1. {কোৰচৰ বিষয়ে কোৱা ভাববাণী। } [QS]হে দ্বীপবোৰ, মোৰ আগত নিজম দি শুনা, দেশবাসীয়ে নতুন বল পাওক; [QE][QS]তেওঁলোকক ওচৰত আহি কথা পাতিব দিয়া, আহাঁ আমি একে লগে বিবাদৰ বিচাৰলৈ যাওহঁক। [QE]
2. [QS]কোনে পূব দিশত এজনক উত্তেজিত কৰিলে? ধাৰ্মিকতা কাৰ্য কৰিবলৈ কোনে তেওঁক নিজৰ ভৰিৰ ওচৰলৈ মাতিছে[* কোৰচ নামৰ পাৰস্যৰ ৰজাই। প্ৰসংগত চাওক যিচয়া 45: 1 ]? [QE][QS]তেওঁ সেই জনৰ আগত দেশবসীক শোধাই দিছে, আৰু তেওঁক ৰজাসকলৰ পৰাভূত কৰাইছে; [QE][QS]তেওঁ তেওঁলোকক তৰোৱালেৰে ধুলিৰ দৰে আৰু তেওঁৰ ধনুৰে উৰি যোৱা নৰাৰ দৰে কৰিছে। [QE]
3. [QS]তেওঁ তেওঁলোকৰ পাছে পাছে খেদি গৈছে, আৰু তেওঁ বাটত ভৰি নিদিয়াকৈ নিৰাপদে আগ বাঢ়ি গৈছে। [QE]
4. [QS]কোনে সেই কাৰ্য কৰিলে আৰু তাক সিদ্ধও কৰিলে? কোনে আৰম্ভণীৰে পৰা প্রজন্মক উৎপন্ন কৰে? [QE][QS]প্ৰথম যি মই, আৰু শেষৰ সঙ্গী যি মই যিহোৱা, ময়েই সেই জনা। [QE]
5. [QS]দ্বীপবোৰে দেখি ভয় কৰিলে, পৃথিৱীৰ অন্তবোৰ কঁপিল; [QE][QS]সিহঁত ওচৰ চাপি আহিল। [QE]
6. [QS]প্ৰতিজনে নিজৰ ওচৰ চুবুৰীয়াক সহায় কৰিলে, আৰু প্রতিজনে ইজনে আন জনক ক’লে, ‘সাহ কৰা।’ [QE]
7. [QS]সেই দৰে বাঢ়ৈয়ে সোণাৰীক, আৰু হাতুৰীৰে কাম কৰা জনক নিয়াৰিত খুন্দা জনক সাহস দিলে। [QE][QS]ঢালাই কৰাৰ বিষয়ে ক’লে, এইটো উত্তম; আৰু সি গজাল মাৰি তাক সংলগ্ন কৰিলে যাতে সেইয়া তলত নপৰে। [QE]
8. [QS]কিন্তু হে মোৰ দাস ইস্ৰায়েল, যাকোব যাক মই মনোনীত কৰিলোঁ, [QE][QS]মোৰ বন্ধু অব্ৰাহামৰ সন্তান, [QE]
9. [QS]যাক মই পৃথিৱীৰ অন্তৰ পৰা হাতেৰে ধৰি আনিলো, আৰু যাক মই অতি দূৰৰ পৰা মাতিলো আনিলো, [QE][QS]যাক মই ক’লো, ‘তুমি মোৰ দাস;’ মই তোমাক মনোনীত কৰিলোঁ আৰু তোমাক ত্যাগ কৰা হোৱা নাই। [QE]
10. [QS]ভয় নকৰিবা, কাৰণ মই তোমাৰ লগত আছোঁ; ব্যাকুল নহ’বা, কাৰণ মই তোমাৰ ঈশ্বৰ; [QE][QS]মই তোমাক শক্তি দিম, মই তোমাক সহায় কৰিম, আৰু মোৰ বিজয় যুক্ত সোঁ হাতেৰে তোমাক ধৰি ৰাখিম। [QE]
11. [QS]চোৱা, যিসকলে তোমাৰ বিৰুদ্ধে ক্রোধ কৰিছে, সেই সকলোৱে লাজ পাই বিবৰ্ণ হ’ব; [QE][QS]যিসকলে তোমাক প্রতিবাদ কৰে, তেওঁলোক একো নোহোৱা যেন হ’ব, আৰু বিনষ্ট হ’ব; [QE]
12. [QS]যিসকলে তোমাৰ বিৰোধ কৰে, তেওঁলোকক তুমি বিচাৰি নাপাবা; [QE][QS]যিসকলে তোমাৰ লগত যুদ্ধ কৰে, তেওঁলোক শূন্য আৰু একো নোহোৱা যেন হ’ব। [QE]
13. [QS]কিয়নো তোমাৰ ঈশ্বৰ যিহোৱা যি মই, ময়েই তোমাৰ সোঁ হাতত ধৰোঁ, [QE][QS]আৰু কওঁ, ‘ভয় নকৰিবা; ময়েই তোমাক সহায় কৰিম।’ [QE]
14. [QS]হে পোক যাকোব, হে ইস্ৰায়েল লোকসকল, ভয় নকৰিবা; [QE][QS]যিহোৱাই কৈছে “ময়েই তোমাক সহায় কৰিম” আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাৰ মুক্তিদাতা। [QE]
15. [QS]চোৱা, মই তোমাক এক নতুন চোকা দাঁত থকা মৰণা মৰা যন্ত্ৰস্বৰূপ কৰিম; [QE][QS]তুমি পৰ্ব্বতবোৰ মৰণা মাৰি গুড়ি কৰিবা, আৰু পাহাৰবোৰক তুহঁৰ দৰে কৰিবা। [QE]
