1. [QS]যি মানুহ সৰ্ব্বোপৰি জনাৰ আশ্রয়ত থাকে, [QE][QS]যি মানুহ সৰ্ব্বশক্তিমানৰ ছাঁত বসতি কৰে [QE]
2. [QS]তেওঁ যিহোৱাৰ বিষয়ে এই কথা ক’ব, “তেৱেঁই মোৰ আশ্ৰয় আৰু মোৰ দুর্গ; [QE][QS]তেৱেঁই মোৰ ঈশ্বৰ, যি জনাৰ ওপৰত মই ভাৰসা কৰোঁ।” [QE]
3. [QS]তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা [QE][QS]আৰু সর্বনাশী মহামাৰীৰ পৰা ৰক্ষা কৰিব। [QE]
4. [QS]তেওঁ নিজৰ ডেউকাৰে তোমাক আবৰি ৰাখিব, [QE][QS]তেওঁৰ ডেউকাৰ তলত তুমি আশ্রয় পাবা; [QE][QS]ঈশ্বৰৰ বিশ্বাসযোগ্যতা তোমাৰ ঢাল আৰু সুৰক্ষা হ’ব। [QE]
5. [QS]তুমি ৰাতিৰ আতঙ্কলৈ; [QE][QS]আৰু দিনত উড়ি অহা কাঁড়লৈ ভয় নকৰিবা। [QE]
6. [QS]অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ [QE][QS]নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা। [QE]
7. [QS]হয়তো তোমাৰ ওচৰে-পাজৰে ধ্বংস হ’ব হাজাৰ হাজাৰ লোক, [QE][QS]আৰু তোমাৰ সোঁফালে অযুত অযুত; [QE][QS]কিন্তু সেয়ে তোমাৰ কাষলৈ নাহিব। [QE]
8. [QS]তুমি কেৱল নিজ চকুৰে দেখা পাবা; [QE][QS]দুষ্টবোৰে কেনে প্ৰতিফল পায়, তুমি তাক দেখা পাবা। [QE]
9. [QS]‘হে প্ৰভু, হয়, তুমিয়েই মোৰ আশ্ৰয়!’[* কিয়নো তুমি যিহোৱাক তোমাৰ আশ্ৰয় কৰিলা। ] [QE][QS]তুমি সৰ্ব্বোপৰি জনাক তোমাৰ আশ্রয়স্থান কৰিলা। [QE]
10. [QS]সেয়ে তোমালৈ কোনো বিপদ নঘটিব; [QE][QS]আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো দুখ-কষ্ট নাহিব। [QE]
11. [QS]কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ, [QE][QS]তেওঁ নিজৰ দূতবোৰক তোমাৰ বিষয়ে আজ্ঞা দিব। [QE]
12. [QS]তেওঁলোকে হাতেৰে তোমাক দাঙি ধৰিব, [QE][QS]যেন তোমাৰ ভৰিয়ে শিলত খুন্দা খাই আঘাত নাপায় [QE]
13. [QS]তুমি সিংহ আৰু সাপৰ ওপৰত ভৰি দিবা। [QE][QS]তুমি যুবা-সিংহ আৰু নাগক ভৰিৰে গচকিবা। [QE]
14. [QS]কিয়নো তেওঁ মোক প্রেম কৰে, সেয়ে মই তেওঁক উদ্ধাৰ কৰিম; [QE][QS]মই তেওঁক ৰক্ষা কৰিম, কাৰণ তেওঁ মোৰ নাম জানে। [QE]
15. [QS]তেওঁ মোক মাতিব, তাতে মই তেওঁক উত্তৰ দিম; [QE][QS]সঙ্কটৰ কালত মই তেওঁৰ সঙ্গী হ’ম; [QE][QS]মই তেওঁক উদ্ধাৰ কৰিম, গৌৰৱাম্বিতও কৰিম। [QE]
16. [QS]মই দীৰ্ঘ আয়ুস দি তেওঁক সন্তুষ্ট কৰিম; [QE][QS]মোৰ পৰিত্ৰাণ তেওঁক দেখুৱাম। [QE]