1. {#1ইয়োবৰ উত্তৰ }
2. [PS]তেতিয়া ইয়োবে পুনৰ উত্তৰ কৰি ক’লে, [PE][QS]তোমালোকে নো কিমান কাললৈ মোৰ মনত ক্লেশ দিবা, [QE][QS]আৰু বাক্যেৰে মোক গুড়ি কৰিবা? [QE]
3. [QS]তোমালোকে এই দহবাৰ মোক অপমান কৰিলা; [QE][QS]তোমালোকে যে মোলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰিছা, ইয়াতে তোমালোকে লাজ নোপোৱা। [QE]
4. [QS]বাস্তৱিকতে মই যদি ভূল কৰিলোঁ, [QE][QS]তেন্তে মোৰ সেই ভূল মোৰ লগতে আছে। [QE]
5. [QS]যদি বাস্তৱিকতে তোমালোকে মোৰ ওপৰত গৰ্ব্ব কৰা, [QE][QS]আৰু মোৰ বিৰুদ্ধে মোৰ অপমানৰ প্ৰমাণ কৰা, [QE]
6. [QS]তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, [QE][QS]আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে। [QE]
7. [QS]চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; [QE][QS]মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই। [QE]
8. [QS]মই পাৰ হ’ব নোৱাৰাকৈ তেওঁ মোৰ বাটত জেওৰা দিছে, [QE][QS]আৰু মোৰ পথ আন্ধাৰ কৰিছে। [QE]
9. [QS]তেওঁ মোৰ গৌৰৱস্বৰূপ বস্ত্ৰ সোলোকাই দিলে, [QE][QS]আৰু মোৰ মুৰৰ কিৰীটি দূৰ কৰিলে। [QE]
10. [QS]তেওঁ মোক চাৰিওফালে ভাঙি-ছিঙি পেলোৱাত, মই বিনষ্ট হ’লো; [QE][QS]তেওঁ মোৰ আশাকো গছৰ দৰে উঘালি পেলালে, [QE]
11. [QS]তেওঁ মোৰ বিৰুদ্ধে নিজ ক্ৰোধ জ্বলালে; [QE][QS]আৰু তেওঁ মোক তেওঁৰ শত্রুবোৰৰ মাজৰ এজন বুলি জ্ঞান কৰিছে। [QE]
12. [QS]তেওঁৰ সৈন্যবোৰে একেলগে আহি মোৰ বিৰুদ্ধে গড় বান্ধিছে, [QE][QS]আৰু মোৰ তম্বুৰ চাৰিওফালে ছাউনি পাতিছে। [QE]
13. [QS]তেওঁ মোৰ ভাই-ককাইবোৰক মোৰ পৰা দূৰ কৰিলে, [QE][QS]আৰু মোৰ চিনাকি লোক সকল মোলৈ একেবাৰে অচিনাকি হ’ল। [QE]
14. [QS]মোৰ জ্ঞাতি-কুটুম্ববোৰ আঁতৰ হৈছে, [QE][QS]আৰু মোৰ প্ৰণয়ৰ বন্ধুবোৰে মোক পাহৰিলে। [QE]
15. [QS]মোৰ ঘৰৰ বন্দী আৰু মোৰ বেটীবোৰেও, মোক অচিনাকি যেন জ্ঞান কৰে; [QE][QS]মই সিহঁতৰ দৃষ্টিত বিদেশী হৈছোঁ। [QE]
16. [QS]মোৰ বন্দীক মই মাতিলে, সি উত্তৰ নিদিয়ে; [QE][QS]মই নিজ মুখেৰে তাৰ আগত বিনয় কৰিব লগীয়া হৈছোঁ। [QE]
17. [QS]মোৰ তিৰোতাৰ আগত মোৰ নিশ্বাস, [QE][QS]আৰু মোৰ সহোদৰৰ আগত মোৰ গাৰ গোন্ধ ঘিণলগীয়া হৈছে। [QE]
18. [QS]শিশুবোৰেও মোক তুচ্ছ জ্ঞান কৰে; [QE][QS]মই উঠিব খুজিলে, সিহঁতে মোৰ অহিতে কথা কয়। [QE]
19. [QS]মোৰ বিশ্বাসী বন্ধুবোৰে মোক ঘিণ কৰে, [QE][QS]মোৰ প্ৰিয় পাত্ৰসকল মোৰ পৰা বিমুখ হ’ল। [QE]
20. [QS]মই হাড়ে-ছালে লাগিলোঁ; [QE][QS]মই কেৱল দাঁতৰ ছালখিনিৰে সৈতে সাৰিলোঁ। [QE]
21. [QS]হে মোৰ বন্ধু সকল, তোমালোকেই মোক কৃপা কৰা, মোক কৃপা কৰা; [QE][QS]কিয়নো ঈশ্বৰৰ হাতে মোক স্পৰ্শ কৰিলে। [QE]
22. [QS]ঈশ্বৰৰ নিচিনাকৈ তোমালোকেও মোক কিয় তাড়না কৰিছা? [QE][QS]আৰু মোৰ মঙহত তোমালোকৰ কিয় হেপাহ পলোৱা নাই? [QE]
23. [QS]অস্ মোৰ কথাবোৰ লিখা হোৱা হ’লে, [QE][QS]অস্, সেইবোৰ পুথিত লিখি থোৱা হ’লে, [QE]
24. [QS]অস্, সেইবোৰ লোহাৰ কলম আৰু সীহৰ সৈতে [QE][QS]সেইবোৰ চিৰকালৰ বাবে শিলত লিখা! [QE]
25. [QS]কিন্তু মই হ’লে জানো, মোৰ মুক্তিদাতা জীয়াই আছে, [QE][QS]শেষত তেওঁ পৃথিৱীৰ ওপৰত উঠি থিয় হ’ব। [QE]
26. [QS]আৰু মোৰ গাৰ ছাল এইদৰে নষ্ট হোৱাৰ পাছত, [QE][QS]মই শৰীৰবিহীন হৈ ঈশ্বৰক দৰ্শন কৰিম। [QE]
27. [QS]মই নিজেই তেওঁক দেখা পাম, [QE][QS]আনৰ চকুৱে নহয়, মোৰ নিজৰ চকুৱেই তেওঁক দেখিব। [QE][QS]হাবিয়াহ কৰোঁতে কৰোঁতে মোৰ অন্তৰত হৃদয় ক্ষীণ হৈ গৈছে। [QE]
28. [QS]যদি তুমি কোৱা, ‘আমি তাক কেনেকৈ তাড়না কৰিম [QE][QS]কিয়নো মূল বিষয় তাৰ ওচৰত পোৱা যায়,’ [QE]
29. [QS]তেনেহলে তোমালোকে তৰোৱাললৈ ভয় কৰা; [QE][QS]কিয়নো ক্রোধে তৰোৱালৰ দণ্ড আনে, [QE][QS]গতিকে তোমালোকে জানিব লাগে যে, ন্যায় বিচাৰ এটা আছে।” [QE]