Assamese Bible Languages

Indian Language Bible Word Collections
1. [QS]যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। [QE][QS]তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; [QE][QS]পৃথিৱী কঁপি উঠক। [QE]
2. [QS]চিয়োনত যিহোৱা মহান; [QE][QS]সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। [QE]
3. [QS]জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; [QE][QS]তেওঁ পবিত্ৰ। [QE]
4. [QS]শক্তিশালী ৰজাই ন্যায় ভাল পায়[* যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়। ]; [QE][QS]তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; [QE][QS]তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা। [QE]
5. [QS]আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, [QE][QS]তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; [QE][QS]তেওঁ পবিত্ৰ। [QE]
6. [QS]তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, [QE][QS]আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে [QE][QS]প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল। [QE]
7. [QS]তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; [QE][QS]তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল। [QE]
8. [QS]হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; [QE][QS]তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, [QE][QS]তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা। [QE]
9. [QS]তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, [QE][QS]তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: [QE][QS]কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ। [QE]
Total 150 Chapters, Selected Chapter 99 / 150
1 যিহোৱাই ৰজা; জাতি সমূহ কম্পিত হওঁক। তেওঁ কৰূবৰ ওপৰত সিংহাসনত বহি আছে; পৃথিৱী কঁপি উঠক। 2 চিয়োনত যিহোৱা মহান; সমুদায় জাতিৰ উর্দ্ধত তেওঁক উন্নীত কৰা হ’ল। 3 জাতিবোৰে তেওঁৰ মহৎ আৰু ভয়াবহ নামৰ প্ৰশংসা কৰক; তেওঁ পবিত্ৰ। 4 শক্তিশালী ৰজাই ন্যায় ভাল পায়[* যদি ৰজা শক্তিশালী হয়, তেনেহলে তেওঁ ন্যায় ভাল পায়। ]; তুমিয়েই ন্যায়বিচাৰ স্থাপন কৰিলা; তুমিয়েই যাকোবৰ বংশৰ মাজত ন্যায় বিচাৰ আৰু ধাৰ্মিকতা সাধন কৰিলা। 5 আমাৰ ঈশ্বৰ যিহোৱাৰ উচ্চ প্রশংসা কীৰ্ত্তন কৰা, তেওঁৰ ভৰিপীৰা সন্মুখত প্ৰণিপাত কৰা; তেওঁ পবিত্ৰ। 6 তেওঁৰ পুৰোহিতসকলৰ মাজৰ মোচি আৰু হাৰোণ, আৰু প্ৰার্থনা কৰা লোকসকলৰ মাজৰ চমূৱেলে প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ উত্তৰ দিছিল। 7 তেওঁ মেঘ স্তম্ভৰ মাজৰ পৰা তেওঁলোকক কথা কৈছিল; তেওঁ দিয়া আজ্ঞা আৰু বিধিবোৰ তেওঁলোকে পালন কৰিছিল। 8 হে আমাৰ ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ প্রার্থনাৰ উত্তৰ দিছিলা; তুমি তেওঁলোকলৈ এজন ক্ষমাৱান ঈশ্বৰ আছিলা, তথাপিও তেওঁলোকৰ ভুল কর্মৰ প্রতিফল দিছিলা। 9 তোমালোকে আমাৰ ঈশ্বৰ যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, তেওঁৰ পবিত্ৰ পৰ্ব্বত অভিমুখে প্ৰণিপাত কৰা: কিয়নো আমাৰ ঈশ্বৰ যিহোৱা পবিত্ৰ।
Total 150 Chapters, Selected Chapter 99 / 150
×

Alert

×

Assamese Letters Keypad References