1. {#1অনুতপ্তৰ বাবে আমন্ত্রণ } [QS]“আহাঁ, আমি যিহোৱাৰ ওচৰলৈ ঘূৰি যাওঁ; [QE][QS]তেঁৱেই আমাক চিন্ন-ভিন্ন কৰিলে আৰু তেওঁ আমাক সুস্থও কৰিব; [QE][QS]তেঁৱেই আমাক আঘাত কৰিলে আৰু তেওঁ আমাৰ ঘা পটিৰে বান্ধিও দিব। [QE]
2. [QS]দুদিনৰ পাছত তেঁৱেই পুনৰায় আমাক জীৱন দিব; [QE][QS]তৃতীয় দিনা তেওঁ আমাক তুলিব, [QE][QS]যাতে আমি তেওঁৰ সন্মুখত জীয়াই থাকিব পাৰোঁ। [QE]
3. [QS]আহাঁ, আমি যিহোৱাক জানোহঁক, [QE][QS]তেওঁক জানিবলৈ ওচৰ চাপি যাওহঁক; [QE][QS]পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; [QE][QS]বৰষুণৰ দৰে তেওঁ আহিব, [QE][QS]বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।” [QE]
4. {#1ইস্রায়েল আৰু যিহূদাৰ কঠিন মন } [QS]হে ইফ্ৰয়িম, মই তোমাক লৈ কি কৰিম? [QE][QS]হে যিহূদা, তোমাক লৈয়ে বা কি কৰিম? [QE][QS]কিয়নো তোমালোকৰ বিশ্বস্ততা ৰাতিপুৱাৰ কুঁৱলীৰ নিচিনা; [QE][QS]অতি শীঘ্রেই অদৃশ্য হৈ যোৱা ৰাতিপুৱাৰ নিয়ৰৰ নিচিনা। [QE]
5. [QS]সেই কাৰণেই মই ভাববাদীৰ দ্বাৰাই তেওঁলোকক খণ্ড-খণ্ডকৈ কাটিলোঁ, [QE][QS]মোৰ মুখৰ বাক্যৰ দ্বাৰাই তেওঁলোকক বধ কৰিলোঁ; [QE][QS]মোৰ বিচাৰৰ ৰায় তোমালোকৰ ওপৰত বিজুলীৰ নিচিনাকৈ চমকি উঠিছে। [QE]
6. [QS]কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; [QE][QS]মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ লাভ কৰে। [QE]
7. [QS]তেওঁলোকে আদমৰ দৰে মই স্থাপন কৰা নিয়ম অমান্য কৰিলে; [QE][QS]তেওঁলোকে মোৰ প্রতি বিশ্বাস-ঘাতকতা কৰিলে। [QE]
8. [QS]গিলিয়দ হৈছে দুষ্ট লোকসকলৰ নগৰ, [QE][QS]য’ত তেজময় পদচিহ্ন ভৰি আছে। [QE]
9. [QS]ডকাইতবোৰে যেনেকৈ মানুহৰ অপেক্ষাত খাপ দি থাকে, [QE][QS]তেনেকৈ পুৰোহিতসকলেও খাপ দি থাকে; [QE][QS]তেওঁলোকে চিখিমলৈ যোৱা বাটত মানুহক বধ কৰে, এনে কি ভয়ঙ্কৰ অপৰাধমূলক কাৰ্য কৰে। [QE]
10. [QS]ইস্ৰায়েলীয়া সকলৰ মাজত মই এক ভয়ানক বিষয় দেখিলোঁ; [QE][QS]তাত ইফ্ৰয়িমে ব্যভিচাৰ কৰিছে আৰু ইস্ৰায়েল অশুচি হ’ল। [QE]
11. [QS]হে যিহূদা, তোমাৰ কাৰণেও ফচল কাটিবৰ সময় স্থিৰ কৰা হৈছে। [QE][QS]সেই সময়ত মই মোৰ লোকসকলক বন্দী অৱস্থাৰ পৰা ঘূৰাই আনি পুনৰায় স্থাপন কৰিম। [QE]