1.
2. [PS]পাছত ইয়োবে আকৌ কথা উত্থাপন কৰিলে আৰু ক’লে, [PE][QS]অস, আগৰ মাহ কেইটাত, [QE][QS]যি কালত মোৰ ওপৰত ঈশ্বৰে দৃষ্টি ৰাখিছিল, [QE]
3. [QS]যি কালত মোৰ মূৰৰ ওপৰত তেওঁৰ প্ৰদীপ জ্বলি আছিল, [QE][QS]আৰু মই তেওঁৰ পোহৰৰ বলত অন্ধকাৰৰ মাজতো ফুৰিছিলোঁ, [QE][QS]সেই কালত মই যেনেকৈ আছিলোঁ, [QE]
4. [QS]যি কালত ঈশ্বৰৰ বন্ধুতাই মোৰ তম্বু ৰাখিছিল, [QE]
5. [QS]সেই কালত সৰ্ব্বশক্তিমান জনা মোৰ লগত থাকিছিল, [QE][QS]আৰু মোৰ পো-জীবিলাক মোৰ চাৰিওফালে আছিল, [QE]
6. [QS]যি কালত মই গাখীৰৰ ওপৰতহে খোজ কাঢ়িছিলোঁ, [QE][QS]আৰু শিলে মোন নিমিত্তে তেলৰ সোঁত বোৱাইছিল; [QE][QS]মোৰ সেই পূৰ্ণ যৌৱনৰ কালত মই যেনেকৈ আছিলোঁ, তেনেকৈ এতিয়াও মই থকা হলে, কেনে ভাল আছিল! [QE]
7. [QS]যেতিয়া মই নগৰলৈ গৈ ৰাজদুৱাৰত উপস্থিত হৈছিলোঁ, [QE][QS]চকত মোৰ আসন যুগুত কৰিছিলোঁ, [QE]
8. [QS]তেতিয়া ডেকাসকলে মোক দেখি লুকাইছিল, [QE][QS]আৰু বৃদ্ধসকল উঠি থিয় হৈছিল; [QE]
9. [QS]প্ৰধান লোকসকলে কথা কবলৈ এৰি, [QE][QS]নিজ নিজ মোখত হাত দিছিল; [QE]
10. [QS]ডাঙৰীয়াবিলাকে তালুত জিভা লগাই মনে মনে আছিল। [QE]
11. [QS]কিয়নো লোকে কাণেৰে শুনি মোক ধন্য বুলিছিল, [QE][QS]আৰু চকুৰে দেখি মোৰ পক্ষে সাক্ষ্য দিছিল। [QE]
12. [QS]কাৰণ কাতৰোক্তি কৰা দৰিদ্ৰক মই উদ্ধাৰ কৰিছিলোঁ, [QE][QS]আৰু সহায় নথকা পিতৃহীনক মই ৰক্ষা কৰিছিলোঁ। [QE]
13. [QS]বিনষ্ট হবলগীয়া মানুহৰ আশীৰ্ব্বাদ মোৰ ওপৰত পৰিছিল; [QE][QS]মই বাঁৰী তিৰোতাৰ মন উল্লাসিত কৰিছিলোঁ। [QE]
14. [QS]মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, [QE][QS]আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল। [QE]
15. [QS]মই অন্ধৰ চকু আছিলোঁ; [QE][QS]আৰু খোৰাৰ ভৰি আছিলোঁ। [QE]
16. [QS]মই দৰিদ্ৰবিলাকৰ পিতৃ আছিলোঁ। [QE][QS]আৰু মই চিনি নোপোৱা মানুহৰো বিচাৰ লৈছিলোঁ। [QE]
17. [QS]মই দুৰাচাৰী লোকৰ জামু দাঁত ভাঙিছিলোঁ, [QE][QS]আৰু তাৰ চিকাৰ তাৰ দাঁতৰ মাজৰ পৰা উলিয়াইছিলো। [QE]
18. [QS]তেতিয়া মই ভাবিছিলোঁ যে, মই নিজ বাঁহত মৰিম, [QE][QS]মোৰ দিন বালিৰ দৰে অসংখ্য হব; [QE]
19. [QS]আৰু পানী সোমাবলৈ মোৰ শিপা মুকলি হৈ থাকিব, [QE][QS]আৰু নিয়ৰ মোৰ ডালত ওৰে ৰাতি পৰি লাগি থাকিব; [QE]
20. [QS]মোৰ নাম-মৰ্য্যদাও মোত সতেজ হৈ থকিব, [QE][QS]আৰু মোৰ ধনু মোৰ হাতত সদায় নতুনে থাকিব। [QE]
21. [QS]লোকবিলাকে মোলৈ কাণ পাতি বাট চাইছিল, [QE][QS]আৰু পৰামৰ্শ শুনিবলৈ নিমাত হৈ থাকিছিল। [QE]
22. [QS]মোৰ কথাৰ শেষত সিবিলাকৰ কোনেও উত্তৰ নকৰিছিল; [QE][QS]মোৰ বাক্য সিবিলাকৰ ওপৰত নিয়ৰৰ দৰে পৰিছিল। [QE]
23. [QS]বৰষুণলৈ অপেক্ষা কৰাৰ দৰে সিবিলাকে মোলৈকো অপেক্ষা কৰিছিল, [QE][QS]আৰু শেষতীয়া বৰষুণলৈ মুখ মেলাৰ দৰে সিবিলাকে মুখ মেলিছিল। [QE]
24. [QS]সিবিলাক নিৰাশ হলে মই সিবিলাকলৈ মিচিকিয়াই হাঁহিছিলোঁ, [QE][QS]আৰু সিবিলোকে মোৰ মুখৰ দীপ্তি নোগুচালে। [QE]
25. [QS]মই সিবিলাকৰ নিমিত্তে পথ মনোনীত কৰি প্ৰধান হৈ বহিছিলো, [QE][QS]আৰু সৈন্যদলৰ মাজত ৰজাৰ দৰে থাকিছিলোঁ, [QE][QS]আৰু শোকাতুৰৰ মাজত শান্ত্বনাকাৰীৰ দৰে আছিলোঁ। [QE]