1. {#1মচকীল নামে আচফৰ ৰচিত গীত } [QS]হে মোৰ লোকসকল তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া; [QE][QS]মোৰ মুখৰ কথালৈ কাণ পাতা। [QE]
2. [QS]মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম; [QE][QS]মই পূৰ্বকালৰ নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰিম। [QE]
3. [QS]এই যি যি কথা আমি শুনিলো আৰু জানিলোঁ, [QE][PIS]আমাৰ পূর্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বর্ণনা কৰি গৈছে। [PIE]
4. [QS]তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; [QE][QS]আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; [QE][QS]তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম। [QE]
5. [QS]কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, [QE][QS]ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; [QE][QS]তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে। [QE]
6. [QS]যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, [QE][QS]তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে। [QE]
7. [QS]তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, [QE][QS]তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, [QE][QS]কিন্তু তেওঁৰ আজ্ঞাবোৰ পালন কৰিব। [QE]
8. [QS]তাতে তেওঁলোক নিজ পূর্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ’ব; [QE][QS]সেই পূর্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্রতি স্থিৰ নাছিল আৰু মনো সমর্পিত আৰু বিশ্বস্ত নাছিল। [QE]
[QS]9. ইফ্ৰয়িমৰ বংশৰ সন্তান সকল যদিও ধনুৰ্দ্ধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুঁহুকি আহিছিল। [QE]
10. [QS]তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, [QE][QS]তেওঁৰ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে। [QE]
[QS]11. তেওঁ যি যি কার্য কৰিছিল, তাক তেওঁলোকে পাহৰি গ’ল। [QE][QS]তেওঁলোকৰ আগত দেখুউৱা তেওঁৰ আচৰিত কর্মবোৰ তেওঁলোকে পাহৰি গ’ল। [QE]
12. [QS]ইস্রায়েলীয়াসকলৰ পূর্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কর্মবোৰ কৰিছিল; [QE][QS]মিচৰ দেশত আৰু চোৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল। [QE]
13. [QS]তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে, [QE][QS]তেওঁ জল সমূহক দম কৰাৰ দৰে থিয় কৰিলে। [QE]
[QS]14. দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁ তেওঁলোকক পথ দেখুৱালে। [QE]
[QS]15. মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁ তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে। [QE]
16. [QS]তেওঁ শিলৰ পৰা পানীৰ সোঁত বাহিৰ কৰি আনিলে, [QE][QS]সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে। [QE]
17. [QS]কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল, [QE][QS]সৰ্ব্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্রোহ আচৰণ কৰিলে। [QE]
18. [QS]তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি, [QE][QS]তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে। [QE]
19. [QS]তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক’লে, [QE][QS]“ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেজ সজাব পাৰে? [QE]
20. [QS]তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল; [QE][QS]সেই বুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে? [QE][QS]তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে?” [QE]
21. [QS]এই কথা শুনি যিহোৱাৰ খং জ্বলি উঠিল; [QE][QS]যাকোবৰ বিৰুদ্ধে তেওঁৰ অন্তৰৰ জুই জ্বলি উঠিল; [QE][QS]ইস্ৰায়েলৰ বিৰুদ্ধে তেওঁৰ ক্রোধ জাগি উঠিল; [QE]
22. [QS]কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল; [QE][QS]তেওঁত যে পৰিত্ৰাণ আছে, সেই কথাত তেওঁলোকে নিৰ্ভৰ নকৰিলে। [QE]
[QS]23. তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে। [QE]
24. [QS]লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে, [QE][QS]স্বৰ্গৰ শস্য তেওঁলোকক দিলে। [QE]
