1. {অভিষিক্ত জনাৰ ৰাজ্য বৰ্ণনা। } [QS]চোৱা, এজন ৰজাই ধাৰ্মিকতাৰে ৰাজত্ব কৰিব, আৰু শাসনকৰ্তাসকলে ন্যায়বিচাৰেৰে শাসন কৰিব। [QE]
2. [QS]খৰাং ঠাইত পানীৰ সোঁতৰ দৰে, আৰু পৰিশ্রান্ত দেশত বৃহৎ শিলৰ ছাঁৰ দৰে, [QE][QS]তেওঁলোক প্ৰতিজনে বতাহৰ পৰা আশ্রয়, আৰু ধুমুহাৰ পৰা নিৰাপতা পাব, [QE]
3. [QS]তেতিয়া চকুৰে দেখা পোৱা সকলৰ চকু অস্পষ্ট নহ’ব, আৰু কাণেৰে শুনা সকলে মনোযোগেৰে শুনিব; [QE]
4. [QS]অবিবেচক সকলে সাৱধানেৰে বিবেচনাৰে কৰিব, আৰু খুনাসকলে সহজে স্পষ্টকৈ কথা ক’ব। [QE]
5. [QS]মূৰ্খ লোকক সন্মানীয় বুলি আৰু মতা নহ’ব, নাইবা প্রবঞ্চকলোকক নিয়ম নীতি মানি চলা বুলি কোৱা নহ’ব। [QE]
6. [QS]কিয়নো অপবিত্ৰ কাৰ্য কৰিবলৈ, যিহোৱাৰ বিৰুদ্ধে ভ্ৰান্তিজনক কথা কব, [QE][QS]ক্ষুধাতুৰ পেট শুদা ৰাখিব, আৰু তৃষ্ণাতুৰৰ পানীৰ অভাৱ কৰাব, [QE][QS]কাৰণ মুৰ্খই মুৰ্খতাৰ কথা ক’ব, আৰু তেওঁৰ হৃদয়েৰে অধৰ্ম চিন্তা কৰিব। [QE]
7. [QS]প্রবঞ্চকলোকৰ প্রণালী মন্দ। তেওঁ নীতিহীন পদ্ধতিৰ পৰিকল্পনা কৰে, [QE][QS]দুখীয়াই সঁচা কথা ক’লেও দুখীয়ালোকক মিছা কথাৰে ধ্বংস কৰিব। [QE]
8. [QS]কিন্তু সন্মানীয় লোকে সৎ বিষয়ৰৰ পৰিকল্পনা কৰে, আৰু তেওঁৰ সৎ কার্যৰ কাৰণে তেওঁ থিৰে থাকিব। [QE]
9. [QS]হে নিশ্চিন্তে থকা মহিলাসকল, উঠা, আৰু মোৰ কথা শুনা; [QE][QS]হে চিন্তা-ভাবনা নকৰা যুৱতীসকল, মোৰ বাক্য শুনা। [QE]
10. [QS]হে দায়িত্বহীন মহিলা, এবছৰ হৈ কিছু দিন গ’লে তোমালোকৰ আত্মবিশ্বাস চূৰ্ণ বিচূৰ্ণ হ’ব, [QE][QS]কাৰণ দ্ৰাক্ষাক্ষেত্ৰ নষ্ট হ’ব, ফল চপোৱা সময় নাহিব। [QE]
11. [QS]হে নিশ্চিন্তে থকা মহিলা কম্পিত হোৱা; হে আত্মবিশ্বাসী কম্পমান হোৱা, [QE][QS]উত্তম বস্ত্র সোলোকাই বিবস্ত্ৰ হোৱা, আৰু কঁকালত চট বান্ধা। [QE]
12. [QS]তোমালোকে মনোহৰ খেতি, আৰু ফলৱতী দ্ৰাক্ষালতাৰ বাবে বিলাপ কৰিবা। [QE]
13. [QS]মোৰ লোকসকলৰ ভুমি, এনে কি, এটা সময়ত ৰং-ৰহইচেৰে আনন্দত থকা ঘৰবোৰৰ বাৰীত, [QE][QS]কাঁইটিয়া বন আৰু কাঁইট গছৰে ভৰি পৰিব। [QE]
14. [QS]কাৰণ ৰাজপ্রসাদ পৰিত্যাগ হ’ব, ঘনবসতিপূৰ্ণ নগৰ মৰুভূমি হ’ব, [QE][QS]পাহাৰ আৰু পৰীয়া ঘৰ সৰ্ব্বকাললৈ গুহাস্বৰূপ হ’ব, বনৰীয়া গাধৰ ধেমালি কৰা ঠাই, পশুৰ জাকবোৰ চৰা ঠাই হ’ব। [QE]
15. [QS]ওপৰৰ পৰা আমাৰ ওপৰত ঈশ্বৰৰ আত্মা বাকী নিদিয়া পর্যন্ত, [QE][QS]মৰুপ্রান্তৰ ফলৱতী উদ্যান নোহোৱালৈকে, আৰু ফলৱতী উদ্যান অৰণ্য বুলি গণিত নোহোৱালৈকে তেনে অৱস্থাতে থাকিব। [QE]
16. [QS]তাৰ পাছত সেই মৰুপ্রান্তত ন্যায়বিচাৰ বাস কৰিব, আৰু সেই ফলৱতী উদ্যানত ধাৰ্মিকতাই বসতি ল’ব। [QE]
17. [QS]ধাৰ্মিকতাৰ কাৰ্যৰে শান্তিৰ হ’ব, আৰু ধাৰ্মিকতাৰ ফল চিৰকাললৈ সুস্থিৰ আৰু বিশ্বাসযোগ্য হ’ব। [QE]
18. [QS]মোৰ লোকসকলে শান্তিপূর্ণ বাসস্থানত, নিৰাপত্তাহীন ঘৰবোৰত, আৰু শান্তিপূর্ণ বিশ্ৰামৰ ঠাইবোৰত বাস কৰিব। [QE]
19. [QS]কিন্তু তথাপিও যদি শিলাবৃষ্টি হয়, অৰণ্য ধ্বংস হ’ব, আৰু নগৰবোৰ সম্পূৰ্ণৰূপে বিলুপ্ত হ’ব। [QE]
20. [QS]জল সমূহৰ কাষত বীজ সিঁচা সকলে, আৰু ষাঁড় গৰু আৰু গাধক চৰিবলৈ এৰি দিয়া সকলে সকলোৱে আশীর্বাদপ্রাপ্ত হ’ব। [QE]