1. {যিহুদীসকললৈ যিহোৱাই কৰা প্ৰতিজ্ঞা। } [PS]যিহোৱাৰ পৰা যিৰিমিয়ালৈ অহা বাক্য এই আৰু ক’লে,
2. “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘মই তোমাৰ আগত কোৱা সকলো বাক্য এখন পুথিত লিখি থোৱা।
3. কিয়নো যিহোৱাই কৈছে, ‘চোৱা, মই যি দিনা মোৰ প্ৰজা ইস্ৰায়েল আৰু যিহূদাৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, এনে দিন আহিছে,’ ইয়াক যিহোৱাই কৈছে, ‘মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশলৈ তেওঁলোকক ওভটাই আনিম আৰু তেওঁলোকে তাক অধিকাৰ কৰিব।” [PE]
4. [PS]ইস্ৰায়েল আৰু যিহূদাৰ বিষয়ে যিহোৱাই কোৱা বাক্য এইবোৰ:
5. “সঁচাকৈয়ে যিহোৱাই এইদৰে কৈছে: [PE][QS]‘আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ। [QE]
6. [QS]এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ-বেদনা হয় নে? প্ৰসৱকাৰিণীৰ দৰে প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ? [QE][QS]আৰু প্ৰসৱকাৰিণী স্ত্রীৰ দৰে সকলোৰে মুখ কিয় বিবৰ্ণ হৈছে? [QE]
7. [QS]হায় হায়! সেই দিন ইমান মহৎ, যে, তাৰ নিচিনা আৰু কোনো দিন নাই। [QE][QS]এয়ে যাকোবৰেই সঙ্কটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব। [QE]
8. [PS]আৰু বাহিনীসকলৰ যিহোৱাই কৈছে: সেই দিনা মই তোমাৰ ডিঙিৰ পৰা তেওঁৰ যুৱলি ভাঙি পেলাম; আৰু তোমাৰ যোত-জৰীবোৰ চিঙি পেলাম, বিদেশীসকলে তেওঁক আৰু বন্দী-কাম নকৰাব।
9. কিন্তু তেওঁলোকে তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ভজনা কৰিব আৰু মই যি জনাক তেওঁলোকৰ ওপৰত নিযুক্ত কৰিম, তেওঁলোকৰ সেই ৰজা দায়ুদৰ বন্দী-কাম কৰিব। [QE]
10. [QS]এই হেতুকে, যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; হে ইস্ৰায়েল ব্যাকুল নহবা। [QE][QS]কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী-অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম। [QE][QS]কাৰণ যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিন্ত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব। [QE]
11. [QS]কিয়নো, যিহোৱাই কৈছে, ‘তোমাক ৰক্ষা কৰিবলৈ তোমাৰ লগত আছোঁ; কাৰণ মই যি জাতিৰ মাজলৈ তোমাক ছিন্ন-ভিন্ন কৰিলোঁ, সেই আটাই জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, [QE][QS]তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ। [QE]
12. [QS]কিয়নো যিহোৱাই এই কথা কৈছে, তোমাৰ ক্ষত চিকিৎস্যাৰ বাহিৰে, আৰু তোমাৰ ঘা কষ্টদায়ক। [QE]
