1. {#1কাৰ্যৰ বিষয়ে শিষ্য সকলৰ সৈতে যীচুৰ কথোপকথন } [PS][SCJ]“ময়েই প্ৰকৃত দ্ৰাক্ষালতা; মোৰ পিতৃ খেতিয়ক[SCJ.]
2. [SCJ]গুচাই পেলায় আৰু যি যি ডালত গুটি ধৰে; সেইবোৰ ডালত পুনৰ অধিক গুটি ধৰিবলৈ তেওঁ পৰিষ্কাৰ কৰি দিয়ে।[SCJ.] [PE]
3. [PS][SCJ]মই তোমালোকক কোৱা শিক্ষাৰ যোগেদি তোমালোক এতিয়া পৰিষ্কৃত হৈছা।[SCJ.]
4. [SCJ]তোমালোক মোত সংযুক্ত হৈ থাকা, ময়ো তোমালোকৰ সৈতে সংযুক্ত হৈ থাকিম। দ্ৰাক্ষালতাত লাগি নাথাকিলে, ডালত যেনেকৈ গুটি ধৰিব নোৱাৰে, তেনেকৈ মোৰ লগত নাথাকিলে, তোমালোকে ফলবন্ত হব নোৱাৰিবা।[SCJ.] [PE]
5. [PS][SCJ]ময়েই দ্ৰাক্ষালতা, তোমালোক ডাল; যি জন মোৰ লগত থাকে আৰু ময়ো যি জনত থাকোঁ, সেই জন বহু ফলৱান হয়; কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা।[SCJ.]
6. [SCJ]কোনোৱে যদি মোৰ লগত নাথাকে, তেনেহ’লে তেওঁক শুকান ডালৰ দৰে বাহিৰলৈ পেলোৱাত, সি শুকাই যায় আৰু সেইবোৰ গোটাই জুইত পেলাই দিয়া হয়, তাতে সেইবোৰ পোৰা যায়।[SCJ.]
7. [SCJ]তোমালোক যদি মোত থাকা আৰু মোৰ শিক্ষাও যদি তোমালোকত থাকে, তেনেহ’লে যি ইচ্ছা কৰা, তাকে খোজা, সেয়াই তোমালোকলৈ কৰা হব।[SCJ.] [PE]
8. [PS][SCJ]ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত শিষ্য।[SCJ.]
9. [SCJ]পিতৃয়ে যেনেকৈ মোক প্ৰেম কৰিলে, ময়ো তোমালোকক তেনেকৈ প্ৰেম কৰিলোঁ; তোমালোকে মোৰ প্ৰেমতে থাকা।[SCJ.] [PE]
10. [PS][SCJ]যদি মোৰ আজ্ঞা পালন কৰা, তেনেহলে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰেমত থাকোঁ; তোমালোকো তেনেকৈ তেওঁৰ প্ৰেমতে থাকিবা।[SCJ.]
11. [SCJ]মোৰ আনন্দ তোমালোকত যেন থাকে আৰু তোমালোকৰ আনন্দ যেন সম্পূৰ্ণ হয়, এই কাৰণে তোমালোকক এইবোৰ কথা মই ক’লোঁ।[SCJ.] [PE]
12. [PS][SCJ]এই মোৰ আজ্ঞা, মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে প্ৰেম কৰিবা।[SCJ.]
13. [SCJ]বন্ধুৰ বাবে নিজৰ প্ৰাণ দিয়াৰ দৰে শ্ৰেষ্ঠ প্ৰেম আন ক’তো নাই।[SCJ.] [PE]
14. [PS][SCJ]তোমালোকক মই যি যি আজ্ঞা দিওঁ, সেইবোৰ যদি পালন কৰা, তেনেহলে তোমালোক মোৰ বন্ধু।[SCJ.]
15. [SCJ]এতিয়াৰ পৰা মই তোমালোকক দাস বুলি নকওঁ, কিয়নো প্ৰভুৱে যি কৰে দাসে সেই বিষয়ে নাজানে। মই তোমালোকক বন্ধু বুলি কওঁ, কিয়নো মোৰ পিতৃৰ পৰা যি যি শুনিলোঁ; সেই বিষয়বোৰ তোমালোকক জনালোঁ।[SCJ.] [PE]
16. [PS][SCJ]তোমালোকে যে মোক মনোনীত কৰিলা এনে নহয়, মইহে তোমালোকক মনোনীত কৰিলোঁ; আৰু তোমালোক যেন ফলৱন্ত হোৱা, তাতে তোমালোকৰ ফল যেন স্থায়ী হয়। মোৰ নামেৰে পিতৃৰ আগত যি খুজিবা, সেয়াই তেওঁ তোমালোকক দিব, এই কাৰণে তোমালোকক নিযুক্ত কৰিলোঁ।[SCJ.]
