ খন নগৰ৷ [PE]
52. [PS]অৰাব, দুমা, ইচিয়ন,
53. যানীম, বৈৎ-তপ্পূহ, অফেকা,
54. হুম্টা, কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ আৰু চীয়োৰ৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰ বোৰৰ সংখ্যা মুঠে ন খন৷ [PE]
55. [PS]মায়োন, কৰ্মিল, জীফ, যুত্তা,
56. যিজ্ৰিয়েল, যক্দিয়াম, জানোহ,
57. কয়িন, গিবিয়া আৰু তিম্না৷ গাওঁবোৰ গণনা নকৰি এই সকলো নগৰৰ মুঠ সংখ্যা হৈছে দহখন৷ [PE]
58. [PS]হল্হূল, বৈৎ-চুৰ, গদোৰ,
59. মাৰৎ, বৈৎ-অনোৎ আৰু ইল্টকোন৷ গাওঁবোৰৰ গণনা নকৰি ইয়াৰ মুঠে ছখন নগৰ৷ [PE]
60.
61. [PS]কিৰিয়ৎ-বাল অৰ্থাৎ কিৰিয়ৎ-যিয়াৰীম আৰু ৰব্বা৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ মুঠ দুখন নগৰ৷ [PE][PS]মৰুপ্ৰান্তত বৈৎ-অৰাবা, মিদ্দিন, চকাকা,
62. নিব্চন, লবণ নগৰ আৰু অয়িন-গদী৷ গাওঁবোৰ গণনা নকৰি ইয়াৰ নগৰৰ মুঠ সংখ্যা হ’ল ছখন৷ [PE]
63. [PS]কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে। [PE]