1. [QS]নিশ্চয়ে ৰূপৰ আকৰ আছে আৰু যি সোণ খপা যায়; [QE][QS]সেই সোণৰ ঠাইও আছে। [QE]
2. [QS]লোহা মাটিৰ পৰা উলিওৱা হয়, [QE][QS]আৰু শিল গলাই তাম উলিয়ায়। [QE]
3. [QS]মানুহে অন্ধকাৰ শেষ কৰে, [QE][QS]নিচেই তলিলৈকে খান্দে, [QE][QS]আন্ধাৰ আৰু মৃত্যুচ্ছায়াৰ শিল বিচাৰি উলিয়ায়। [QE]
4. [QS]সিহঁতে আকৰ খান্দি গৈ মানুহ থকা ঠাইৰ পৰা দূৰৈ হয়, [QE][QS]আৰু ওপৰত ফুৰা লোকে সিহঁতৰ গম নাপায়; [QE][QS]সিহঁতে মানুহৰ পৰা দুৰৈত ওলমি জুলি থাকে। [QE]
5. [QS]যি পৃথিবীৰ পৰা শস্য উৎপন্ন হয়, [QE][QS]তাৰ তল ভাগ জুইৰ দ্বাৰাই লণ্ডভণ্ড কৰাৰ নিচিনা। [QE]
6. [QS]তাৰ শিলবোৰ নীলকান্ত বাখৰ থকা ঠাই, [QE][QS]আৰু গুড়ি সোণ তাত আছিল। [QE]
7. [QS]সেই পথ হিংসক পক্ষীয়ে নাজানে, [QE][QS]আৰু শেনৰ চকুৱেও তাক নেদেখে। [QE]
8. [QS]গৰ্ব্বী হিংসুক জন্তুবোৰে তাত খোজ দিয়া নাই, [QE][QS]আৰু সিংহও সেই ফালেদি যোৱা নাই। [QE]
9. [QS]মানুহে অতি টান শিলত হাত দিয়ে; [QE][QS]সি পৰ্ব্বতবোৰ মূলে সৈতে লুটিয়াই পেলায়। [QE]
10. [QS]সি শিলৰ মাজে মাজে নলা কাটে, [QE][QS]আৰু তাৰ চকুৱে সকলো বিধৰ বহুমূল্য বস্তু দেখা পায়। [QE]
11. [QS]সি জুৰিবোৰ পানী এটোপাও সৰকিব নোৱাৰাকৈ ভেটে, [QE][QS]আৰু গুপুতে থকা বস্তু পোহৰলৈ উলিয়ায়। [QE]
12. [QS]কিন্তু জ্ঞান ক’ত পোৱা যায়? [QE][QS]আৰু সুবিবেচনাৰ ঠাই বা ক’ত? [QE]
13. [QS]মনুষ্যই তাৰ মূল্য নাজানে, [QE][QS]আৰু জীৱিতসকলৰ দেশত তাক পোৱা নাযায়। [QE]
14. [QS]অগাধ জলে কয়, এইটি মোত নাই, [QE][QS]আৰু সাগৰে কয়, মোৰ ইয়াতো নাই। [QE]
15. [QS]শুদ্ধ সোণ দিওঁ তাক পোৱা নাযায়, [QE][QS]আৰু তাৰ বেচ বুলি ৰূপকো জুখি দিব নোৱাৰি। [QE]
16. [QS]ওফীৰৰ সুবৰ্ণ আৰু বহুমূল্য বৈদূৰ্য্য, [QE][QS]আৰু নীলকান্ত বাখৰও জোখত তাৰ সমান নহয়। [QE]
17. [QS]সোণ আৰু আৰ্চি তাৰ তুল্য হ’ব নোৱাৰে, [QE][QS]আৰু তাৰ সলনি শুদ্ধ সোণৰ অলঙ্কাৰবোৰকো দিব নোৱাৰি। [QE]
18. [QS]তাৰ আগত পোৱাল আৰু স্ফটিকৰো নাম লব নোৱাৰি, [QE][QS]এনে কি, পদ্মৰাগ বাখৰত্কৈয়ো জ্ঞানৰ মূল্য অধিক। [QE]
19. [QS]কুচ দেশীয় গোমেদক বাখৰও তাৰ তুল্য নহয়, [QE][QS]আৰু জোখত শুদ্ধ সোণো তাৰ সমান নহয়। [QE]
20. [QS]তেন্তে জ্ঞান ক’ৰ পৰা আহে? [QE][QS]আৰু সুবিবেচনাৰ ঠাই বা ক’ত? [QE]
21. [QS]এইটো সকলো প্ৰাণীৰ চকুৰ পৰা গুপ্ত, [QE][QS]আৰু আকাশৰ পক্ষীৰ পৰাও অদৃশ্য। [QE]
22. [QS]বিনাশ আৰু মৃত্যুৱে কয়, [QE][QS]আমি নিজ কাণে সেই বিষয়ে ঘুনুক-ঘানাককৈহে শুনিছোঁ। [QE]
23. [QS]তাৰ পথ ঈশ্বৰেহে জানে, [QE][QS]আৰু তাৰ ঠাই তেওঁৰহে জনা আছে। [QE]
24. [QS]কিয়নো তেওঁ পৃথিবীৰ অন্তলৈকে দেখে, আৰু [QE][QS]আকাশ-মণ্ডলৰ তলৰ আটাই ঠাইলৈকে তেওঁৰ চকু যায়। [QE]
25. [QS]তেওঁ যেতিয়া বায়ুৰ গুৰুত্ব নিৰূপণ কৰিলে, [QE][QS]যেতিয়া পৰিমান অনুসাৰে জল সমূহ জুখি জুখি দিলে, [QE]
26. [QS]যেতিয়া তেওঁ বৃষ্টিৰ নিয়ম নিৰূপণ কৰিলে, [QE][QS]আৰু মিঘ-গৰ্জ্জনৰ সৈতে ওলোৱা বিজুলীৰ পথ স্থিৰ কৰিলে, [QE]
27. [QS]তেতিয়া তেওঁ জ্ঞানক দেখিলে, আৰু প্ৰকাশ কৰিলে, [QE][QS]তেওঁ তাক স্থাপন কৰিলে, আৰু তাৰ তদন্তও কৰিলে; [QE]
28. [QS]আৰু তেওঁ মনুষ্যক কলে, [QE][QS]চোৱা, প্ৰভুলৈ ভয় ৰখাই জ্ঞান, [QE][QS]আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা। [QE]