1. [PS]যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, [PE][QS]আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা। [QE]
2. [QS]চোৱা, মই এতিয়া মুখ মেলিলোঁ; [QE][QS]মোৰ মুখত থকা জিভাই কথা কৈছে। [QE]
3. [QS]মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, [QE][QS]মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব। [QE]
4. [QS]ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, [QE][QS]আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে। [QE]
5. [QS]তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; [QE][QS]মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ। [QE]
6. [QS]চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; [QE][QS]মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ। [QE]
7. [QS]চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, [QE][QS]আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব। [QE]
8. [QS]বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; [QE][QS]তুমি কথা কোৱা মই শুনিলোঁ। [QE]
9. [QS]তুমি কলা, “মই শুচি, মই নিৰপৰাধী, [QE][QS]মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই। [QE]
10. [QS]চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, [QE][QS]তেওঁ মোক শত্রু যেন জ্ঞান কৰে; [QE]
11. [QS]তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; [QE][QS]তেওঁ মোৰ সকলো পথত চকু দিয়ে। [QE]
12. [QS]চোৱা, মই তোমাক উত্তৰ দিওঁ, [QE][QS]এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান। [QE]
13. [QS]তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? [QE][QS]কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়। [QE]
14. [QS]তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; [QE][QS]কিন্তু মানুহে তালৈ মন নিদিয়ে। [QE]
15. [QS]যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, [QE][QS]তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়। [QE]
16. [QS]এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, [QE][QS]মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে, [QE]
17. [QS]গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, [QE][QS]আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে, [QE]
18. [QS]তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, [QE][QS]আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে। [QE]
19. [QS]সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, [QE][QS]আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে, [QE]
20. [QS]তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, [QE][QS]আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে। [QE]
21. [QS]তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, [QE][QS]আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে; [QE]
22. [QS]এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, [QE][QS]আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়। [QE]
23. [QS]মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, [QE][QS]তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে, [QE]
24. [QS]তেন্তে তেওঁ তালৈ কৃপা কৰি কব, [QE][QS]“গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ। [QE]
25. [QS]তাৰ গা লৰাত্কৈয়ো চিকণ হব; [QE][QS]সি পুনৰ্ব্বাৰ যৌৱনকাল পাব। [QE]
26. [QS]সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; [QE][QS]তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, [QE][QS]আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব। [QE]
27. [QS]সি মানুহৰ আগত গীত গাই কব, [QE][QS]“আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; [QE][QS]তথাপি মই তাৰ উচিত ফল পোৱা নাই। [QE]
28. [QS]গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, [QE][QS]আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।” [QE]
29. [QS]চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, [QE][QS]তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ, [QE]
30. [QS]ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, [QE][QS]এনে কি, তিনি বাৰ কৰে। [QE]
31. [QS]হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; [QE][QS]মনে মনে থাকা, ময়েই কওঁ। [QE]
32. [QS]যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; [QE][QS]কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ। [QE]
33. [QS]যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ। [QE]