16. [QS]তুমি সেইবোৰক জাৰিবা, আৰু বতাহে সেইবোৰক উড়ুৱাই নিব, আৰু বা’মৰলী বতাহে সেইবোৰক সিঁচৰিত কৰিব; [QE][QS]কিন্তু তুমি যিহোৱাত উল্লাস কৰিবা, তুমি ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাত গৌৰৱ কৰিবা। [QE]
17. [QS]দুখী আৰু অভাৱীসকলে পানী বিচাৰে কিন্তু তাত পানী নাই, আৰু তেওঁলোকৰ জিভা পিয়াহতে শুকাই যায়; [QE][QS]মই যিহোৱাই তেওঁলোকৰ প্ৰাৰ্থনাৰ শুনিম, মই ইস্ৰায়েলৰ ঈশ্বৰ তেওঁলোকক ত্যাগ নকৰিম। [QE]
18. [QS]মই এঢলীয়া স্থানৰ পৰা তললৈ যোৱাকৈ নদীবোৰ, আৰু উপত্যকাৰ মাজত ভুমুকবোৰ উলিয়াম; [QE][QS]মই মৰুভূমিক এক জলাশয় কৰিম, আৰু খৰাং মাটিক ভুমুকেৰে পৰিপূৰ্ণ কৰিম। [QE]
19. [QS]মই অৰণ্যত বনৰীয়া এৰচ, বাবল, মেন্দি আৰু জলফাই গছ ৰুম; [QE][QS]আৰু মৰুভূমিত দেৱদাৰু, তিধৰ, তাচুৰ গছ একেলগে ৰুই থম। [QE]
20. [QS]যিহোৱাই নিজ হাতে যে, এই কাৰ্য কৰিলে, আৰু ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই যে তাক সৃষ্টি কৰিলে, [QE][QS]ইয়াক লোকসকলে যেন দেখিব আৰু বিবেচনা কৰি একে সময়তে বুজিব পাৰে, এনে অভিপ্ৰায়েৰে মই সেই কাৰ্য কৰিম। [QE]
21. [QS]যিহোৱাই কৈছে, “তোমালোকৰ গোচৰ উপস্থিত কৰা,” [QE][QS]যাকোবৰ ৰজাই কৈছে, “তোমালোকৰ মুৰ্ত্তিৰ বাবে দৃঢ় প্ৰমাণ আনা।” [QE]
22. [QS]তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; [QE][QS]সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। [QE][QS]আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম। [QE]
23. [QS]তোমালোক যে ঈশ্বৰ, ইয়াক আমি জানিবলৈ ভবিষ্যতে কি ঘটিব, তাক প্ৰকাশ কৰা; [QE][QS]আমি যাতে শঙ্কিত আৰু বিস্ময় মানি দেখিবৰ বাবে তোমালোকে মঙ্গল বা অমঙ্গল কৰা। [QE]
24. [QS]চোৱা, তোমালোকৰ মুৰ্ত্তিবোৰ একো নহয়, আৰু তোমালোকৰ কাৰ্যও একো নহয়; তোমালোকক মনোনীত কৰা জন ঘৃণনীয়। [QE]
25. [QS]মই উত্তৰ দিশত এজনক উৎপন্ন কৰিলোঁ, আৰু তেওঁ আহিছে; মোৰ নাম লোৱা জনক সূৰ্য উদয় হোৱা ফালে মই মাতিলোঁ; [QE][QS]বোকা গচকাৰ দৰে, আৰু কুমাৰে মাটি খচাৰ দৰে, তেওঁ শাসনকৰ্ত্তাসকলক গচকিব। [QE]
26. [QS]কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” [QE][QS]বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল। [QE]
27. [QS]মই প্ৰথমে চিয়োনক কৈছিলোঁ, “ইয়াত এওঁলোকক চোৱা,” মই এজন প্ৰচাৰক যিৰূচালেমলৈ পঠালোঁ। [QE]
28. [QS]যেতিয়া মই চালোঁ, তাত কোনো এজনো নাই; ভাল পৰামৰ্শ দিব পৰা কোনো এজনো তেওঁলোকৰ মাজত নাই, [QE][QS]মই সুধিলে উত্তৰত এটা শব্দ ক’ব পৰা কোন আছে। [QE]
29. [QS]চোৱা, তেওঁলোকৰ সকলোৱে অসাৰ, [QE][QS]আৰু তেওঁলোকৰ কাৰ্যও অসাৰ; তেওঁলোকৰ সাঁচত ঢলা মুৰ্ত্তিবোৰ ভাপ আৰু শূন্য মাথোন। [QE]