1. {পলেষ্টীয়াসকলৰ বিষয়। }
2. [PS]ফৰৌণে গাজাক প্ৰহাৰ কৰা আগতে, পলেষ্টীয়াসকলৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য। [PE][QS]“যিহোৱাই এই কথা কৈছে: চোৱা, উত্তৰ দিশৰ পৰা জল সমূহ বাঢ়ি আহিছে, সেয়ে প্লাৱন কৰোঁতা ধল পানী হৈ, দেশ আৰু তাত থকা সকলোকে, নগৰ আৰু নিবাসীসকলক তল নিয়াব! [QE][QS]তাতে লোকসকলে চিঞৰিব, [QE][QS]আৰু দেশত বাস কৰা সকলোৱে হাহাকাৰ কৰিব। [QE]
3. [QS]শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, [QE][QS]ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, [QE][QS]পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তান সকললৈ ঘূৰি নাচাব। [QE]
4. [QS]কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, [QE][QS]প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব। [QE]
5. [PS]গাজাৰ মূৰ টকলা কৰা হ’ল, তেওঁলোকৰ উপত্যকাৰ অৱশিষ্ট ভাগ অস্কিলোন নষ্ট হ’ল; তুমি কিমান কাল তোমাৰ গা কাটকূট কৰিবা?
6. হে যিহোৱাৰ তৰোৱাল! তুমি কিমান কাল ক্ষান্ত নোহোৱাকৈ থাকিবা? [QE][QS]তুমি তোমাৰ ফাকত সোমোৱা; তুমি বিশ্ৰাম কৰা আৰু শান্ত হোৱা। [QE]
7. [QS]যিহোৱাই তোমাক আজ্ঞা দিয়াত তুমি কেনেকৈ ক্ষান্ত হ’ব পাৰা? [QE][QS]তেওঁ অস্কিলোন আৰু সমুদ্ৰৰ দাঁতিৰ বিৰুদ্ধে তাক নিযুক্ত কৰিলে।” [QE]