1. {ইয়োবৰ উত্তৰ। }
2. [PS]তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে, [PE][QS]এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; [QE][QS]মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ। [QE]
3. [QS]অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, [QE][QS]আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল। [QE]
4. [QS]তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, [QE][QS]আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন; [QE]
5. [QS]তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, [QE][QS]আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন। [QE]
6. [QS]তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে? [QE][QS]নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন। [QE]
7. [QS]তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; [QE][QS]তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন। [QE]
8. [QS]চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; [QE][QS]আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ। [QE]
9. [QS]তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; [QE][QS]তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ। [QE]
10. [QS]কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; [QE][QS]তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন। [QE]
11. [QS]মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; [QE][QS]এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ। [QE]
12. [QS]তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; [QE][QS]তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ। [QE]
13. [QS]কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? [QE][QS]তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে। [QE]
14. [QS]মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; [QE][QS]আৰু এনে অনেক কথা তেওঁৰ মনত আছে। [QE]
15. [QS]এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। [QE][QS]মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ। [QE]
16. [QS]কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, [QE][QS]আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে; [QE]
17. [QS]কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, [QE][QS]আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ। [QE]