1. {#1চোফৰৰ প্ৰথম বক্তৃতা }
2. [PS]তাতে নামাথীয়া চোফৰে উত্তৰ দিলে আৰু ক’লে, [PE][QS]ইমান অধিক কথাৰ নো উত্তৰ দিয়া নাযায় নে? [QE][QS]বহু কথা কোৱা মানুহক জানো নিৰ্দ্দোষী কৰা হ’ব? [QE]
3. [QS]তোমাৰ বলকনিয়ে জানো মানুহক নিমাত কৰিব? [QE][QS]তুমি নিন্দা কৰিলে, কোনেও তোমাক লাজ নিদিব নে? [QE]
4. [QS]কিয়নো তুমি কৈছা, “মোৰ মত ঠিক, [QE][QS]আৰু মই তোমাৰ দৃষ্টিতে শুচি।” [QE]
5. [QS]কিন্তু অস, ঈশ্বৰে অনুগ্ৰহ কৰি কথা কোৱা হলে, [QE][QS]আৰু তোমাৰ বিৰুদ্ধে নিজ মুখ মেলিলে; [QE]
6. [QS]জ্ঞানৰ নিগূঢ় বিষয় প্ৰকাশ কৰিলে, [QE][QS]ঈশ্বৰৰ বুদ্ধি-কৌশল যে অনেক প্ৰকাৰ, সেই বিষয়ে তেওঁ তোমাক জনোৱা হলে, কেনে ভাল আছিল! [QE][QS]এই হেতুকে তুমি জানিবা যে, ঈশ্বৰে তোমাৰ অপৰাধৰ অধিক ভাগ এৰি পেলাইছে। [QE]
7. [QS]তুমি অনুসন্ধান কৰি ঈশ্বৰৰ তত্ত্ব পাব পাৰা নে? [QE][QS]তুমি সৰ্ব্বশক্তিমান জনাৰ সম্পূৰ্ণ তত্ত্ব লাভ কৰিব পাৰা নে? [QE]
8. [QS]সেয়ে আকশ-মণ্ডলৰ নিচিনা ওখ; তুমি কি কৰিব পাৰা? [QE][QS]সেয়ে চিয়োলতকৈ অগাধ; তুমি কি জানিব পাৰা? [QE]
9. [QS]তাৰ পৰিমাণ পৃথিবীতকৈয়ো দীঘল, [QE][QS]আৰু সমুদ্ৰতকৈয়ো বহল। [QE]
10. [QS]তেওঁ যদি পোনে পোনে আহে আৰু কোনোবা এজনক যদি আটক কৰি থয়, আৰু বিচাৰ-সভা পাতে, [QE][QS]তেন্তে কোনে তেওঁক নিবাৰণ কৰিব পাৰে? [QE]
11. [QS]কিয়নো তেওঁ দুষ্ট লোকক জানে, [QE][QS]আৰু মনযোগ নিদিলেও তেওঁ অধৰ্ম দেখে। [QE]
12. [QS]কিন্তু অসাৰ মানুহ জ্ঞনশূন্য, [QE][QS]এনে কি, মনুষ্য জন্মৰে পৰা বনৰীয়া গাধৰ পোৱালিস্বৰূপ। [QE]
13. [QS]তুমি যদি নিজৰ মন শুদ্ধ কৰা, [QE][QS]আৰু তেওঁৰ ফাললৈ হাত মেলা, [QE]
14. [QS]কিন্তু হাতত অধৰ্ম থাকিলে, তাক দূৰ কৰা, [QE][QS]আৰু দুষ্টতাক নিজ তম্বুত থাকিব নিদিবা; [QE]
15. [QS]তেন্তে তুমি অৱশ্যে নিষ্কলঙ্ক মুখ তুলিব পাৰিবা; [QE][QS]এনে কি, সুস্থিৰে থাকিবা, ভয় নাপাবা, [QE]
16. [QS]কিয়নো তোমাৰ দুখ তুমি পাহৰি যাবা, [QE][QS]ইয়াক বৈ গৈ নাইকিয়া হোৱা পানীৰ নিচিনা মনতে লাগিব। [QE]
17. [QS]তোমাৰ জীৱন দুপৰীয়াতকৈ নিৰ্ম্মল হ’ব, [QE][QS]আৰু আন্ধাৰ হলেও, সেয়ে প্ৰভাতৰ নিচিনা হ’ব। [QE]
18. [QS]আশা থকা কাৰণে তুমি সাহিয়াল হবা; [QE][QS]আৰু চাৰিওফালে বুজ-বিচাৰ লৈ নিশ্চিন্তমনে বিশ্ৰাম কৰিবা। [QE]
19. [QS]তুমি শোওঁতে কোনেও তোমাক ভয় নেদেখুৱাব; [QE][QS]বৰং অনেকে তোমাৰ আগত নিবেদন কৰিব। [QE]
20. [QS]কিন্তু দুষ্টবোৰৰ চকু নিস্তেজ হ’ব, [QE][QS]সিহঁতৰ আশ্ৰয় নষ্ট হব, আৰু প্ৰাণত্যাগেই সিহঁতৰ আশা হ’ব। [QE]