25. [QS]মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে; [QE][QS]তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্রচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে। [QE]
26. [QS]তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে; [QE][QS]তেওঁ নিজৰ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে। [QE]
27. [QS]তেওঁ ধুলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে, [QE][QS]সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাইৰ বৰষুণ বৰষালে; [QE]
28. [QS]তেওঁলোকৰ ছাউনিৰ মাজত, তেওঁলোকৰ নিবাসৰ চাৰিওফালে [QE][QS]তেওঁ সেইবোৰক পৰিবলৈ দিলে। [QE]
29. [QS]তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ’ল; [QE][QS]তেওঁলোকে যি বিচাৰিছিল, তেওঁ তেওঁলোকক তাকে দিলে। [QE]
30. [QS]কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱা শেষ নহওঁতেই, [QE][QS]এনেকি, তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই [QE]
31. [QS]ঈশ্বৰৰ ক্রোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল; [QE][QS]তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, [QE][QS]ইস্ৰায়েলৰ ডেকাসকলক তেওঁ মাৰি পেলালে। [QE]
32. [QS]তথাপিও তেওঁলোকে পাপ কৰিয়েই থাকিল, [QE][QS]তেওঁৰ আচৰিত কৰ্মত বিশ্বাস নকৰিলে। [QE]
33. [QS]সেইবাবে তেওঁ তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে ছুটি কৰিলে, [QE][QS]তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূর্ণ কৰিলে। [QE]
34. [QS]তেওঁ তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে; [QE][QS]তেওঁলোকে মন পালটালে আৰু আগ্রহেৰে সৈতে তেওঁক বিচাৰিলে। [QE]
35. [QS]তেওঁলোকে সোঁৱৰণ কৰিলে যে, ঈশ্বৰ তেওঁলোকৰ শিলা, [QE][QS]সৰ্ব্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা। [QE]
36. [QS]কিন্তু তেওঁলোকে মুখৰ ছলনাৰে ভালৰি বোলালে, [QE][QS]জিভাৰে তেওঁৰ আগত মিছা কথা ক’লে, [QE]
37. [QS]তেওঁলোকৰ অন্তৰ তেওঁৰ প্রতি স্থিৰ নাছিল, [QE][QS]তেওঁৰ ব্যৱস্থাৰ প্রতি তেওঁলোক বিশ্বাসী নাছিল। [QE]
38. [QS]তথাপিও তেওঁ দয়াৰে পৰিপূর্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, [QE][QS]তেওঁলোকক ধ্বংস নকৰিলে; [QE][QS]এনে কি তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূর্ণ ক্ৰোধ জাগি নুঠিল। [QE]
39. [QS]তেওঁলোক যে মনুষ্য মাথোন তাক তেওঁ সোঁৱৰণ কৰিলে; [QE][QS]তেওঁলোক বৈ যোৱা বতাহৰ দৰে, যি পুনৰ ঘূৰি নাহে। [QE]
40. [QS]মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্রোহ আচৰণ কৰিলে! [QE][QS]সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে! [QE]
41. [QS]বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, [QE][QS]ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক অসন্তুষ্ট কৰিলে। [QE]
42. [QS]তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, [QE][QS]মনত নাৰাখিলে সেই দিনৰ কথা- [QE][QS]যিদিনা তেওঁ তেওঁলোকক শত্রুৰ হাতৰ পৰা মুক্ত কৰিছিল; [QE]
[QS]43. যি দিনা তেওঁ মিচৰ দেশত নানা চিন আৰু চোৱনৰ পথাৰত আচৰিত কর্ম দেখুৱাইছিল। [QE]
44. [QS]সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, [QE][QS]যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে। [QE]
45. [QS]তেওঁলোকৰ মাজলৈ তেওঁ জাকে জাকে ডাঁহ পঠাইছিল, [QE][QS]সেইবোৰে তেওঁলোকক গ্রাস কৰিলে; [QE][QS]তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সর্বনাশ কৰিলে। [QE]
[QS]46. তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে। [QE]
47. [QS]তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে, [QE][QS]আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে। [QE]
48. [QS]তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, [QE][QS]বজ্রপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শোধাই দিলে। [QE]
49. [QS]তেওঁ তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্রোধ, উন্মত্ততা আৰু দুখ-কষ্ট পঠাই দিলে; [QE][QS]সেইবোৰ হ’ল ধ্বংসৰ কার্যত নিযুক্ত দূতৰ দল। [QE]
