1. [QS]যিহোৱাই ৰজা; পৃথিৱীয়ে আনন্দ কৰক; [QE][QS]দ্বীপ সমূহেও আনন্দ কৰক। [QE]
2. [QS]তেওঁৰ চাৰিওফালে মেঘ আৰু ঘন অন্ধকাৰে ঘেৰি আছে; [QE][QS]ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁৰ সিংহাসনৰ ভিত্তিমূল[* ধাৰ্মিকতা আৰু ন্যায় বিচাৰ তেওঁ শাসন কৰিব ]। [QE]
3. [QS]অগ্নিয়ে তেওঁৰ আগে আগে গমন কৰে; [QE][QS]চাৰিওফালে তেওঁৰ শত্ৰুবোৰক দগ্ধ কৰিছে। [QE]
4. [QS]তেওঁৰ বিজুলীৰ চমকে জগতখন আলোকময় হ’ল; [QE][QS]তাকে দেখি পৃথিৱী কম্পমান হ’ল। [QE]
5. [QS]পর্বতবোৰ মমৰ দৰে গলি গ’ল যিহোৱাৰ সন্মুখত, [QE][QS]সমুদায় পৃথিৱীৰ সন্মুখত। [QE]
6. [QS]আকাশমণ্ডলে তেওঁৰ ধাৰ্মিকতা প্রচাৰ কৰিছে, [QE][QS]সকলো জাতিয়ে তেওঁৰ গৌৰৱ দেখিছে। [QE]
7. [QS]লজ্জিত হওঁক সেইসকল, [QE][QS]যিসকলে মূৰ্ত্তি পূজা কৰে; [QE][QS]যিসকলে অসাৰ প্রতিমাত গর্ব কৰে; [QE][QS]যিহোৱাৰ আগত সকলো দেৱতাই প্ৰণিপাত কৰক। [QE]
8. [QS]হে যিহোৱা, তোমাৰ ন্যায় বিচাৰৰ কাৰণে চিয়োন আনন্দিত হৈছে, [QE][QS]যিহূদাৰ জীয়ৰীসকল উল্লাসিত হৈছে। [QE]
9. [QS]হে যিহোৱা, তুমি সমুদায় পৃথিৱীৰে সৰ্ব্বোপৰি জনা; [QE][QS]সকলো দেৱতাৰ ওপৰত তোমাৰ স্থান। [QE]
10. [QS]যিসকলে দুষ্টতাক ঘিণ কৰে, যিহোৱাই তেওঁলোকক প্ৰেম কৰে[† হে যিহোৱাক আৰাধনা কৰা লোক, দুষ্টতাক ঘৃণা কৰিবা। ]; [QE][QS]তেওঁ নিজৰ ভক্তসকলৰ প্ৰাণ ৰক্ষা কৰে, [QE][QS]দুষ্টসকলৰ হাতৰ পৰা তেওঁলোকক উদ্ধাৰ কৰে। [QE]
11. [QS]ধাৰ্মিকৰ কাৰণে পোহৰ সিঁচি দিয়া হয়; [QE][QS]সৰল অন্তৰৰ লোকৰ কাৰণে আনন্দ দিয়া হয়। [QE]
12. [QS]হে ধাৰ্মিক লোকসকল, [QE][QS]যিহোৱাত আনন্দ কৰা, [QE][QS]তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰা। [QE]