17. [SCJ]মই তোমালোকক এইবোৰ আজ্ঞা দিছোঁ, তোমালোকে পৰস্পৰে ইজনে সিজনক প্ৰেম কৰিবা।[SCJ.] [PE]
18. [PS][SCJ]জগতে যদি তোমালোকক ঘৃণা কৰে, তেনেহলে জানিব লাগে যে তোমালোকক ঘৃণা কৰাৰ পূর্বে মোকেই ঘৃণা কৰিলে।[SCJ.]
19. [SCJ]তোমালোক জগতৰ হোৱা হ’লে, জগতে তোমালোকক নিজৰ লোকৰ দৰে প্ৰেম কৰিলেহেঁতেন; কিন্তু তোমালোক জগতৰ নোহোৱা। মই তোমালোকক জগতৰ মাজৰ পৰা মনোনীত কৰিলোঁ, এই কাৰণে জগতে তোমালোকক ঘৃণা কৰে।[SCJ.] [PE]
20. [PS][SCJ]মই তোমালোকক যি শিক্ষা দিলোঁ সেই বিষয়ে সোঁৱৰণ কৰা, ‘এজন দাস তেওঁৰ গৰাকীতকৈ ডাঙৰ নহয়৷’ তেওঁলোকে যদি মোক তাড়না কৰিলে, তেনেহলে তোমালোককো তাড়না কৰিব; মোৰ বাক্য যদি পালন কৰে, তেনেহলে তোমালোকৰ বাক্যও পালন কৰিব।[SCJ.]
21. [SCJ]কিন্তু যি জনে মোক পঠিয়ালে, তেওঁক তেওঁলোকে নজনাৰ কাৰণে, মোৰ নামৰ কাৰণে তোমালোকক এইদৰে কৰিব।[SCJ.]
22. [SCJ]মই আহি তেওঁলোকক কথা নোকোৱা হ’লে, তেওঁলোকৰ পাপ নহ’লহেঁতেন; কিন্তু এতিয়া পাপৰ বিষয়ে আপত্তি দৰ্শাবলৈ তেওঁলোকৰ কোনো উপায় নাই।[SCJ.] [PE]
23. [PS][SCJ]যি জনে মোক ঘৃণা, সেই জনে মোৰ পিতৃকো ঘৃণা কৰে।[SCJ.]
24. [SCJ]যি কর্ম আন কোনোৱে কেতিয়াও কৰা নাই, মই তেওঁলোকৰ মাজত তেনে কৰ্ম নকৰা হ’লে, তেওঁলোকৰ পাপ নহলহেঁতেন; কিন্তু এতিয়া মোক আৰু মোৰ পিতৃৰ কর্মবোৰক তেওঁলোকে দেখিলে, তথাপি তেওঁলোকে আমাক ঘৃণা কৰিলে।[SCJ.]
25. [SCJ]বিধান-শাস্ত্ৰৰ এই বাক্য পূর্ণ হবলৈ, এই সকলো ঘটিল; যেনেদৰে তেওঁলোকৰ শাস্ত্রত লিখা আছে, ‘কোনো কাৰণ নোহোৱাতো তেওঁলোকে মোক ঘৃণা কৰিলে’।[SCJ.] [PE]
26. [PS][SCJ]কিন্তু পিতৃৰ পৰা ওলোৱা সেই সহায়কর্তা আহিব, সেই অগ্রসৰ হোৱা সত্যৰ আত্মাক মই যেতিয়া তোমালোকলৈ পঠাম, তেতিয়া তেওঁ মোৰ বিষয়ে সাক্ষ্য দিব।[SCJ.]
27. [SCJ]তোমালোক আদিৰে পৰা মোৰ লগত থকাৰ কাৰণে, তোমালোকেও সাক্ষ্য দিবা।”[SCJ.] [PE]