1. [PS]মই মোৰ চকুৰে সৈতে নিয়ম স্থাপন কৰিলোঁ; [PE][QS]তেন্তে মই ছোৱালীলৈ কেনেকৈ চোৱা হলোঁ? [QE]
2. [QS]কিয়নো উৰ্দ্ধবাসী ঈশ্বৰে দিয়া ভাগ কি? [QE][QS]আৰু ওপৰত থকা সৰ্ব্বশক্তিমান জনাৰ পৰা পোৱা অংশ কি? [QE]
3. [QS]সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, [QE][QS]আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়? [QE]
4. [QS]তেন্তে তেওঁ মোৰ কোনো পথ নেদেখে নে? [QE][QS]আৰু মোৰ আটাই খোজ তেওঁ গণনা নকৰে নে? [QE]
5. [QS]মই যদি মিছাত চলিলোঁ, [QE][QS]আৰু মোৰ ভৰি প্ৰবঞ্চনা পথলৈ লৰ ধৰিলে, [QE]
6. [QS](ঈশ্বৰে মোৰ সিদ্ধতা জানিবৰ নিমিত্তে, [QE][QS]মোক ঠিক তৰ্জুত জোখক;) [QE]
7. [QS]মই যদি অবাটে খোজ চলালোঁ, [QE][QS]মোৰ মন যদি চকুৰ পাছে পাছে চলিল, [QE][QS]আৰু মোৰ হাত দুখনত যদি কোনো দাগ লাগি আছে, [QE]
8. [QS]তেন্তে মই সিচিলে অন্যে খাওক, এনে কি, মোৰ পথাৰত গজা শস্যবোৰো উঘলা হওক। [QE]
9. [QS]মই যদি পৰৰ তিৰোতাত মোহ গলোঁ, [QE][QS]আৰু চুবুৰীয়াৰ দুৱাৰৰ গুৰিত যদি মই লুকাই থাকিলোঁ, [QE]
10. [QS]তেন্তে মোৰ তিৰোতাই অন্যৰ নিমিত্তে জাঁত ঘুৰাওক, [QE][QS]আৰু অন্য লোকে তাইক ভোগ কৰক। [QE]
11. [QS]কিয়নো সেয়ে গৰ্হিত কাৰ্য, [QE][QS]আৰু বিচাৰকৰ্ত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ; [QE]
12. [QS]কাৰণ সেয়ে বিনাশৰ গাতলৈকে দহি থকা অগ্নি; [QE][QS]সেয়ে মোৰ সৰ্ব্বস্ব বিনষ্ট কৰিলেহেঁতেন। [QE]
13. [QS]মোৰ বন্ধী কি বেটীয়ে মোৰ আগত অভিযোগ কৰিলত, [QE][QS]মই যদি সিহঁতৰ বিচাৰলৈ হেয়জ্ঞান কৰিলোঁ, [QE]
14. [QS]তেন্তে ঈশ্বৰ উঠিলে মই কি কৰিম? [QE][QS]আৰু তেওঁ বুজ-বিচাৰ ললে, মই তেওঁক কি উত্তৰ দিম? [QE]
15. [QS]মোক গৰ্ভত নিৰ্ম্মাণ কৰা জনাই জানো তাকো নিৰ্ম্মাণ কৰা নাই? [QE][QS]আৰু এনে জনাই জানো আমাক গৰ্ভত গঠন কৰা নাই? [QE]
16. [QS]মই যদি দুখীয়া লোকক সিহঁতৰ ইচ্ছা পূৰ কৰিবলৈ নিবাৰণ কৰিলোঁ, [QE][QS]আৰু বিধৱাৰ চকু জলকা লগালোঁ, [QE]
17. [QS]যদি বা মোৰ খোৱা মুঠি অকলেই খালো, [QE][QS]আৰু পিতৃহীন ল’ৰাই তাৰ অলপো খাবলৈ নাপালে, [QE]
18. [QS](এনে নহয়, মোৰ ডেকা কালৰ পৰা এনেকুৱা লৰাই বাপেকৰ লগত থকাৰ দৰে মোৰ লগত ডাঙৰ-দীঘল হয়, [QE][QS]আৰু মই মাতৃৰ গৰ্ভত থকাৰে পৰা বিধৱাৰ পথদৰ্শক;) [QE]
19. [QS]যদি মই কোনোক বস্ত্ৰৰ অভাৱত মৰিব লগা দেখিলোঁ, [QE][QS]বা দুখীয়াক গাত লবলৈ কাপোৰ নাইকিয়া দেখিলোঁ, [QE]
20. [QS]তাৰ ককালে যদি মোক আশীৰ্ব্বাদ নকৰালে, [QE][QS]আৰু মোৰ মেৰৰ নোমৰ পৰা সি ফল নাপালে, [QE]
21. [QS]আৰু নগৰৰ দুৱাৰত মোৰ ফলিয়া মানুহ দেখি, [QE][QS]যদি মই পিতৃহীনৰ অহিতে হাত ডাঙিলোঁ, [QE]