50. [QS]তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে; [QE][QS]তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, [QE][QS]কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শোধাই দিলে। [QE]
51. [QS]তেওঁ মিচৰ দেশৰ প্রত্যেকজন প্রথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে, [QE][QS]হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্রত্যেকজন প্রথম ফলক আঘাত কৰিলে। [QE]
[QS]52. তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ-ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ-ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে। [QE]
53. [QS]তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; [QE][QS]কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে। [QE]
54. [QS]তেওঁ তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে; [QE][QS]যি দেশ তেওঁৰ সোহাঁতে অধিকাৰ কৰিলে, সেই পর্বতীয়া দেশলৈ তেওঁ তেওঁলোকক লৈ আনিলে। [QE]
55. [QS]তেওঁ তেওঁলোকৰ সন্মূখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে; [QE][QS]সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁ তেওঁলোকক আধিপত্য ভাগ-বাঁটি দিলে; [QE][QS]আৰু ইস্ৰায়েলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে। [QE]
56. [QS]কিন্তু তথাপিও তেওঁলোকে সৰ্ব্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে; [QE][QS]তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে। [QE]
57. [QS]তেওঁলোকৰ পূর্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আতৰি গৈ বিশ্বাস-ঘাতকতা কৰিলে; [QE][QS]ত্রুটিপূর্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ’ল। [QE]
58. [QS]তেওঁলোকে ওখ ঠাইৰ মঠবোৰৰ দ্বাৰাই তেওঁক ক্রোধিত কৰিলে; [QE][QS]তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে। [QE]
59. [QS]এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; [QE][QS]তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে। [QE]
[QS]60. চীলো নগৰত তেওঁৰ যি আবাস-তম্বু আছিল তাক তেওঁ ত্যাগ কৰিলে; মনুষ্যৰ মাজত তেওঁ যি তম্বু[* নিবাসস্থান ] স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে। [QE]
[QS]61. নিজৰ সামর্থ্যক তেওঁ বন্দী-অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্রুৰ হাতত শোধাই দিলে। [QE]
62. [QS]তেওঁৰ লোকসকলক তেওঁ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে; [QE][QS]আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰোধ প্রকাশ কৰিলে। [QE]
63. [QS]তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে; [QE][QS]তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহল[† তেওঁলোকৰ ছোৱালীবোৰৰ কাৰণে বিবাহৰ গীত গোৱা নহ’ল। ]। [QE]
64. [QS]তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ’ল, [QE][QS]তেওঁলোকৰ বিধৱাসকলে শোক প্রকাশ কৰিব নোৱাৰিলে। [QE]
65. [QS]তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ’ল; [QE][QS]দ্ৰাক্ষাৰস পান কৰি চিঞৰ-বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল। [QE]
66. [QS]তেওঁৰ শত্রুবোৰক তেওঁ পিছলৈ আঁতৰাই দিলে; [QE][QS]তেওঁ তেওঁলোকক চিৰকলীয়া অপমানত পেলালে। [QE]
67. [QS]পাছত তেওঁ যোচেফৰ বংশক[‡ তম্বুক ] অগ্ৰাহ্য কৰিলে; [QE][QS]ইফ্ৰয়িম ফৈদক তেওঁ মনোনীত নকৰিলে; [QE]
68. [QS]কিন্তু তেওঁ যিহূদা ফৈদক মনোনীত কৰিলে, [QE][QS]সেই চিয়োন পর্বত, যাক তেওঁ ভাল পালে। [QE]
69. [QS]তাত তেওঁৰ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নির্মাণ কৰিলে, [QE][QS]তেওঁ পৃথিবীৰ নিচিনাকৈ অনন্ত কাললৈকে তাক স্থাপন কৰিলে। [QE]
70. [QS]তেওঁ নিজ দাস দায়ুদক মনোনীত কৰিলে, [QE][QS]তেওঁ তেওঁক মেৰ-ছাগৰ গঁৰালৰ পৰা আনিলে। [QE]
71. [QS]গাখীৰ দিয়া মেৰ-ছাগৰ জাক প্রতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, [QE][QS]যাতে তেওঁ যিহোৱাৰ লোকসকলক অর্থাৎ যাকোবৰ বংশক, [QE][QS]যি সকল তেওঁৰ আধিপত্য সেই ইস্ৰায়েল জাতিক চৰাব পাৰে। [QE]
72. [QS]দায়ুদে তেওঁৰ অন্তৰৰ সততাৰে তেওঁলোকক লালন-পালন কৰিলে; [QE][QS]তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে। [QE]