1. {#1যীচু আমাৰ মহা-পুৰোহিত } [PS]এতিয়া আমি যি বিষয়ে কবলৈ লৈছোঁ, তাৰ সাৰ কথা হৈছে, আমাৰ এজন মহা-পুৰোহিত আছে যি জন স্বৰ্গত মহিমাময় সিংহাসনৰ সোঁফালে বহিল ৷
2. তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷ [PE]
3. [PS]প্ৰত্যেক মহা-পুৰোহিতক বলি আৰু উপহাৰ উৎসৰ্গ কৰিবলৈ নিযুক্ত কৰা হয়৷ এতেকে এই মহা-পুৰোহিত সকলেও কিবা বস্তু উৎসৰ্গ কৰিব লাগে।
4. কিন্তু খ্ৰীষ্ট যদি পৃথিৱীত থাকিলহেঁতেন তেওঁ এজন পুৰোহিত হব নোৱাৰিলেহেঁতেন; কিয়নো আগৰ বিধান অনুসাৰে উপহাৰ আদি উৎসৰ্গ কৰিবলৈ মানুহ আছে;
5. পুৰোহিত সকলৰ এই কাম স্বৰ্গীয় কামৰ এক নমুনা আৰু ছাঁয়া মাথোন৷ কিয়নো মোচিয়ে যেতিয়া সেই উপাসনা তম্বুটো নিৰ্ম্মাণ কৰিবলৈ লৈছিল, তেতিয়া তেওঁক ঈশ্বৰে এই বুলি সতৰ্ক কৰি দিছিল, “চাবা, পাহাৰৰ ওপৰত তোমাক যি নমুনা দেখুওৱা হ’ল, ঠিক সেইদৰে নিৰ্ম্মাণ কৰিবা।” [PE]
6. [PS]কিন্তু এতিয়া, খ্ৰীষ্টক যি কার্যত নিয়োগ কৰা হৈছে, সেয়া সেই মহা-পুৰোহিত সকলতকৈয়ো অধিক গুণে উত্তম৷ কাৰণ তেওঁ এক উত্তম বিধানৰ মধ্যস্থ হৈছে, যি বিধান আগতকৈ অধিক গুণে শ্ৰেষ্ঠ৷ এই বিধান, শ্ৰেষ্ঠ বিষয়ৰ প্ৰতিজ্ঞাবোৰৰ ওপৰত স্থাপিত হৈছে৷
7. কিয়নো, সেই প্ৰথম বিধান নিৰ্দোষী হোৱা হ’লে, দ্বিতীয়টোৰ কোনো প্ৰয়োজন নহ’লহেঁতেন। [PE]
8. [PS]কিন্তু ঈশ্বৰে লোক সকলৰ মাজত দোষ-ক্ৰুটি দেখাত কলে, [PE][QS]“ ‘প্ৰভুৱে কৈছে, চোৱা! সময় আহিছে, মই ইস্ৰায়েলৰ আৰু যিহূদাৰ লোক সকলৰ সৈতে এটা নতুন নিয়ম সম্পন্ন কৰিম, [QE]
9. [QS]যি সময়ত মই মিচৰ দেশৰ পৰা তেওঁলোকৰ ওপৰ-পুৰুষ সকলক হাতত ধৰি উলিয়াই আনিছিলো, সেই সময়ত তেওঁলোকৰ কাৰণে যি বিধান দিছিলোঁ, এই নতুন বিধান, সেই বিধান অনুসাৰে নহব৷ [QE][QS]তেওঁলোকে মোৰ সেই বিধানত নচলিল বাবে মই আৰু তেওঁলোকলৈ মনোযোগ নিদিলোঁ৷’ প্ৰভুৱে এই কথা কৈছে৷ [QE]
10. [QS]প্ৰভুৱে পুনৰ কৈছে, ‘সেই সময়ৰ পাছত, ইস্ৰায়েল-বংশৰ কাৰণে মই এই নিয়ম স্থাপন কৰিম;’ [QE][QS]‘তেওঁলোকৰ চিত্তত মোৰ বিধান দিম, আৰু [QE][QS]তেওঁলোকৰ হৃদয়ত তাক লিখিম; [QE][QS]মই তেওঁলোকৰ ঈশ্বৰ হম [QE][QS]আৰু তেওঁলোক মোৰ লোক হ’ব।’ [QE]
11. [QS]“প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ [QE][QS]কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷ [QE]
12. [QS]মই তেওঁলোকৰ প্ৰতি দয়া দেখুৱাই, অধাৰ্মিকতাৰ কাৰ্যবোৰ ক্ষমা কৰিম; [QE][QS]তেওঁলোকৰ সকলো পাপ মই পুনৰ সোঁৱৰণ নকৰিম৷”[* যিৰিমিয়া 31:31-34 ] [QE]
13. [PS]ঈশ্বৰে এই নিয়মক “নতুন” বুলি কৈ প্ৰথমটোক পুৰণি কৰিলে। কিন্তু যিটো পুৰণি, সেয়া জীৰ্ণপ্ৰায় বুলি ঘোষণা কৰিলে আৰু ই শীঘ্ৰেই অদৃশ্য হৈ যাব৷ [QE]