22. [QS]তেন্তে মোৰ বাবিচনীৰ হাড়ৰ পৰা মোৰ কান্ধ খহি পৰক, [QE][QS]আৰু মোৰ বাহু হাড়ডালৰ পৰা ভাগি পৰক। [QE]
23. [QS]কিয়নো ঈশ্বৰৰ পৰা আপদ আহিব বুলি মই ভয় কৰিছিলোঁ, [QE][QS]আৰু মই তেওঁৰ মহত্ত্বৰ কাৰণে সেইৰূপ কৰ্ম কৰিব নোৱাৰিলোঁ, [QE]
24. [QS]মই যদি সুবৰ্ণক মোৰ বিশ্বাস-ভূমি কৰিলোঁ, [QE][QS]আৰু “তুমি মোৰ আশ্ৰয়” এনে কথা যদি শুদ্ধ সোণক কলোঁ, [QE]
25. [QS]মোৰ সম্পত্তি অধিক বুলি যদি আনন্দ কৰিলোঁ, [QE][QS]আৰু নিজ হাতেৰে অনেক লাভ পাইছোঁ, বুলি যদি মই উল্লাস কৰিলোঁ, [QE]
26. [QS]মই সুৰ্য্যক দীপ্তি দিয়া, [QE][QS]বা চন্দ্ৰক উজ্জ্বলৰূপে আকাশত গমন কৰা দেখি, [QE]
27. [QS]যদি মোৰ মন গুপুতে মোহ গল, [QE][QS]আৰু সেই দুয়োৰো উদ্দেশ্যে মোৰ মুখে হাতত চুমা খালে, [QE]
28. [QS]তেন্তে ইও, বিচাৰকত্তাবিলাকে দণ্ড দিব লগীয়া অপৰাধ হলহেঁতেন; [QE][QS]কিয়নো সেয়ে হোৱা হলে মই উৰ্দ্ধবাসী ঈশ্বৰৰ আগত অস্বীকাৰ কৰিলোহেঁতেন। [QE]
29. [QS]মোক ঘিণাওঁতাৰ আপদত মই যদি আনন্দ কৰিলোঁ, [QE][QS]আৰু সি দুৰ্দ্দশাত পৰা দেখি মই উল্লাস হলোঁ, [QE]
30. [QS](এনে নহয়, তাক মৰাবলৈ শাও দিয়াৰ দ্বাৰা [QE][QS]মোৰ মুখকো পাপ কৰিবলৈ মই দিয়া নাই;) [QE]
31. [QS]তেওঁ দিয়া মাংস খাই তৃপ্ত নোহোৱা কোন আছে? [QE][QS]এই বুলি মোৰ তম্বুৰ মানুহবোৰে যদি কোৱা নাই, [QE]
32. [QS](বিদেশীয়ে বাটত ৰাতি কটোৱা নাই, [QE][QS]কিন্তু মই পৰ্থিকৰ অৰ্থে দুৱাৰ মেলি থৈছিলোঁ,) [QE]
33. [QS]মই অনেক লোক সমূহক ভয় কৰাৰ, [QE][QS]আৰু প্ৰধান প্ৰধান বংশৰ ঘৃণা আশঙ্কা কৰাৰ কাৰণে মনে মনে থাকি দুৱাৰৰ বাহিৰলৈ নগৈ, [QE]
34. [QS]নিজ হিয়াত মোৰ অধৰ্ম লুকুৱাই ৰাখি, [QE][QS]যদি মই আদমৰ নিচিনাকৈ মোৰ অপৰাধ ঢাকি থলোঁ,- [QE]
35. [QS]অস, মোৰ কথা শুনিবলৈ এজন থকা হলে কেনে ভাল আছিল! [QE][QS]চোৱা, এইয়া মোৰ চহিৰ চিন, সৰ্ব্বশক্তিমান জনাই মোক উত্তৰ দিয়ক; [QE][QS]অস, মোৰ প্ৰতিবাদীয়ে লিখা দোষৰ পত্ৰ মোৰ ইয়াত থকা হলে, কেনে ভাল আছিল! [QE]
36. [QS]অৱশ্যে মই তাক মোৰ কান্ধত বলোহেঁতেন, [QE][QS]আৰু ৰাজমুকুট বুলি মোৰ মূৰত পিন্ধিলোহেঁতেন, [QE]
37. [QS]তেওঁৰ আগত মোৰ খোজৰ সংখ্যা দনালোহেঁতেন, [QE][QS]আৰু ৰাজকোঁৱৰৰ দৰে তেওঁৰ ওচৰলৈ গলোহেঁতেন। [QE]
38. [QS]মোৰ মাটিয়ে যদি মোৰ অহিতে চিঞঁৰ মাৰে, [QE][QS]আৰু তাৰ আটাই সিৰলুবোতে যদি কান্দে, [QE]
39. [QS]মই যদি ধন নিদিয়াকৈ সেই মাটিৰ ফল ভোগ কৰিলোঁ, [QE][QS]বা তাৰ গৰাকীবিলাকৰ প্ৰাণ হানি কৰিলোঁ, [QE]
40. [QS]তেন্তে মোৰ ঘেহুঁৰ সলনি কাঁইট, [QE][QS]আৰু যৱৰ সলনি বন গজক। [QE][PS]ইয়োবৰ বাক্য সমাপ্ত। [QE]