1. [PS]চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, [PE][QS]আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ। [QE]
2. [QS]তোমালোকে যি জানা, ময়ো তাক জানো; [QE][QS]মই তোমালোকতকৈ নিকৃষ্ট নহওঁ। [QE]
3. [QS]কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, [QE][QS]আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ। [QE]
4. [QS]কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, [QE][QS]আৰু তোমালোক সকলোৱেই অকামিলা বেজ। [QE]
5. [QS]অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! [QE][QS]সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন। [QE]
6. [QS]এতিয়া মোৰ তিৰস্কাৰ শুনা, [QE][QS]আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা। [QE]
7. [QS]তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? [QE][QS]আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে? [QE]
8. [QS]তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? [QE][QS]তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে? [QE]
9. [QS]তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? [QE][QS]বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা? [QE]
10. [QS]তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, [QE][QS]তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব। [QE]
11. [QS]তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? [QE][QS]তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা? [QE]
12. [QS]তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, [QE][QS]তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ। [QE]
13. [QS]তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; [QE][QS]মোলৈ যি ঘটে, ঘটক। [QE]
14. [QS]মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? [QE][QS]মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম। [QE]
15. [QS]চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; [QE][QS]তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম। [QE]
16. [QS]এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, [QE][QS]মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম। [QE]
17. [QS]মনোযোগ কৰি মোৰ কথা শুনা; [QE][QS]মোৰ বাক্য তোমালোকৰ কাণত সোমাওক। [QE]
18. [QS]চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; [QE][QS]মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো। [QE]
19. [QS]মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? [QE][QS]যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম। [QE]
20. [QS]হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; [QE][QS]তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম। [QE]
21. [QS]মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, [QE][QS]আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা। [QE]
22. [QS]তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, [QE][QS]বা মই কম, তুমি উত্তৰ দিবা। [QE]
23. [QS]মোৰ অপৰাধ আৰু পাপ কিমান? [QE][QS]মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা। [QE]
24. [QS]কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, [QE][QS]আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা? [QE]
25. [QS]উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? [QE][QS]আৰু শুকান ঘুলাক জানো খেদি যাবা? [QE]
26. [QS]কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, [QE][QS]আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা। [QE]
27. [QS]তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, [QE][QS]মোৰ সকলো পথৰ চিন ৰাখিছা, [QE][QS]আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা, [QE]
28. [QS]সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, [QE][QS]আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ। [QE]