1. {ইদোমৰ ওপৰত সাধন কৰিব লগীয়া প্ৰতিকাৰ। } [PS]হে জাতি সমূহ ওচৰলৈ আহা আৰু শুনা, হে লোক সমূহ মনোযোগ দিয়া! [PE][QS]পৃথিৱী আৰু ইয়াক পৰিপূর্ণ কৰা সকলোৱে, জগত আৰু তাৰ পৰা উৎপন্ন হোৱা সকলোৱে অৱশ্যে শুনক। [QE]
2. [QS]কাৰণ সকলো জাতিৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ আছে, আৰু তেওঁলোকৰ সকলো সৈন্যৰ বিৰুদ্ধে তেওঁ অগ্নিশর্মা; [QE][QS]তেওঁ তেওঁলোকক সম্পূর্ণ ভাবে ধ্বংস কৰিব, বধ কৰিবলৈ তেওঁ তেওঁলোকক প্রাণীহত্যা কাৰীৰ হাতত শোধাই দিব। [QE]
3. [QS]তেওঁলোকৰ নিহত সকলক মৈদাম নিদিয়াকৈ থ’ব; তেওঁলোকৰ মৰা শৱবোৰৰ পৰা চাৰিও ফালে দুৰ্গন্ধ হ’ব, [QE][QS]তেওঁলোকৰ তেজেৰে পৰ্ব্বতবোৰ ভিজিব। [QE]
4. [QS]আকাশৰ সকলো তৰাবোৰ অদৃশ্য হৈ যাব, [QE][QS]আৰু নুৰিওৱা পুথিৰ দৰে আকাশক নুৰিওৱা হ’ব; আৰু তাৰ সকলো তৰা অদৃশ্য হ’ব, [QE][QS]দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰাৰ দৰে, আৰু বেচিকৈ পকা ডিমৰু যি দৰে ডিমৰু গছৰ পৰা সৰি পৰে, [QE]
5. [QS]কাৰণ যেতিয়া মোৰ তৰোৱালে স্বৰ্গত পূর্ণ হোৱাকৈ তেজ পান কৰিব; [QE][QS]চোৱা, এইটো এতিয়া ইদোমৰ ওপৰলৈ আহিব, সেই লোকসকললৈ মই ধ্বংস কৰিবলৈ পঠিয়াম। [QE]
6. [QS]যিহোৱাৰ তৰোৱাল তেজেৰে টোপাটোপে পৰা, আৰু চর্বিৰে আবৃত, [QE][QS]ভেৰা আৰু ছাগলীবোৰৰ তেজেৰে টোপাটোপে পৰা, মতা ভেড়া ছাগলীৰ মুত্রাশয়ৰ চর্বিৰে আবৃত। [QE][QS]কাৰণ যিহোৱাই বস্ৰা নগৰত বলিদান কৰিছে আৰু ইদোম দেশত মহাহত্যা হৈছে। [QE]
7. [QS]তেওঁলোকৰ সৈতে ভতৰা গৰুও হত্যা কৰা হ’ব আৰু কম বয়সীয়া ভতৰা গৰুৰ সৈতে বুঢ়া গৰুও। [QE][QS]তেওঁলোকৰ দেশ তেজেৰে মাতাল হ’ব, আৰু তেওঁলোকৰ ধুলি চর্বিৰে চর্বিযুক্ত হ’ব। [QE]
8. [QS]কাৰণ এইয়ে যিহোৱাৰ প্ৰতিশোধ লোৱা দিন হ’ব, চিয়োনৰ অৰ্থে পোনৰ প্ৰতিফল দিয়া বছৰ হ’ব। [QE]
9. [QS]ইদোমৰ নৈবোৰ আলকতৰালৈ পৰিণত হ’ব, তাইৰ ধূলিবোৰ গন্ধক হ’ব, [QE][QS]আৰু তাইৰ দেশ প্ৰজ্বলিত আলকতৰা হ’ব। [QE]
10. [QS]সেয়ে দিনে ৰাতিয়ে জ্বলিব; চিৰকাললৈ ইয়াৰ ধোঁৱা উঠিব; [QE][QS]পুৰুষানুক্ৰমে ই অনুর্বৰ হৈ থাকিব; কোনেও তাৰ মাজেদি চিৰকাললৈকে নাযাব। [QE]
11. [QS]কিন্তু বনৰীয়া চৰাই আৰু পশু তাত বাস কৰিব, ফেঁচা আৰু ঢোঁৰা কাউৰীয়ে তাত বাহ সাজিব। [QE][QS]তেওঁ তাৰ ওপৰত ধ্বংসৰ পৰিমাণ-জৰী আৰু ওলোম সূতা বিস্তাৰ কৰিব। [QE]
12. [QS]তাইৰ প্ৰধান লোকসকলৰ [QE][QS]ৰাজ্য বুলি কবলৈ একো নথাকিব, আৰু তাইৰ ৰাজকুমাৰসকলৰ কাকো নাথাকিব। [QE]
13. [QS]তাইৰ ৰাজপ্রসাদবোৰ কাঁইটে ছাটি ধৰিব, চোৰাত গছ আৰু কাঁইটীয়া জাৰণি তাইৰ দুর্গ হ’ব। [QE][QS]এইয়া শিয়ালৰ বসতি স্থান আৰু উট পক্ষীৰ কাৰণে ঠাই হ’ব। [QE]
14. [QS]বনৰীয়া জন্তু আৰু ৰাংকুকুৰে তাত লগ হ’ব, আৰু বনৰীয়া ছাগলীয়ে ইটোৱে সিটোৰ বাবে চিঞৰিব। [QE][QS]সেই ঠাইত নিশাচৰ জন্তুৱে নিবাস কৰিব, আৰু নিজৰ বাবে বিশ্ৰামৰ ঠাই বিচাৰি পাব। [QE]
15. [QS]ফেঁচাই বাহ সাজি, কণী উমনি দি পোৱালি জগাব, আৰু পোৱালবোৰক সুৰক্ষা দিব। [QE][QS]হয় সেই ঠাইত প্রতিজনী শেন চৰাইয়ে নিজৰ সঙ্গীৰ সৈতে গোট খাব। [QE]
16. [QS]যিহোৱাৰ নুৰিয়া পুথিত একাদিক্রমে বিচাৰা; ইয়াৰ এটাৰো অভাব নহ’ব। [QE][QS]সঙ্গী বাবে কাৰো অভাৱ নহ’ব, কাৰণ যিহোৱাই নিজৰ মুখেৰে এই আদেশ দিলে, আৰু তেওঁৰ আত্মাই সিহঁতক গোটালে। [QE]
17. [QS]তেওঁ সিহঁতৰ বাবে চিঠি খেলালে, আৰু সিহঁতৰ বাবে তেওঁ নিজৰ হাতেৰে পৰিমাণ-জৰীৰ দ্বাৰাই তাক ভাগ বাটি দিলে। [QE][QS]সিহঁতে তাক সদাকালৰ বাবে অধিকাৰ কৰিব, পুৰুষানুক্ৰমে তাত বাস কৰিব। [QE]