Assamese Bible Languages

Indian Language Bible Word Collections
1. {এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত। } [QS]যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; [QE][QS]হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম; [QE]
2. [QS]ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা [QE][QS]আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম; [QE]
3. [QS]দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, [QE][QS]গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম। [QE]
4. [QS]কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; [QE][QS]মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ। [QE]
5. [QS]হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! [QE][QS]তোমাৰ চিন্তাবোৰ কেনে গভীৰ! [QE]
6. [QS]নির্বোধ লোকে নাজানে, [QE][QS]বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়; [QE]
7. [QS]দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, [QE][QS]অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, [QE][QS]তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব। [QE]
8. [QS]কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী। [QE]
9. [QS]কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, [QE][QS]তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; [QE][QS]তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব। [QE]
10. [QS]কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক[* শিং ] তুলি ধৰিলা; [QE][QS]তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল [† আশীর্বাদেৰে আনন্দিত কৰিলা ] ঢালি দিলা। [QE]
11. [QS]মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; [QE][QS]মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ। [QE]
12. [QS]ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; [QE][QS]লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। [QE]
13. [QS]তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; [QE][QS]তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব। [QE]
14. [QS]তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; [QE][QS]তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; [QE]
15. [QS]তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; [QE][QS]তেৱেঁই মোৰ শিলা, [QE][QS]তেওঁত কোনো অধার্মিকতা নাই। [QE]
Total 150 Chapters, Selected Chapter 92 / 150
1 {এটি গীত। বিশ্ৰামবাৰৰ অৰ্থে সঙ্গীত। } যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম; 2 ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম; 3 দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম। 4 কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ। 5 হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ! 6 নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়; 7 দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব। 8 কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী। 9 কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব। 10 কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক* শিং তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল আশীর্বাদেৰে আনন্দিত কৰিলা ঢালি দিলা। 11 মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ। 12 ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব। 13 তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব। 14 তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব; 15 তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।
Total 150 Chapters, Selected Chapter 92 / 150
×

Alert

×

Assamese Letters Keypad References