1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গাবলগীয়া আচফৰ ৰচিত গীত। } [QS]আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; [QE][QS]যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা। [QE]
2. [QS]গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; [QE][QS]নেবলেৰে সৈতে মধুৰ বীণা বজোৱা। [QE]
3. [QS]ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা। [QE]
4. [QS]কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা। [QE]
5. [QS]যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, [QE][QS]তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। [QE][QS]মই আগেয়ে নজনা এনে এটি মাত শুনিলো: [QE]
6. [QS]“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; [QE][QS]পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল। [QE]
7. [QS]তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; [QE][QS]মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; [QE][QS]মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা) [QE]
8. [QS]হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, [QE][QS]হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়! [QE]
9. [QS]তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; [QE][QS]কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা। [QE]
10. [QS]ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; [QE][QS]ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; [QE][QS]তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম। [QE]
11. [QS]কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; [QE][QS]ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে। [QE]
12. [QS]সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, [QE][QS]যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে। [QE]
13. [QS]হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, [QE][QS]হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়! [QE]
14. [QS]তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, [QE][QS]তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়! [QE]
15. [QS]যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; [QE][QS]তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব। [QE]
16. [QS]কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; [QE][QS]মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।” [QE]