1. {ইলীহুৰ শেষ বক্তৃতা। }
2. [PS]ইলীহুৱে আৰু কথা কলে, [PE][QS]আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, [QE][QS]কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে; [QE]
3. [QS]মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, [QE][QS]আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম। [QE]
4. [QS]কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; [QE][QS]জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে। [QE]
5. [QS]চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; [QE][QS]তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী। [QE]
6. [QS]তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, [QE][QS]কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে। [QE]
7. [QS]তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; [QE][QS]কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, [QE][QS]তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, [QE][QS]তাত তেওঁবিলাকৰ উন্নতি হয়। [QE]
8. [QS]আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, [QE][QS]আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়, [QE]
9. [QS]তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, [QE][QS]তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়। [QE]
10. [QS]শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, [QE][QS]আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে। [QE]
11. [QS]যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, [QE][QS]তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, [QE][QS]আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়। [QE]
12. [QS]কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, [QE][QS]আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে। [QE]
13. [QS]অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; [QE][QS]ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে। [QE]
14. [QS]সিহঁত ডেকা কালতে মৰে, [QE][QS]আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়। [QE]
15. [QS]তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, [QE][QS]আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে। [QE]
16. [QS]তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; [QE][QS]আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব; [QE]
17. [QS]কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, [QE][QS]তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব। [QE]
18. [QS]সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, [QE][QS]আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক। [QE]
19. [QS]তোমাৰ ধন, আৰু শক্তি সমস্ত বল, [QE][QS]তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব? [QE]
20. [QS]যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, [QE][QS]এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা। [QE]
21. [QS]সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; [QE][QS]কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা। [QE]
22. [QS]চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; [QE][QS]তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে? [QE]
23. [QS]কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? [QE][QS]বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে? [QE]
24. [QS]ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, [QE][QS]তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা। [QE]
25. [QS]সকলো মানুহে তাক নিৰীক্ষণ কৰে; [QE][QS]মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে। [QE]
26. [QS]চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; [QE][QS]তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য। [QE]
27. [QS]কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; [QE][QS]সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে; [QE]
28. [QS]সেইবোৰক আকাশে বৰষায়, [QE][QS]মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়। [QE]
29. [QS]বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, [QE][QS]আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে? [QE]
30. [QS]চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; [QE][QS]আৰু তেওঁ সাগৰৰ তলি ঢাকে। [QE]
31. [QS]কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, [QE][QS]আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে। [QE]
32. [QS]তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, [QE][QS]লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে। [QE]
33. [QS]তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, [QE][QS]পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়। [QE]