1. {নতুন যিৰূচালেমৰ গৌৰৱ। } [QS]উঠা, দীপ্তি দিয়া; কিয়নো তোমাৰ পোহৰ আহিছে, আৰু যিহোৱাৰ গৌৰৱ তোমাৰ ওপৰত উদয় হৈছে। [QE]
2. [QS]কাৰণ চোৱা, আন্ধাৰে পৃথিৱী ঢাকিব, আৰু ঘোৰ অন্ধকাৰে লোক সমূহক ঢাকিব; [QE][QS]কিন্তু যিহোৱা তোমাৰ ওপৰত উদয় হ’ব, আৰু তোমাৰ ওপৰত তেওঁৰ গৌৰৱ প্ৰকাশিত হ’ব। [QE]
3. [QS]লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব। [QE]
4. [QS]তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; [QE][QS]তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে। [QE]
5. [QS]সেই কালত তুমি দেখি প্ৰফুল্লিত হ’বা, আৰু তোমাৰ হৃদয় আনন্দেৰে উপচি পৰিব, [QE][QS]কাৰণ সমুদ্ৰৰ প্ৰচুৰ ধন তোমাক দিয়া যাব আৰু লোকসকলৰ সম্পত্তি তোমাৰ ওচৰলৈ আহিব। [QE]
6. [QS]উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; [QE][QS]সেই আটাইবোৰ চিবাৰ পৰা আহিব; [QE][QS]সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব। [QE]
7. [QS]কেদৰৰ আটাই মেৰ-ছাগৰ জাক তোমাৰ ওচৰত গোট খাব আৰু নবায়োতৰ মতা মেৰ-ছাগবোৰে তোমাৰ পৰিচৰ্যা কৰিব; [QE][QS]সেইবোৰ গ্ৰহণীয় হৈ মোৰ যজ্ঞ-বেদিত উঠিব, আৰু মোৰ গৌৰৱযুক্ত গৃহ মই গৌৰৱান্বিত কৰিম। [QE]
8. [QS]মেঘৰ দৰে আৰু নিজৰ বাহৰ সোমোৱা বাটলৈ অহা কপৌৰ দৰে উড়ি অহা এওঁলোক কোন? [QE]
9. [QS]নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; [QE][QS]তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, [QE][QS]ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব। [QE]
10. [QS]বিদেশী লোকসকলে দেৱাল পুনৰায় নিৰ্মাণ কৰিব, আৰু তেওঁলোকৰ ৰজাসকলে তোমাৰ পৰিচৰ্যা কৰিব; [QE][QS]কিয়নো মই যেনেকৈ তোমাক ক্রোধত দণ্ড দিলোঁ, তেনেকৈ অনুগ্ৰহত তোমালৈ দয়াও কৰিলোঁ। [QE]
11. [QS]লোকসকলে যেন জাতি সমূহৰ ধন-সম্পত্তি আৰু বন্দি কৰি অনাসকলৰ ৰজাসকলক তোমাৰ ভিতৰলৈ আনিব পাৰে, [QE][QS]সেই বাবে তোমাৰ দুৱাৰবোৰ সদায় মেলা হৈ থাকিব, দিন বা ৰাতি কেতিয়াও বন্ধ কৰা নহ’ব। [QE]
12. [QS]কিয়নো যি জাতি আৰু যি ৰাজ্যই তোমাৰ বশ্যতা স্বীকাৰ নকৰিব, সেই উভয়েই সম্পূৰ্ণ বিনষ্ট হ’ব; [QE]
13. [QS]লিবানোনৰ গৌৰৱ তোমালৈ আহিব; দেৱদাৰু, তিধৰ, আৰু তাচুৰ গছ একেলগে, [QE][QS]মোৰ পবিত্ৰ স্থান ভূষিত কৰিবৰ অৰ্থে আহিব; আৰু মই মোৰ চৰণ থোৱা ঠাই প্ৰতাপযুক্ত কৰিম। [QE]
14. [QS]তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, [QE][QS]তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব। [QE]
15. [QS]তুমি এনে পৰিত্যক্তা আৰু ঘৃণিতা থ’লো যে, কোনো পথিক তোমাৰ মাজেদি নাজায়; [QE][QS]তাৰ সলনি মই তোমাক চিৰকাল থকা প্ৰশংসাৰ, আৰু পুৰুষানুক্ৰমে আনন্দৰ বিষয় কৰিম। [QE]
16. [QS]আৰু তুমি জাতি সমূহৰ দুগ্ধ পান কৰিবা, আৰু ৰজাসকলৰ স্তন চুহিবা; [QE][QS]তাতে মই যিহোৱা যে তোমাৰ ত্ৰাণকৰ্ত্তা, তোমাৰ মুক্তিদাতা, যাকোবৰ পৰাক্ৰমী জনা, ইয়াক তুমি জানিবা। [QE]
17. [PS]মই পিতলৰ সলনি সোণ, লোহাৰ সলনি ৰূপ, [QE][QS]কাঠৰ সলনি পিতল, আৰু শিলবোৰৰ সলনি লোহা আনিম; আৰু মই শান্তিক তোমালোকৰ অধ্যক্ষসকলৰ দৰে, আৰু ন্যায়বিচাৰক শাসনকৰ্ত্তাৰ দৰে নিযুক্তি কৰিম। [QE]
18. [QS]তোমাৰ দেশত অত্যাচাৰৰ আৰু তোমাৰ সীমাৰ ভিতৰত বিনষ্ট হোৱাৰ বা ধ্বংসৰ কথা আৰু শুনা নাযাব; [QE][QS]কিন্তু তুমি তোমাৰ দেৱালৰ নাম পৰিত্ৰাণ, আৰু তোমাৰ দুৱাৰৰ নাম প্ৰশংসা ৰাখিবা। [QE]
19. [QS]দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ’ব, [QE][QS]আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব; [QE][QS]কিন্তু যিহোৱায়েই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণস্বৰূপ হ’ব। [QE]
20. [QS]তোমাৰ সূৰ্য আৰু অস্ত নাযাব, তোমাৰ চন্দ্ৰও আৰু মাৰ নাযাব, [QE][QS]কিয়নো যিহোৱা তোমাৰ অনন্তকলীয়া জ্যোতি হ’ব, আৰু তোমাৰ শোকৰ দিন সমাপ্ত হ’ব। [QE]
21. [QS]মই গৌৰৱান্বিত হ’বলৈ মই ৰোৱা গছৰ পোখা আৰু মোৰ হাতে কৰা কৰ্মস্বৰূপ [QE][QS]যি তোমাৰ লোক সকলোৱেই ধাৰ্মিক হ’ব; তেওঁলোকে অনন্ত কাললৈকে দেশ অধিকাৰ কৰিব। [QE]
22. [QS]যি সৰু সি হাজাৰ হৈ উঠিব; সৰু জাতি বৃহৎ হ’ব; [QE][QS]মই যিহোৱাই উচিত সময়ত ইয়াক সাম্ফল কৰিবলৈ বেগী হম। [QE]