1. {#1যীচু স্বৰ্গৰ দূত সকলতকৈ মহান } [PS]পূৰ্বকালত ঈশ্বৰে ভাৱবাদী সকলৰ মাধ্যমেদি বহু বাৰ নানাভাৱে আমাৰ পূর্বপুৰুষ সকলৰ সৈতে কথা পাতিছিল।
2. কিন্তু এতিয়া এই শেষৰ দিনবোৰত ঈশ্বৰে তেওঁৰ পুত্রৰ দ্বাৰাই আমাৰ লগত কথা ক’লে; ঈশ্বৰে সেই পুত্ৰকেই সকলোৰে উত্তৰাধিকাৰী হবলৈ নিযুক্ত কৰিলে আৰু তেওঁৰ যোগেদি বিশ্ব-ব্রহ্মাণ্ড খনো সৃষ্টি কৰিলে।
3. সেই পুত্ৰ ঈশ্বৰৰ গৌৰৱময় পোহৰ৷ ঈশ্বৰৰ সকলো গুণৰ পূর্ণ প্রতিবিম্ব; পুত্রই ঈশ্বৰৰ পৰাক্ৰম বাক্যৰ দ্বাৰাই সকলো ধৰি ৰাখিছে। সেই পুত্রই সকলো মানুহক পাপৰ পৰা শুচি কৰিলে আৰু তাৰ পাছত স্বর্গত ঈশ্বৰৰ মহিমাৰ সোঁ হাতে ওখ সিংহাসনত বহিল। [PE]
4.
5. [PS]ঈশ্বৰে তেওঁৰ পুত্রক যি নাম দিলে, সেই নাম যেনেকৈ স্বৰ্গৰ দূত সকলৰ নামতকৈ অধিক উত্তম, তেনেকৈ তেওঁ স্বর্গৰ দূত সকলৰ তুলনাত অনেক মহান হৈ উঠিল। [PE][PS]কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে, [PE][QS]“তুমি মোৰ পুত্ৰ; আজি মই তোমাৰ পিতৃ হ’লো?”[* গীত 2:7 ] [QE][MS]আকৌ, তেওঁ কেতিয়াবা তেওঁলোকক কৈছিল নেকি যে, [ME][QS]“মই তেওঁৰ পিতৃ আৰু তেওঁ মোৰ পুত্ৰ হ’ব?” [† 2 চমূৱেল 7:14 ] [QE]
6. [PS]পুণৰ, ঈশ্বৰে যেতিয়া সেই প্রথমে জন্মা জনক জগতলৈ আনিলে, তেতিয়া তেওঁ ক’লে, [PE][QS]“ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক।” [QE]
7. [MS] স্বর্গৰ দূত সকলৰ বিষয়ে ঈশ্বৰে কৈছে, [ME][QS]“তেওঁ নিজৰ দুত সকলক বায়ুৰূপে আৰু নিজৰ [QE][QS]সেৱক সকলক অগ্নিশিখাৰূপে তৈয়াৰ কৰে।”[‡ গীত 104:4 ] [QE]
8. [PS]কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, [QE][QS]“হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাল স্থায়ী, [QE][QS]তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন। [QE]
9. [PS]তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।” [§ গীত 45:6-7 ] [QE]
10. [PS]“হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰিলা। আকাশ-মণ্ডলো তোমাৰ হাতৰ কৰ্ম৷ [QE]
11. [PS]সেইবোৰ ধ্বংস হৈ যাব; কিন্তু তুমি নিত্য; সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। [QE]
12. [PS]তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰ সলোৱা হ’ব, কিন্তু তুমি হ’লে সদায় একে আছা আৰু তোমাৰ বছৰবোৰৰ কেতিয়াও শেষ নহ’ব।”[* গীত 102:25-27 ] [QE]
13. [PS]কিন্তু ঈশ্বৰে স্বর্গৰ দূত সকলৰ মাজৰ কোনো জনক কেতিয়াবা এই কথা কৈছে নে যে, [QE][QS]“মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি-পীৰা [QE][QS]নকৰোঁমানে, তুমি মোৰ সোঁ হাতে বহি থাকা?” [† গীত 110:1 ] [QE]
14. [PS]সকলো স্বর্গৰ দূতেই জানো সেৱাকাৰী আত্মা নহয়? মোৰ আৰাধনা কৰিবলৈ আৰু পৰিত্রাণৰ অধিকাৰী হ’বলৈ উদ্যত হোৱা সকলৰ পৰিচর্যাৰ কাৰণেই জানো তেওঁলোকক পঠোৱা হোৱা নাই? [QE]