1. [PS]তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, [PE][QS]তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ। [QE]
2. [QS]তেওঁ ফুলৰ দৰে ফুলে, আৰু জঁয় পৰে; [QE][QS]তেওঁ ছাঁৰ দৰে অলপ সময়ৰ বাবে থাকে আৰু নাইকিয়া হয়, স্থিৰ হৈ নাথাকে; [QE]
3. [QS]এনে লোকলৈ তুমি চকু মেলি চাইছা? [QE][QS]আৰু মোক তোমাৰ লগত বিচাৰস্থানলৈ লৈ গৈছা? [QE]
4. [QS]অশুচিৰ পৰা শুচি কোনে উলিয়াব পাৰে? [QE][QS]কোনেও নোৱাৰে। [QE]
5. [QS]তেওঁৰ আয়ুসৰ দিন নিশ্চয় কৰা হ’ল, [QE][QS]তেওঁৰ মাহৰ সংখ্যা তুমি জানি আছা, [QE][QS]আৰু তেওঁ পাৰ হ’ব নোৱাৰাকৈ তুমি তেওঁৰ সীমা স্থাপন কৰিলা; [QE]
6. [QS]ভাড়াতীয়লোকৰ দৰে তেওঁ নিজৰ দিন পূৰ্ণ নকৰালৈকে, [QE][QS]তেওঁ জিৰণী পাবলৈ তুমি তেওঁৰ পৰা চকু আঁতৰাই নিয়া। [QE]
7. [QS]কিয়নো গছৰ আশা আছে, [QE][QS]তাক কাটিলেও সি আকৌ পোখা মেলে, [QE][QS]আৰু তাৰ কোমল গজালিৰ অভাৱ নহয়। [QE]
8. [QS]যদি মাটিত তাৰ শিপা বুঢ়া হয়, [QE][QS]আৰু ভুমিত তাৰ মূঢ়াতো মৰে, [QE]
9. [QS]তথাপি পানীৰ গোন্ধ পালে তাৰ গজালি ওলায়, [QE][QS]আৰু নতুনকৈ ৰোৱা গছপুলিৰ দৰে ডাল-পাত মেলে। [QE]
10. [QS]কিন্তু মানুহ মৰে আৰু ক্ষয় পায়; [QE][QS]মনুষ্যই প্ৰাণত্যাগ কৰিলে, পুনৰ ক’ত থাকিব? [QE]
11. [QS]যেনেকৈ জলাহৰ পানী ঢুকাই যায়, [QE][QS]আৰু নৈৰ পানী শুকাই সম্পূৰ্ণৰূপে নাইকিয়া হয়, [QE]
12. [QS]তেনেকৈ মানুহ মৰিলে পুনৰ নুঠে, [QE][QS]আকাশ-মণ্ডল লুপ্ত নহয়মানে তেওঁলোকে সাৰ নাপায়, [QE][QS]আৰু তেওঁলোকক নিদ্ৰাৰ পৰা জগোৱা নহয়। [QE]
13. [QS]অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হ’লে, [QE][QS]তোমাৰ ক্ৰোধ মাৰ নাযোৱালৈকে মোক গুপ্তকৈ ৰখা হলে, [QE][QS]তুমি মোৰ কাৰণে এটা সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হ’লে, কেনে ভাল আছিল! [QE]
14. [QS]যদি কোনো মানুহ মৰে, তেনেহলে তেওঁ কি পুনৰায় জীব নে? [QE][QS]যদি জীয়ে, তেনেহলে মোৰ মুক্তিৰ দিন নহালৈকে, [QE][QS]মই মোৰ ক্লান্তিৰ সময়খিনি বাট চায় থাকিম। [QE]
15. [QS]তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম; [QE][QS]তেতিয়া তুমি তোমাৰ হাতে কৰা কৰ্মলৈ হাবিয়াহ কৰিবা। [QE]
16. [QS]কিন্তু এতিয়া তুমি মোৰ ভৰিৰ খোজকো হিচাব কৰিছা; [QE][QS]তুমি মোৰ পাপলৈ জানো চকু দি থকা নাই? [QE]
17. [QS]মোৰ অধৰ্ম থৈলাত বন্ধ কৰি মোহৰ মৰা হৈছে, [QE][QS]আৰু তুমি মোৰ অপৰাধ মোনাত ভৰাই বান্ধি থৈছা। [QE]
18. [QS]কিন্তু পৰ্ব্বতো পৰি যায় আৰু নাইকিয়া হয়; [QE][QS]আনকি বৃহৎ শিলকো নিজ ঠাইৰ পৰা আতৰোৱা হয়। [QE]
19. [QS]পানীয়ে শিলবোৰকো ক্ষয় নিয়ায়, [QE][QS]তাৰ ধল উঠি আহি পৃথিবীৰ মাটি খহাই লৈ যায়; [QE][QS]সেইদৰে তুমি মানুহৰ আশাকো ভাঙি দিয়া। [QE]
20. [QS]তুমি তেওঁক একেবাৰে মৰমান্তিক আঘাত কৰাত, তেওঁ লোকান্তৰলৈ যায়। [QE][QS]তুমি তেওঁৰ মুখ বিকৃত কৰি তেওঁক পঠাই দিয়া। [QE]
21. [QS]তেওঁৰ পুতেকবোৰ মৰ্য্যদাৱন্ত হলেও, তেওঁ সেই বিষয়ে নাজানে; [QE][QS]আনকি সিহঁতৰ অৱস্থা হীন হলেও, তেওঁ তাৰ বিষয়ে গম নাপায়। [QE]
22. [QS]কিন্তু তেওঁৰ নিজ শৰীৰে বেদনা পায়, [QE][QS]আৰু তেওঁৰ অন্তৰত থকা হৃদয়ে শোক কৰে।” [QE]