1.
2. [PS]যিহোৱাই ইয়োবক আৰু উত্তৰ কৰি ক’লে, [PE][QS]দোষ ধৰোঁতাই জানো সৰ্ব্বশক্তিমান জনাৰ লগত বিবাদ কৰিব? [QE][QS]ঈশ্বৰৰ লগত বাদানুবাদ কৰোঁতাই তাৰ উত্তৰ দিয়ক। [QE]
3. [PS]তাতে ইয়োবে যিহোৱাক উত্তৰ কৰি ক’লে, [QE]
4. [QS]“চোৱা, মই নীহ, তোমাক কি উত্তৰ দিম? [QE][QS]মই মোৰ মুখত হাত দিওঁ। [QE]
5. [QS]মই এবেলি ক’লোঁ, আৰু উত্তৰ নিদিওঁ; [QE][QS]এনে কি, দুবেলি ক’লো, কিন্তু পুনৰায় নকওঁ।” [QE]
6. {যিহোৱাই দিয়া দ্বিতীয় উত্তৰ। } [PS]তেতিয়া যিহোৱাই ধুমুহাটোৰ মাজৰ পৰা ইয়োবক উত্তৰ দি ক’লে, [QE]
7. [QS]“তুমি বীৰৰ দৰে কঁকাল বান্ধা; [QE][QS]মই তোমাক সোধোঁ, তুমি মোক কোৱা। [QE]
8. [QS]মই ন্যায় বিৰুদ্ধ বুলি তুমি সঁচাই ক’বা নে? [QE][QS]বা নিজকে ধাৰ্মিক কৰিবৰ অৰ্থে মোক দোষী কৰিবা নে? [QE]
9. [QS]তোমাৰ জানো ঈশ্বৰৰ নিচিনা বাহু আছে? [QE][QS]তুমি জানো তেওঁৰ দৰে মেঘ-গৰ্জ্জনৰ নিচিনা শব্দ কৰিব পাৰা? [QE]
10. [QS]তেনেহলে তুমি প্ৰতাপ আৰু মহিমাৰে বিভুষিত হোৱা, [QE][QS]প্ৰভাব আৰু গৌৰৱৰূপ বস্ত্ৰ পৰিধান কৰা; [QE]
11. [QS]তুমি নিজ ক্ৰোধৰূপ বৃষ্টি বৰষোৱা, [QE][QS]প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নত কৰা। [QE]
12. [QS]প্ৰত্যেক অহঙ্কাৰীকে চোৱা আৰু তেওঁলোকক নীহ অৱস্থালৈ পেলোৱা, [QE][QS]দুষ্টবোৰক সিহঁতৰ নিজ নিজ ঠাইত গচকি পেলোৱা; [QE]
13. [QS]সিহঁতক একেবাৰে ধুলিৰে ঢাকি থোৱা, [QE][QS]সিহঁতৰ মুখ গুপুত ঠাইত বান্ধি ৰাখা। [QE]
14. [QS]তেতিয়া তোমাৰ সোঁ হাতে তোমাক ৰক্ষা কৰিব বুলি [QE][QS]মইও তোমাৰ বিষয়ে স্বীকাৰ কৰিম। [QE]
15. [QS]ই তোমাৰ লগত বহেমোৎ নামেৰে যি জন্তু স্ৰজিলোঁ, তাক চোৱা; [QE][QS]সি গৰুৰ দৰে ঘাঁহহে খায়। [QE]
16. [QS]চোৱা, তাৰ বল তাৰ কঁকালত আছে, [QE][QS]তাৰ শক্তি তাৰ পেটৰ পেশীত আছে। [QE]
17. [QS]সি নিজৰ নেজ এৰচ গছৰ ডালৰ দৰে লৰায়; [QE][QS]তাৰ তপিনাৰ পেশীবোৰ জালৰ দৰে গঁথা। [QE]
18. [QS]তাৰ হাড়বোৰ পিতলৰ নলীৰ নিচিনা, [QE][QS]তাৰ অস্থিবোৰ লোহাৰ ডাং সদৃশ। [QE]
19. [QS]ঈশ্বৰৰ সৃষ্টিৰ মাজত সি প্ৰধান; [QE][QS]যিজনা সৃষ্টিকৰ্ত্তাই তাক সৃষ্টি কৰিলে, একমাত্র সেইজনা ঈশ্বৰেহে তাক পৰাভূত কৰিব পাৰিব। [QE]
20. [QS]পৰ্ব্বতবোৰে তাৰ বাবে আহাৰ উৎপন্ন কৰে; [QE][QS]তাতে আটাই বনৰীয়া জন্তুৱে ধেমালি কৰে। [QE]
21. [QS]সি পদুমনিৰ তলত শোৱে, [QE][QS]নলনি আৰু পিটনিৰ আঁৰত সি আশ্রয় লয়। [QE]
22. [QS]পদুম গছবোৰে তাক ছাঁ দি ধৰে; [QE][QS]নদীৰ বাইচি গছবোৰ তাৰ চাৰিওফালে থাকে। [QE]
23. [QS]চোৱা, নৈ বাঢ়ি বাগৰি গলেও সি ত্ৰাস নাপায়; [QE][QS]যৰ্দ্দন ওফন্দি তাৰ মুখৰ ওচৰ পালেও, সি নিশ্চিন্ত হৈ থাকে। [QE]
24. [QS]সি চাই থাকোঁতে জানো কোনোবাই তাক ধৰিব পাৰে? [QE][QS]কোনো ফান্দ লগাই তাৰ নাক জানো বিন্ধিব পাৰে? [QE]