Assamese Bible Languages

Indian Language Bible Word Collections
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } [QS]হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! [QE][QS]তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা। [QE]
2. [QS]শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে [QE][QS]তোমাৰ শত্রুবোৰৰ কাৰণে [QE][QS]তুমি এক কোঁঠ স্থাপন কৰিলা, [QE][QS]যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা। [QE]
3. [QS]যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু [QE][QS]তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ, [QE]
4. [QS]তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? [QE][QS]মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা? [QE]
5. [QS]কিয়নো তুমি তেওঁলোকক তোমাতকৈ[* স্বর্গদূতসকলতকৈ ] অলপহে সৰু কৰি স্রজন কৰিলা [† ইব্রী 2:7 ], [QE][QS]গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা। [QE]
6. [QS]তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; [QE][QS]সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা[‡ ইব্রী 2:9 ]; সেইবোৰ - [QE]
7. [QS]মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক, [QE]
8. [QS]আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ [QE][QS]আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী। [QE]
9. [QS]হে যিহোৱা, আমাৰ প্ৰভু, [QE][QS]গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! [QE]
Total 150 Chapters, Selected Chapter 8 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: গিত্তীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা। 2 শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা। 3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ, 4 তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা? 5 কিয়নো তুমি তেওঁলোকক তোমাতকৈ* স্বর্গদূতসকলতকৈ অলপহে সৰু কৰি স্রজন কৰিলা † ইব্রী 2:7 , গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা। 6 তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা ইব্রী 2:9 ; সেইবোৰ - 7 মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক, 8 আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী। 9 হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
Total 150 Chapters, Selected Chapter 8 / 150
×

Alert

×

Assamese Letters Keypad References