1. {ইলীফজৰ তৃতীয় বক্তৃতা। }
2. [PS]তেতিয়া তৈমনীয়া ইলীফজে পুনৰায় উত্তৰ কৰি ক’লে, [PE][QS]মানুহ জানো ঈশ্বৰৰ উপকাৰী হব পাৰে? [QE][QS]বাস্তৱিক জ্ঞানী মানুহ নিজৰেইহে উপকাৰী হয়। [QE]
3. [QS]তুমি ধাৰ্মিক হলে সৰ্ব্বশক্তিমান জনাৰ কিবা হিত হব নে? [QE][QS]তুমি সিদ্ধ আচৰণ কৰিলে তেওঁৰ কি লাভ হব? [QE]
4. [QS]তেওঁলৈ তোমাৰ কি ভয়, তাৰ কাৰণেহে তেওঁ জানো তোমাক অনুযোগ কৰে? [QE][QS]তাৰ নিমিত্তেহে জানো তেওঁ তোমাৰ লগত বিচাৰত সোমাব? [QE]
5. [QS]তোমাৰ দুষ্টতা অধিক নহয় নে? [QE][QS]তোমাৰ অপৰাধ অসীম নহয় নে? [QE]
6. [QS]কিয়নো তুমি অকাৰণতে নিজ ভাইৰ পৰা বন্ধক ল’লা, [QE][QS]আৰু বস্ত্ৰহীনৰ পৰাও বস্ত্ৰ কাঢ়ি ল’লা। [QE]
7. [QS]তুমি তৃষ্ণাতুৰ লোকক পানী নিদিলা, [QE][QS]আৰু ক্ষুধাতুৰ লোকৰ আহাৰ আটক কৰিলা। [QE]
8. [QS]কিন্তু দেশখন পৰাক্ৰমী জনাৰেই আছিল; [QE][QS]আৰু মৰ্য্যদাৱান জনাই তাত বাস কৰিছিল। [QE]
9. [QS]তুমি বিধৱাসকলক শুদা হাতে বিদায় দিলা; [QE][QS]আৰু পিতৃহীনসকলৰ বাহু ভঙা হ’ল। [QE]
10. [QS]এই হেতুকে তোমাৰ চাৰিওফালে ফান্দ আছে; [QE][QS]আৰু আকস্মিক ত্ৰাসে তোমাক বিহ্বল কৰিছে। [QE]
11. [QS]তুমি আন্ধাৰ দেখা নাই নে? [QE][QS]তোমাক তল নিওঁতা ঢল-পানী জানো দেখা নোপোৱা? [QE]
12. [QS]ঈশ্বৰ নিচেই ওখত থকা স্বৰ্গত নাই নে? [QE][QS]সকলোতকৈ ওপৰত থকা তৰাবোৰ চোৱা, সেইবোৰ কিমান ওখত আছে? [QE]
13. [QS]তুমি কৈছা, “ঈশ্বৰে কি জানে? [QE][QS]ঘন মেঘৰ মাজেদি তেওঁ জানো বিচাৰ কৰিব পাৰে? [QE]
14. [QS]ঘন মেঘে আঁৰ কৰি ধৰাত, তেওঁ দেখিবলৈ নাপায়, [QE][QS]কেৱল আকাশ-মণ্ডল ফুৰি থাকে।” [QE]
15. [QS]তুমি পুৰণি পথকে ধৰি থাকিবা নে, [QE][QS]যি পথেৰে দুৰ্জনবোৰে খোজকাঢ়ে - [QE]
16. [QS]সিহঁতক অকালতে ধৰি নিয়া হৈছিল; [QE][QS]আৰু সিহঁতৰ ভিত্তিমূল বান-পানীয়ে উটাই নিছিল। [QE]
17. [QS]সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” [QE][QS]আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?” [QE]
18. [QS]তথাপি তেওঁ সিহঁতৰ ঘৰবোৰ উত্তম উত্তম দ্ৰব্যেৰে পৰিপূৰ্ণ কৰিছিল; [QE][QS]কিন্তু দুষ্টবোৰৰ আলচ মোৰ পৰা দূৰত থাকে। [QE]
19. [QS]তাকে দেখি ধাৰ্মিকসকলে আনন্দ কৰে; [QE][QS]আৰু নিৰ্দ্দোষী লোকে সিহঁতক খেঁজেলিয়াই, [QE]
20. [QS]আৰু কয়, “আমাৰ বিৰুদ্ধে উঠাবোৰ নিশ্চয়ে বিনষ্ট হল; [QE][QS]আৰু সিহঁতৰ প্ৰচুৰ সম্পত্তি অগ্নিয়ে গ্রাস কৰিলে।” [QE]
21. [QS]এতিয়া তুমি তেৱেঁ সৈতে পৰিচয় কৰি শাস্তি লাভ কৰা; [QE][QS]তাকে কৰিলে তোমাৰ মঙ্গল হব। [QE]
22. [QS]তেওঁৰ মুখৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা, [QE][QS]আৰু তেওঁৰ বাক্যবোৰ তোমাৰ হৃদয়ত ৰাখা। [QE]
23. [QS]যদি তুমি সৰ্ব্বশক্তিমান জনালৈ ঘূৰা, আৰু তোমাৰ তম্বুৰ পৰা অধৰ্ম দূৰ কৰা, [QE][QS]তেন্তে তুমি পুনৰায় উন্নতি লাভ কৰিবা। [QE]
24. [QS]তোমাৰ বহুমূল্য ধন ধূলিত ৰাখা, [QE][QS]আৰু ওফীৰৰ সোণ জুৰিৰ শিলবোৰৰ মাজত পেলোৱা; [QE]
25. [QS]তাতে সৰ্ব্বশক্তিমান জনা তোমাৰ বহুমূল্য ধন হ’ব, [QE][QS]আৰু তেওঁ তোমাৰ উজ্জ্বল ৰূপস্বৰূপ হব। [QE]
26. [QS]কিয়নো তেতিয়া তুমি সৰ্ব্বশক্তিমান জনাত আনন্দ কৰিবা, [QE][QS]আৰু ঈশ্বৰলৈ মুখ তুলিবা। [QE]
27. [QS]তুমি তেওঁৰ আগত প্ৰাৰ্থনা কৰিলে তেওঁ শুনিব; [QE][QS]তাতে তেওঁ তোমাৰ সঙ্কল্প সিদ্ধ কৰিব। [QE]
28. [QS]তুমি কোনো বিষয় মনত স্থিৰ কৰিলে, [QE][QS]সেয়ে তোমালৈ সিদ্ধ হ’ব; [QE][QS]আৰু তোমাৰ পথত পোহৰ পৰিব। [QE]
29. [QS]বিপদৰ কালত তুমি কবা, উন্নতি হব; [QE][QS]আৰু অধোমুখক তেওঁ নিস্তাৰ কৰিব। [QE]
30. [QS]তেওঁ নিৰ্দ্দোষী নোহোৱা জনকো উদ্ধাৰ কৰিব; [QE][QS]এনে কি, সি তোমাৰ হাতৰ যোগেদি পবিত্ৰতাৰ উদ্ধাৰ পাব।” [QE]