13. [QS]তোমাক আৰোগ্য কৰিবলৈ কোনেও গাত নলয়, তোমাৰ ঘা সুস্থ কৰিব পৰা কোনো ঔষধ নাই। [QE]
14. [QS]তোমাৰ প্ৰেমকাৰিণী সকলোৱে তোমাক পাহৰিলে, তেওঁলোকে তোমাক নিবিচাৰে, [QE][QS]কিয়নো তোমাৰ অপৰাধৰ বহুল্যৰ কাৰণে, তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে শত্ৰূৱে আঘাত কৰাৰ দৰে মই তোমাক আঘাত কৰিলোঁ, [QE][QS]নিষ্ঠুৰ লোকে শাস্তি দিয়াৰ দৰে শাস্তি দিলোঁ। [QE]
15. [QS]তোমাৰ ক্ষমতাৰ কাৰণে তুমি কিয় চিঞৰিছা? তোমাৰ বেদনা উপশম হ’ব নোৱাৰা অৱস্থাত। [QE][QS]তোমাৰ অনেক অপৰাধৰ কাৰণে তোমাৰ পাপৰ বৃদ্ধিৰ কাৰণে, মই তোমালৈ এইবোৰ কৰিলোঁ। [QE]
16. [QS]এই হেতুকে তোমাক গ্ৰাস কৰোঁতা সকলোকে গ্ৰাস কৰা হ’ব, আৰু তোমাৰ আটাই শত্ৰূবোৰৰ প্ৰত্যেকে বন্দী-অৱস্থালৈ যাব। [QE][QS]তোমাৰ লুটকাৰীসকল লুটৰ বিষয় হ’ব, আৰু তোমাক চিকাৰ কৰোঁতা সকলোকে মই চিকাৰস্বৰূপ কৰিম। [QE]
17. [QS]কিয়নো যিহোৱাই কৈছে, ‘মই তোমাক পুনৰায় আৰোগ্য কৰিম; আৰু তোমাৰ ঘাঁবোৰ সুস্থ কৰি। [QE][QS]কাৰণ কোনো মানুহে নিবিচৰা এয়ে চিয়োন বুলি কৈ লোকে তোমাক সমাজভ্ৰষ্টা বোলে।” [QE]
18. [QS]যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। [QE][QS]আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব। [QE]
19. [QS]আৰু সেইবোৰৰ পৰা স্তুতি-গীত আৰু আমোদকাৰীসকলৰ ধ্বনি উঠিব, [QE][QS]মই তেওঁলোকক বৃদ্ধি কৰিম, তেতিয়া তেওঁলোক কম নহ’ব; মই তেওঁলোকক গৌৰৱযুক্তও কৰিম, তাতে তেওঁলোক সামান্য নহ’ব। [QE]
20. [QS]তেওঁলোকৰ সন্তান-সন্ততিসকল আগৰ দৰে হ’ব, তেওঁলোকৰ মণ্ডলী মোৰ আগত স্থাপিত হ’ব, [QE][QS]আৰু মই তেওঁলোকৰ উপদ্ৰৱকাৰী সকলোকে দণ্ড দিম। [QE]
21. [QS]তেওঁলোকৰ অধিপতি তেওঁলোকৰ ভিতৰতে হ’ব, আৰু তেওঁলোকৰ শাসনকৰ্ত্তা তেওঁলোকৰ মাজৰ পৰা ওলাব; [QE][QS]আৰু মই তেওঁক মোৰ ওচৰ চপাম, তেতিয়া তেওঁ মোৰ ওচৰ চাপিব; [QE][QS]কিয়নো যিহোৱাই কৈছে, মোৰ ওচৰলৈ আহিবলৈ কাৰ সাহস আছে?” [QE]
22. [QS]আৰু তোমালোক মোৰ প্ৰজা হ’বা, আৰু মই তোমালোকৰ ঈশ্বৰ হ’ম। [QE]
23. [QS]সৌৱা চোৱা, যিহোৱাৰ প্ৰচণ্ড ক্ৰোধৰূপ ধুমুহা, এনে কি, উৰুৱাই নিয়া প্ৰবল বতাহ আহিছে। [QE][QS]সেয়ে দুষ্টবোৰৰ মূৰত কোবেৰে লাগিব। [QE]
24. [QS]যিহোৱাই নিজ কাৰ্য নিস্পত্তি নকৰালৈকে আৰু নিজ মনৰ অভিপ্ৰায় সিদ্ধ নকৰালৈকে, তেওঁ প্ৰচণ্ড ক্ৰোধ নাথামিব। [QE][QS]তোমালোকে শেষ কালত তাক বুজিবা।” [QE]