1. {#1ইস্রায়েলীয়াসকললৈ মোচিৰ অন্তিম আশীৰ্ব্বাদ } [PS]তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
2. তেওঁ ক’লে, [PE][QS]যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, [QE][QS]তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; [QE][QS]তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল [QE][QS]তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। [QE][QS]তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা। [QE]
3. [QS]সঁচাই তেওঁ নিজৰ [QE][QS]লোকসকলক প্ৰেম কৰে; [QE][QS]তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল; [QE][QS]তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল; [QE][QS]প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে। [QE]
4. [QS]মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, [QE][QS]এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ। [QE]
5. [QS]যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু [QE][QS]ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল, [QE][QS]তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ[* যিচুৰণৰ অর্থাৎ ইস্রায়েলৰ ] ৰজা। [QE]
6. {#1বাৰ ফৈদৰ প্রতি আশীর্বাদ } [QS]ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক। [QE]
7. [QS]যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, [QE][QS]“হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, [QE][QS]তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, [QE][QS]তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; [QE][QS]তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।” [QE]
8. [QS]লেবীৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]“লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম[† যাত্রা 28:30 ] আছে; [QE][QS]মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, [QE][QS]মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা, [QE]
9. [QS]যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, [QE][QS]‘মই তেওঁলোকক দেখা নাই।’ [QE][QS]নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, [QE][QS]এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; [QE][QS]তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু [QE][QS]তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে। [QE]
10. [QS]লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, [QE][QS]ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; [QE][QS]তোমাৰ আগত ধূপ জ্বলায়, [QE][QS]যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে। [QE]
11. [QS]হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, [QE][QS]তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; [QE][QS]তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া;। [QE][QS]তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।” [QE]
12. [QS]বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]“যিহোৱাই যাক প্রেম কৰে, [QE][QS]বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; [QE][QS]যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, [QE][QS]আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।” [QE]
13. [QS]যোচেফৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]“আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, [QE][QS]তলত ব্যাপি থকা সাগৰেৰে, [QE][QS]যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক। [QE]
14. [QS]সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, [QE][QS]মাহবোৰৰ উত্তম শস্যৰে, [QE]
15. [QS]পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে, [QE][QS]চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে, [QE]
16. [QS]পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, [QE][QS]আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - [QE][QS]যোচেফৰ মূৰত, [QE][QS]যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, [QE][QS]তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক। [QE]
17. [QS]যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, [QE][QS]তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; [QE][QS]তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, [QE][QS]এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; [QE][QS]এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব। [QE]
18. [QS]জবূলূনৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা, [QE][QS]আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা। [QE]
19. [QS]লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; [QE][QS]সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; [QE][QS]তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।” [QE]
20. [QS]গাদৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]“যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য; [QE][QS]গাদে সিংহৰ দৰে বাস কৰে, [QE][QS]তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে। [QE]
21. [QS]তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, [QE][QS]কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; [QE][QS]তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। [QE][QS]তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু [QE][QS]ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে। [QE]
22. [QS]দানৰ বিষয়ে মোচিয়ে ক’লে, [QE][QS]“দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।” [QE]
23. [QS]নপ্তালীৰ বিষয়ে মোচিয়ে কলে, [QE][QS]“হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু [QE][QS]যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ; [QE][QS]পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।” [QE]
24. [QS]আচেৰৰ বিষয়ে মোচিয়ে কলে, [QE][QS]“আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক; [QE][QS]তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়, [QE][QS]তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে। [QE]
25. [QS]তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; [QE][QS]যিমানদিন তোমাৰ আয়ুস থাকিব, [QE][QS]সিমানদিন তোমাৰ শক্তি থাকিব।” [QE]
26. [QS]মোচিয়ে ক’লে, [QE][QS]“হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; [QE][QS]তোমালোকৰ সহায়ৰ কাৰণে তেওঁ [QE][QS]নিজ গৌৰৱেৰে মেঘৰথত উঠি [QE][QS]আকাশ পথত অহা যোৱা কৰে। [QE]
27. [QS]যিজন অনাদিকালৰ ঈশ্বৰ [QE][QS]তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, [QE][QS]অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; [QE][QS]তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, [QE][QS]তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’ [QE]
28. [QS]ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; [QE][QS]যাকোবৰ ভুমুক শস্য আৰু [QE][QS]নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; [QE][QS]তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক। [QE]
29. [QS]হে ইস্ৰায়েল, তুমি ধন্য; [QE][QS]যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, [QE][QS]তোমালোকৰ সদৃশ কোন আছে? [QE][QS]তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, [QE][QS]তোমালোকৰ গৌৰৱৰ তৰোৱাল; [QE][QS]শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; [QE][QS]তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।” [QE]